নতুন বছৰৰ আনন্দ উদযাপনৰ পৰা বাবু আঁচনি ঘোষণালৈ, থোৰতে চাওক আজি দিনটোৰ চৰ্চিত খবৰসমূহ
অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ৩০০০ টকাৰ উপহাৰসহ মুঠ ৮০০০ টকা প্ৰদান আৰু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে 'বাবু' আঁচনিৰ জৰিয়তে মাহিলি ১০০০-২০০০ টকাৰ জলপানী উল্লেখনীয়। জুবিন গাৰ্গৰ ন্যায় যুদ্ধৰ বাবেও চৰকাৰে বিশেষ অধিবক্তা নিযুক্তি দিব।

দিনটোৰ শীৰ্ষ খবৰসমূহ
আজি নতুন বৰ্ষ ২০২৬ৰ প্ৰথমটো দিন, অৰ্থাৎ পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ইয়াৰ ভিতৰত অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ৩০০০ টকাৰ উপহাৰসহ মুঠ ৮০০০ টকা প্ৰদান আৰু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ‘বাবু’ আঁচনিৰ জৰিয়তে মাহিলি ১০০০-২০০০ টকাৰ জলপানী উল্লেখনীয়। জুবিন গাৰ্গৰ ন্যায় যুদ্ধৰ বাবেও চৰকাৰে বিশেষ অধিবক্তা নিযুক্তি দিব।
আনহাতে, গুৱাহাটী-হাওৰাৰ মাজত দেশৰ প্ৰথমখন ‘বন্দে ভাৰত শ্লীপাৰ ৰে’ল’ চলিব বুলি কেন্দ্ৰই জনাইছে। ইয়াৰ বিপৰীতে বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতন আৰু ছুইজাৰলেণ্ডৰ আল্পছত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই শোকৰ ছাঁ পেলাইছে। ৰাজনৈতিক ক্ষেত্ৰত ৰাহুল গান্ধীক ভগৱান ৰামৰ সৈতে কৰা তুলনাই বিতৰ্কৰ সৃষ্টি কৰিছে। চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ-
- আজি পহিলা জানুৱাৰী। সকলোৱে হাঁহি-আনন্দৰ মাজেৰে আদৰিছে ইংৰাজী নৱবৰ্ষক। নতুন বছৰৰ পহিলা দিনটোত মঠ-মন্দিৰ সমুহতো দেখা গৈছে ভক্তৰ ব্যাপক ভিৰ। বছৰটো যাতে সকলোৰে বাবে ভাল হয়, আনন্দময় হয় সেই উদ্দেশ্যেৰে নেদেখাজনৰ আশিস লৈছে সকলোৱে।
- নৱবৰ্ষৰ পহিলা দিনটোতে আজি ৰাজ্যৰ সাংবাদিক আৰু বিশিষ্ট ব্যক্তিৰ সৈতে এক সৌহাৰ্দপূৰ্ণ আলাপত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই আলাপৰ মাজতে কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোকপাত কৰে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ন্যায় যুদ্ধৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰিছে ডঃ শৰ্মাই। লগতে বিশেষ আদালতত এই গোচৰৰ ন্যায় প্ৰক্ৰিয়া চলাই নিয়াৰো আহ্বান জনাব অসম চৰকাৰে।
- ইংৰাজী নতুন বছৰৰ পহিলা দিনটোতে ৰাজ্য়ৰ মহিলাসকলৰ বাবে এক ভাল খবৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮০০০ কৈ টকা। ইয়াৰে ৩ হাজাৰ টকা বিশেষ উপহাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ চাৰিমাহৰ ধন একেলগে প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ। ৰাজ্যৰ ৩৭ লাখৰো অধিক মহিলাই লাভ কৰিব এই ধন।
- নতুন বছৰত অসমৰ ছাত্ৰসমাজৰ বাবে নতুন আঁচনি মুকলি অসম চৰকাৰৰ। বাবু নামেৰে নামকৰণ কৰা এই আঁচনিৰ অধীনত ৰাজ্যৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰই মাহে ২০০০ টকাকৈ আৰু স্নাতক মহলাৰ ছাত্ৰই মাহে ১০০০ টকাকৈ লাভ কৰিব। এই আঁচনিৰ সুবিধা পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ কম হ’ব লাগিব। ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই আঁচনি।
- খিলঞ্জীয়াৰ পৰিচয় আৰু উন্নয়ন মূল লক্ষ্য হ’ব আগন্তুক নিৰ্বাচনত। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত নহ’লে প্ৰকৃত উন্নয়ন সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে। অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। নৱবৰ্ষৰ সংকল্প হিচাপে ৰাজ্যত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰক শাসনলৈ অনাৰ লক্ষ্য লৈছে হিমন্ত বিশ্ব শৰ্মাই।
- বছৰৰ আৰম্ভণিতে আহিছে এটা ভাল খবৰ। অচিৰেই গুৱাহাটী আৰু হাওৰাৰ মাজত চলাচল কৰিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি সোনকালে এই ৰে’লখনৰ ফ্লেগ অফ কৰিব। সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত এই ৰে’লখনত মুঠ ১৬টা ডবা থাকিব। য’ত ১১টা এচি ৩-টায়াৰ, ৪টা এচি ২-টায়াৰ, আৰু ১টা এচি ফাৰ্ষ্ট ক্লাছ ডবা থাকিব। প্ৰতিখন ৰে’লত মুঠ ৮২৩ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।
- ৰাহুল গান্ধীক ভগৱান ৰামৰ সৈতে তুলনা কৰাক লৈ তীব্ৰ বিতৰ্ক। ৰাহুল গান্ধীয়ে শ্ৰী ৰামৰ দৰেই কাম কৰা বুলি মন্তব্য কৰিছিল কংগ্ৰেছ নেতা নানা পাটোলেই। ভগৱান ৰাম আৰু ৰাহুল গান্ধী দুয়োৰে নাম ‘ৰ’ আখৰেৰে আৰম্ভ হোৱাটো এক ‘সংযোগ’ বুলি অভিহিত কৰিছিল নেতাগৰাকীয়ে। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা চি আৰ কেশৱনে কোটি কোটি ৰামভক্তৰ আবেগক উপলুঙা কৰা বুলি মন্তব্য কৰে।
- হিংসাজৰ্জৰ বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত আক্ৰমণ। শ্বৰিয়তপুৰৰ তিলোইত খোকন দাস নামৰ এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ একাংশৰ। আহত যুৱকজনক জীৱন্তে জ্বলাই দিয়াৰো চেষ্টা চলাই দুৰ্বৃত্তই। উল্লেখ্য বিগত মাহত তিনিজনকৈ হিন্দু লোকক হত্যা কৰা হৈছে বাংলাদেশত। সংখ্যালঘুৰ ওপৰত চলা এনে হিংসাক কঠোৰ ভাষাৰে গৰিহণা দি আহিছে ভাৰতে।
- নৱবৰ্ষৰ আনন্দ উদযাপনৰ সময়তে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ছুইজাৰলেণ্ড আৰক্ষীয়ে জনোৱা মতে, ছুইছ আল্পছৰ এখন বাৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত “কেইবা দহজন লোক”ৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১০০ জন লোক আহত হৈছে। এতিয়াও অৱশ্যে হতাহতৰ সঠিক হিচাপ পোহৰলৈ অহা নাই। অঞ্চলটোৰ সমীপত থকা হাস্পতালত ভৰ্তি কৰোৱা হয় আহতসকলক।