কোকৰাঝাৰ কাণ্ডৰ পৰা শিখা শৰ্মাৰ আদালতৰ শুনানিলৈ, চাওক দিনটোৰ চৰ্চিত খবৰসমূহ
আজি আদালতত হাজিৰ কৰোৱা হয় বিতৰ্কিত শিখা শৰ্মাক। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে-পোনে শিখা শর্মাক লৈ যোৱা হ’ল CJM আদালতলৈ। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নোপোৱাৰ অভিযোগ শিখা শৰ্মাৰ।

দিনটোৰ চৰ্চিত খবৰসমূহ
বিগত দুদিন ধৰি উত্তপ্ত হৈ থকা কোকৰাঝাৰত বৰ্তমান সেনাৰ তহলৰ মাজত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদিও প্ৰায় ১২০০ লোকে এতিয়াও আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিছে। ইফালে, এছ আৰ (SR) প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি বঙাইগাঁও আৰু বিলাসীপাৰাত ক্ৰমে আমছু (AMSU) আৰু যুৱ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, জুবিন গাৰ্গক লৈ কৰা আপত্তিজনক মন্তব্যৰ গোচৰত বিতৰ্কিত শিখা শৰ্মাক আজি পুনৰ আদালতত হাজিৰ কৰোৱা হয়। চাওক দিনটোৰ আন কেতবোৰ খবৰ…
- দুজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰা কোকৰাঝাৰত সম্প্ৰতি নিয়ন্ত্ৰণাধীন পৰিস্থিতি। যোৱা নিশাৰে পৰা স্পৰ্শকাতৰ অঞ্চলত তহল দিছে ভাৰতীয় সেনাই। গৃহহাৰা হোৱা লোকৰ বাবে স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ। বৰ্তমান কমেও ১২০০ লোকে আশ্ৰয় গ্ৰহণ কৰিছে এই শিবিৰত।
- এছ আৰ (SR) প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি আজি বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৱে। SRৰ জৰিয়তে সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ সংগঠনটোৰ। সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি বন্ধ নকৰিলে ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ কৰাৰ ভাবুকি আমছুৰ সভাপতি ইমতিয়াজ হুছেইনৰ।
- আজি আদালতত হাজিৰ কৰোৱা হয় বিতৰ্কিত শিখা শৰ্মাক। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে-পোনে শিখা শর্মাক লৈ যোৱা হ’ল CJM আদালতলৈ। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নোপোৱাৰ অভিযোগ শিখা শৰ্মাৰ। জুবিন গাৰ্গ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।
- এছ আৰ প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি আজি বিলাসীপাৰাত প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে। বিজেপি চৰকাৰে অচিনাকি ব্যাক্তিৰ দ্বাৰা ৭নং প্ৰ-পত্ৰ পূৰণ কৰি সংখ্যালঘু ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানত উত্তাল বিলাসীপাৰা সমজিলা কাৰ্যালয়।
- মুকালমুৱাৰ কাপলাবাড়ীত চাঞ্চল্যকৰ ঘটনা। যোৱা নিশা এজন বন্ধুৱে ডিঙি কাটি প্ৰাণ লোৱাৰ চেষ্টা কৰে আন এজন বন্ধুৰ। হুছেইন আলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ফেদ্দুছ আলী নামৰ যুৱকজন। ততাতৈয়াকৈ তেওঁ মুকালমুৱা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
- পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পিজিআৰ ভূমিত অৱস্থিত চৰকাৰী কাৰ্যালয় স্থানান্তৰৰ নিৰ্দেশ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ভূমি ৰাজহ বিভাগে জাৰি কৰিছে এই নিৰ্দেশ। খেৰণিৰ পিজিআৰ ভূমিত অৱস্থিত আৰক্ষী চকী, বিদ্যুৎ বিভাগৰ কাৰ্যালয়, জনসিঞ্চন বিভাগ, ডাকঘৰ আদি মুঠ ১১ টা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে জাননী।
- কাৰ্বি আংলঙত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। কুঁৱা খান্দিবলৈ গৈ প্ৰাণ হেৰুৱালে তিনিজনকৈ শ্ৰমিকে। দুৰ্গম এলেকাৰ এখন ডিমাছা গাঁৱত কুঁৱা খান্দি থকাৰ সময়তে তিনিওজন শ্ৰমিক আবদ্ধ হৈ পৰে। দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেওঁলোকক।
- সমাগত দেশৰ গণৰাজ্য দিৱস। দেশজুৰি গণৰাজ্য দিৱস উদযাপনৰ বাবে দেখা গৈছে ব্যাপক প্ৰস্তুতি। তাৰ মাজতেই পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। গণৰাজ্য দিৱসত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে সন্ত্ৰাসবাদীয়ে। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি গণৰাজ্য দিৱসৰ পূৰ্বেই দেশৰ গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ। ২৬-২৬ কোড নাম দিয়া হৈছে এই ষড়যন্ত্ৰৰ। দিল্লীৰ পৰা কাশ্মীৰলৈ স্পৰ্শকাতৰ অঞ্চলত হাই এলাৰ্ট জাৰী।
- ভাৰত আৰু নিউজীলেণ্ডৰ মাজত আজি অনুষ্ঠিত হৈছে টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। ইয়াৰ পূৰ্বে তিনিখনীয়া এদিনীয়া শৃংখলাত ২-১ ত জয়লাভ কৰে নিউজীলেণ্ডে।