Morning News: কাৰ্বি আংলঙৰ উত্তপ্ত পৰিস্থিতিৰ পৰা ভাৰত-বাংলাদেশ সম্পৰ্কলৈ, চাওক পুৱাৰ মুখ্য খবৰসমূহ
সোমবাৰে কাৰ্বি আংলঙত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উচ্ছেদ সন্দৰ্ভত চলি থকা প্ৰতিবাদৰ মাজতে সোমবাৰে একাংশ উত্তেজিত লোকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ বাসগৃহত আক্ৰমণ চলায়। ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হয় বিএনএছএছ ১৬৩ ধাৰা।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- সোমবাৰে কাৰ্বি আংলঙত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উচ্ছেদ সন্দৰ্ভত চলি থকা প্ৰতিবাদৰ মাজতে সোমবাৰে একাংশ উত্তেজিত লোকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ বাসগৃহত আক্ৰমণ চলায়। ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হয় বিএনএছএছ ১৬৩ ধাৰা।
- কাৰ্বি আংলঙৰ খেৰনিত সৃষ্টি হোৱা উত্তেজনা পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্চ ন্যায়লয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ উচ্ছেদ কৰিব নোৱাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আন্দোলনৰত লোকসকলৰ লগত আলোচনাৰ আশ্বাস দিছে।
- গুৱাহাটীৰ চান্দমাৰীত বিদ্যুৎপৃষ্ট হৈ এগৰাকী ব্যক্তিৰ মৃত্যু। ৰে’ল লাইনত ৰখাই থোৱা এখন তেলৰ টেঙ্কাৰৰ ওপৰেদি পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে ৰে’ললাইনৰ কাৰেণ্টত লাগি লোকজনৰ মৃত্যু হয়।
- দীৰ্ঘদিনীয়া বাদ-বিবাদ তথা বিতৰ্কৰ পিছত অৱশেষত বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। জলবিদ্যুৎ প্ৰকল্পটোৰ দ্বিতীয়টো ইউনিটত আৰম্ভ হ’ব বিদ্যুৎ উৎপাদন।
- বাংলাদেশত হিন্দু ব্যক্তিৰ হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি ভাৰততো দেখা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমত এই ঘটনাৰ সমৰ্থন কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ৰঙিয়াৰ এজন যুৱকক। BOLLO CHAIWALA নামেৰে ফেচবুক আৰু ইনষ্টাগ্রাম একাউণ্ট যোগে বিতৰ্কিত পোষ্ট কৰিছিল মহম্মদ শ্বেইফ আখটাৰ আলী নামৰ যুৱকজনে।
- ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ আধাৰত শ্ৰীভূমি আৰক্ষীয়ে বি এছ এফৰ সহযোগত অভিযান চলাই এগৰাকী ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ পৰা প্ৰায় ২ কোটি টকা মূল্যৰ ৫০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে।
- সোমবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্বিতীয় শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়ত এই গোচৰৰ ৭ অভিযুক্তক ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ শুনানিৰ পিছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে ন্যায় লাভক লৈ আশা প্ৰকাশ কৰে।
- দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তই ভাৰতীয়ৰ ভিছা আৰু কনছুলাৰ সেৱা বন্ধ কৰি দিছে। ভাৰতে বাংলাদেশত ভিছা সেৱা স্থগিত ৰখাৰ পিছতে প্ৰতিক্ৰিয়া স্বৰূপে বাংলাদেশে এই পদক্ষেপ গ্ৰহণ কৰিছে।