Morning News: মহানগৰীৰ শোকাৱহ দুৰ্ঘটনাৰ পৰা ভাৰতৰ বিজয়লৈ, চাওক পুৱাৰ মুখ্য খবৰসমূহ
মহানগৰীৰ কাহিলীপাৰাত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ১০৮ ৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় লুনা ভৰদ্বাজ নামৰ এগৰাকী যুৱতীয়ে। দুৰ্ঘটনাত আহত হয় যুতীগৰাকীৰ সৈতে বাইকত থকা এজন যুৱক।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- মহানগৰীৰ কাহিলীপাৰাত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ১০৮ ৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় লুনা ভৰদ্বাজ নামৰ এগৰাকী যুৱতীয়ে। দুৰ্ঘটনাত আহত হয় যুতীগৰাকীৰ সৈতে বাইকত থকা এজন যুৱক।
- সৰস্বতী পূজাৰ দিনটোতে মহানগৰীৰ কেইখনমান বিদ্যালয়ত বোমাতংক। বোমাৰ আতংকৰ বাবে খালী কৰি দিয়া হ’ল সংস্কৃতি দা গুৰুকুল বিদ্যালয়৷ অৱশ্যে আৰক্ষীৰ তদন্তত বিদ্যালয়খনত পোৱা নগ’ল কোনো বিস্ফোৰক সামগ্ৰী।
- আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। ২০০৮ চনৰ পৰা দেশত প্ৰতি বছৰে ২৪ জানুৱাৰী দিনটোত এই দিৱস উদযাপন কৰি অহা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় আৰম্ভ কৰা এই দিৱসৰ জৰিয়তে লিংগ সমতা আৰু ‘কন্যা শিশু বচাও’ (Save the Girl Child) বাৰ্তা প্ৰচাৰ কৰা হয়।
- কাষ চাপি আহিছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন। বিৰোধী মিত্ৰজোঁটক লৈ চলি থকা চৰ্চাৰ মাজতে ৰাইজৰ দলে মূল বিৰোধী দল কংগ্ৰেছক মিত্ৰতা সন্দৰ্ভত আলোচনাৰ বাবে ৩১ জানুৱাৰী চৰম সময়সীমা বান্ধি দিছে।
- জোনবিলৰ পাৰত চলি থকা ঐতিহাসিক জোনবিল মেলাৰ আজি অন্তিমটো দিন। এই ঐতিহাসিক পৰম্পৰাৰ সাক্ষী হ’বলৈ বিগত দুটা দিনত ব্যাপক লোকৰ ভিৰ পৰিলক্ষিত হৈছে জোনবিলৰ পাৰত। আজিও তাৰ ব্যতিক্ৰম নহ’ব বুলি আশা কৰা হৈছে।
- গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত। এনে প্ৰস্তুতিৰ মাজতে ভাৰতীয় সেনাই প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ তথ্য। সেনাৰ তথ্য মতে, অপাৰেচন সেন্দূৰৰ পিছত সীমান্তত মুঠ ৮০১ বাৰ পাকিস্তানী ড্ৰোণৰ অনুপ্ৰৱেশৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ ভিতৰত ভাৰতীয় সেনাই ২৩৭ খন ড্ৰোন গুলীয়াই ধ্বংস কৰিছে।
- নিউজিলেণ্ডৰ বিপক্ষে চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচতো জয়লাভ কৰিছে ভাৰতে। কালি অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলে কিৱি বাহিনীক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।
- পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সংঘটিত হৈছে এক আত্মঘাতী বিস্ফোৰণৰ ঘটনা। এখন বিবাহস্থলীত হোৱা এই বিস্ফোৰণত ৫ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে।