GST ২.০ৰ পৰা মহানগৰীৰ শোকাৱহ ঘটনালৈ, চাওক দিনটোৰ চৰ্চিত খবৰ
GST ২.০ৰ জৰিয়তে জীৱন সহজ হৈ পৰিছে। নতুন GST সংস্কাৰৰ সন্দৰ্ভত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ দ্বাৰা দেশৰ মধ্যবিত্ত শ্ৰেণী যথেষ্ট লাভৱান হ’ব আৰু ঘৰুৱা বাজেট উন্নত হ’ব বুলিও তেওঁ উল্লেখ কৰে।

দিনটোৰ প্ৰধান খবৰ
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা GST সংস্কাৰৰ প্ৰসঙ্গই আজি ব্যাপক চৰ্চা লাভ কৰিছে। ইতিপূৰ্বে যোৱা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱালীৰ পূৰ্বে GSTৰ সংস্কাৰৰ ইঙ্গিত দিছিল। কালি GST পৰিষদৰ বৈঠকত বিত্ত মন্ত্ৰালয়ে এই ক্ষেত্ৰত বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে গুৱাহাটীত এক উন্মুক্ত নলাত পৰি এটি শিশুৰ কৰুণ মৃত্যু ঘটাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য সচিবক দিছে কঠোৰ নিৰ্দেশনা। চাওঁ আহক দিনটোৰ আন কেইটামান চৰ্চিত খবৰ-
- GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ। ঔষধ, খাদ্য সামগ্ৰী, বাহনৰ লগতে বহু কেইবিধ সামগ্ৰীত GST হ্ৰাস। তাৰোপৰি GST ৰ স্লেব দুটা পৰ্যায়লৈও হ্ৰাস কৰা হৈছে। এতিয়াৰে পৰা ৫ শতাংশ আৰু ১৮ শতাংশ দুটা স্লেৱ থাকিব GST ৰ। দিপাৱলীৰ পূৰ্বে এয়া জনতালৈ চৰকাৰৰ উপহাৰ বুলি কয় কেন্দ্ৰই।
- গুৱাহাটীৰ পদপথত উন্মুক্ত নলাত পৰি মৃত্যু হৈছে এটি শিশুৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ ক’ত ক’ত উন্মুক্ত নলা আছে সেইসমূহ নিৰীক্ষণৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
- নগাঁও জিলাৰ চামগুৰিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই। নিশা শুই থকা অৱস্থাতে অগ্নিকাণ্ড সংঘটিত হয় ঘৰটোত। ফলত প্ৰাণ হেৰুৱায় মাতৃ-পুত্ৰই। স্থানীয় ৰাইজে এয়া পৰিকল্পিত হত্য়াকাণ্ড বুলি সন্দেহ কৰিছে।
- GST ২.০ৰ জৰিয়তে জীৱন সহজ হৈ পৰিছে। নতুন GST সংস্কাৰৰ সন্দৰ্ভত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ দ্বাৰা দেশৰ মধ্যবিত্ত শ্ৰেণী যথেষ্ট লাভৱান হ’ব আৰু ঘৰুৱা বাজেট উন্নত হ’ব বুলিও তেওঁ উল্লেখ কৰে। জি এছ টিৰ এনে সংস্কাৰ স্বাধীনতাৰ পিছত আটাইতকৈ ডাঙৰ সিদ্ধান্ত বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
- বিজেপি ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক ডাঃ মানচিং ৰংপীয়ে। বৈঠালাংচ’ সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল ডাঃ ৰংপী। ২০২১ চনত তেওঁ টিকটৰ পৰা বঞ্চিত হোৱাৰ পাচত আজি দল ত্যাগ কৰে। বিজেপি দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে।
- বিটিচি নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে বিপিএফ দলে। দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি এক নিৰ্বাচনী সভাত অংশ লয়। এই সভাত তেওঁ বিপিএফ পুনৰ এবাৰ বিটিআৰৰ ক্ষমতালৈ ঘূৰিব বুলি দৃঢ় দাবী কৰে। ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োকো তেওঁ তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়।
- বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সদস্য অগপত্যাগী নেতা সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ পোৱাৰ পাছতেই ৰাজীৱ ভৱনত ভিৰ কৰেহি কমলপুৰৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে। কোনোপধ্যেই সত্যব্ৰত কলিতাক আদৰণি নজনোৱাৰ সিদ্ধান্ত লৈছে তেওঁলোকে।
- কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আজি প্ৰকাশ কৰিছে NIRF ২০২৫। বিগতবাৰৰ দৰে এইবাৰো সামগ্ৰিক শাখাত প্ৰথম স্থানত আছে আই আই টি মাদ্ৰাজ। একে সময়তে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি) বিশ্ববিদ্যালয়ৰ শাখাত শীৰ্ষ স্থানত আছে। এই তালিকাৰ ৩৩ সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়।
- অহা ১৩ ছেপ্টেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বেই চৰকাৰে এক গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। কুকি-জো কাউঞ্চিলে মণিপুৰত বন্ধ কৰি ৰখা ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথক মণিপুৰৰ বাবে জীৱন ৰেখা হিচাপে গণ্য কৰা হয়।