Morning News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়ালৈ..পুৱাৰ খবৰ পঢ়ক

আজি ২৯ জানুৱাৰী ২০২৬, বৃহস্পতিবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়ালৈ..পুৱাৰ খবৰ পঢ়ক

পুৱাৰ খবৰ

Updated On: 

29 Jan 2026 | 07:49 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে সন্ধিয়া অসমত উপস্থিত হৈ নিশাটো ডিব্ৰুগড়ত থাকিব শ্বাহ। ৩০ জানুৱাৰীত তেওঁ নতুন বিধানসভা কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।
  2. নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই ফাঁট মেলিল বিৰোধিত। শেহতীয়াকৈ CPI দলে কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। প্ৰাপ্ত খবৰ অনুসৰি, অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে CPI দলে। ইয়াৰ বাবে ৭টাকৈ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও,ঢকুৱাখনা, ডিমৌ, গৌৰীপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা দলটোৰ।
  3. সদ্য প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ বাসগৃহত উপস্থিত গৌৰৱ গগৈ। কবীন্দ্ৰ পুৰকায়স্থৰ পৰিয়ালক সমবেদনা জ্ঞাপন সাংসদগৰাকীৰ। ইয়াৰ শিলচৰj কাটিগড়াত নিৰ্বাচন সম্পৰ্কীয় কাম-কাজত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ কেইবাজনো কংগ্ৰেছ দলৰ কৰ্মীক সাক্ষাৎ কৰিছিল। পিছত তেওঁ কবীন্দ্ৰ পুৰকায়স্থৰ পৰিয়ালক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰি পুত্ৰ কনদ পুৰকায়স্থৰ সৈতে মত বিনিময় কৰে।
  4. বুধবাৰে নিশা গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মাণ সেতুখন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ফেব্ৰুৱাৰীত এই দলংখন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। লগতে চানমাৰীৰ আৰু ভৰলুৰ উৰণসেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰিও নিৰ্মাণাধীন মহাৰাজ পৃথু উৰণসেতুৰ অগ্ৰগতিৰো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।
  5. মিত্ৰতাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়, ‘কেইখনমান আসনত আমি প্রার্থী নিদিওঁ, অগপক সহায় কৰিম। বাকী অগপই যদি ১২৬টা সমষ্টিটো প্রার্থী দিয়ে, আমাৰ আপত্তি নাই। আগতে অলপ চিন্তা হৈছিল যদিও মিত্রতাক লৈ এতিয়া চিন্তা নাই। অসমৰ ৰাইজে বিজেপিক ভোট দিব।’
  6. আজি পুৱা ১১ বজাত বাৰামাটিত সম্পন্ন কৰা হ’ব অজিত পাৱাৰৰ শেষকৃত্য। ইয়াৰ পূৰ্বে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব অন্তিম যাত্ৰা। অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। বুধবাৰে পুৱা বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়। এই দুৰ্ঘটনাত পাৱাৰৰ নিৰাপত্তাৰক্ষী, দুজন পাইলট আৰু এগৰাকী মহিলা ক্ৰু মেম্বাৰকে ধৰি পাঁচজন লোকৰ মৃত্যু হয়।
  7. কলম্বিয়াত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা। ৰাজধানী বগোটাৰ কৰ্তৃপক্ষই জনোৱা মতে, বুধবাৰে ভেনিজুৱেলাৰ সীমান্তৰ সমীপৰ পাহাৰীয়া অঞ্চলত কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকক লৈ যোৱা এখন টুইন প্ৰপেলাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। নিহত হয় বিমানখনত থকা সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ।
  8. টি-২০ শৃংখলাৰ চতুৰ্থখন মেচত নিউজিলেণ্ডে ভাৰতক ৫০ ৰানত পৰাস্ত কৰে। ২১৬ ৰানৰ লক্ষ্য খেদি টীম ইণ্ডিয়াই ১৮.৪ অভাৰত ১৬৫ ৰানত অল আউট হয়। শিৱম ডুবেই ৬৫, ৰিংকু সিঙে ৩৯, আৰু সঞ্জু চেমছনে ২৪ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰে তিনিটা উইকেট দখল কৰে। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ২১৫ ৰান সংগ্ৰহ কৰে । অহা ৩১ জানুৱাৰীত তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।

লগতে পঢ়ক: আজি বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…

বৃক্কৰ সংক্ৰমণ হ'লে শৰীৰত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
স্তনৰ আকাৰ, স্তন ৰঙা পৰা... ভুলতো এই লক্ষণসমূহ আওকাণ নকৰিব!
Kiss কৰি দূৰ কৰক অৱসাদ! বিশেষজ্ঞৰ পৰা জানক উপকাৰৰ বিষয়ে...
দুপৰীয়া ভাত খোৱাৰ পিছত টোপনি কিয় লাগে? কাৰণ জানক...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী