অনুপ্ৰৱেশকাৰী বিতাৰণৰ পৰা আৰাৱল্লীৰ আপডেটলৈ, পলকতে চাওক দিনটোৰ চৰ্চিত খবৰ

ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। অসমৰ ভূমিত প্ৰৱেশ কৰা ১৮ অনুপ্রৱেশকাৰীক পুনৰ ঘূৰাই পঠালে অসম আৰক্ষীয়ে। এক ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। অনুপ্রৱেশ ৰোধত অসম আৰক্ষীৰ ভূমিকাৰো তেওঁ শলাগ লয়।

অনুপ্ৰৱেশকাৰী বিতাৰণৰ পৰা আৰাৱল্লীৰ আপডেটলৈ, পলকতে চাওক দিনটোৰ চৰ্চিত খবৰ

আজিৰ চৰ্চিত খবৰ

Updated On: 

25 Dec 2025 | 11:17 PM

আজি বৰদিন। এই উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত যথেষ্ট উছাহ পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ৰদ-বদল কৰা হয়। কেইবাখনো জিলাৰ আয়ুক্তৰ আজি সাল-সলনি কৰা হৈছে। ৰাজ্যৰ লগতে আজি দেশ তথা বিশ্বৰ এনে চৰ্চিত খবৰসমূহ চাওক-

  1. ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। অসমৰ ভূমিত প্ৰৱেশ কৰা ১৮ অনুপ্রৱেশকাৰীক পুনৰ ঘূৰাই পঠালে অসম আৰক্ষীয়ে। এক ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। অনুপ্রৱেশ ৰোধত অসম আৰক্ষীৰ ভূমিকাৰো তেওঁ শলাগ লয়।
  2. আজি পবিত্ৰ বৰদিন। বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে এই পবিত্ৰ উৎসৱ। গুৱাহাটী মহানগৰীতো বৰদিন উপলক্ষে দেখা গৈছে ব্যাপক উছাহ।
  3. ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ঘটিছে ব্যাপক ৰদ-বদল। সাল-সলনি কৰা হৈছে কেইবাখনো জিলাৰ আযুক্তক। এই পৰিৱৰ্তন অনুসৰি স্বপনীল পলক কামৰূপ(ম)ৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে সলনি হৈছে আন ১৩খন জিলাৰ আয়ুক্ত।
  4. আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ওপজা দিন। দেশৰ এই দিনটো ‘সুশাসন দিৱস’ হিচাপে পালন কৰি অহা হৈছে। সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনটো উদযাপন কৰা হয়।
  5. অহা বৰ্ষৰ ৯ জানুৱাৰীত বিতৰণ কৰা হ’ব ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ৷ ইতিমধ্যে এক ফেচবুক পোষ্ট যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নিযুক্তি প্ৰক্ৰিয়াত সাফল্য লাভ কৰা নিযুক্তিপ্ৰাপ্তসকলক অভিনন্দন জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷
  6. বাংলাদেশত দিপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডক লৈ উত্তাল হাইলাকান্দি। জিলাখনত আজি বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ মুছলমান যুৱকে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী যুৱকসকলে এনে অমানৱীয় কাণ্ডক গৰিহণা জনায়।
  7. আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ফণীভূষণ চৌধুৰীয়ে। আজি এক সংবাদমেল যোগে তেওঁ এই কথা স্পষ্ট কৰি দিয়ে। পত্নী বিধায়িকা দ্বীপ্তিময়ী চৌধুৰীয়েও আগন্তুক নিৰ্বাচনত বঙাইগাঁৱৰ পৰা টিকট নোপোৱাৰ সম্ভাৱনা ব্যক্ত কৰে অগপ নেতাগৰাকীয়ে।
  8. দেশত অব্যাহত আছে নক্সাল বিৰোধী অভিযান। আজি ওড়িশাত নিৰাপত্তা বাহিনীৰ এক অভিযানত নিহত হৈছে শীৰ্ষ নেতা গণেশ উইকেসহ ৬ জন নক্সালবাদী। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক এক্স পোষ্ট যোগে এয়া নক্সালমুক্ত ভাৰতৰ দিশত এক উল্লেখযোগ্য মাইলষ্ট’ন বুলি অভিহিত কৰে।
  9. দেশজুৰি সৃষ্টি হোৱা আৰাৱল্লী কেন্দ্ৰিক প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কৰিছে ডাঙৰ ঘোষণা। সমগ্ৰ আৰাৱল্লী পৰ্বতমালাত নতুনকৈ কোনো খনন নহয় তথা খনন পট্টা দিয়া নহ’ব বুলি ঘোষণা কৰিছে চৰকাৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব