প্ৰখ্য়াত চিন্তাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই…

বিশিষ্ট শিক্ষাবিদ, সমাজ বিজ্ঞানী, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই । প্ৰকাশিত খবৰ অনুসৰি,দিৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট বাঁওপন্থী চিন্তাবিদ গৰাকীয়ে মঙলবাৰে গুৱাহাটীৰ গীতানগৰস্থিত কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। এই খবৰ প্ৰকাশ পোৱাৰ পাছতে শোকাহত হৈ পৰিছে তেওঁৰ অনুগামী সকল ।

প্ৰখ্য়াত চিন্তাবিদ, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই...

অৱনী বৰঠাকুৰৰ দেহাৱসান

Published: 

23 Jul 2024 23:24 PM

বিশিষ্ট শিক্ষাবিদ, সমাজ বিজ্ঞানী, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰ আৰু নাই । প্ৰকাশিত খবৰ অনুসৰি,দিৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট বাঁওপন্থী চিন্তাবিদ গৰাকীয়ে মঙলবাৰে গুৱাহাটীৰ গীতানগৰস্থিত কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। এই খবৰ প্ৰকাশ পোৱাৰ পাছতে শোকাহত হৈ পৰিছে তেওঁৰ অনুগামী সকল ।

জানিব পৰা মতে,চিন্তাবিদ গৰাকীৰ নশ্বৰ দেহ বুধবাৰে তেওঁৰ জন্মভূমি নাজিৰাৰ বাসগৃহলৈ লৈ যোৱা হ’ব । উল্লেখ্য যে, বাৰ্ধক্যজনিত কাৰণত কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়ান চিন্তাবিদ অৱনী বৰঠাকুৰ । ইয়াৰ পাছত চিকিৎসাৰ সেৱা গ্ৰহণ কৰিছিল যদিও অসুস্থতাই তেওঁক লগ এৰা নাছিল। অৱশেষত ৯৫ বছৰ বয়সত ২৩ জুলাই, ২০২৪, মঙ্গলবাৰে সমাজ বিজ্ঞানী, চিন্তাবিদ, শিক্ষাবিদ তথা স্বাধীনতা সংগ্ৰামীগৰাকীয়ে ইহ সংসাৰ ত্যাগ কৰে ।

উল্লেখ্য যে,সৰ্বহাৰাৰ মুক্তিৰ বাবে অহৰহ মাত মাতি অহা, সমাজৰ শোষক শ্ৰেণীৰ সৈতে অৱস্থান কৰা অৱনী বৰঠাকুৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম শাখাৰ সম্পাদকৰো দায়িত্ব পালন কৰিছিল। ইয়াৰ পূৰ্বে নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত আছিল অৱনী বৰঠাকুৰ । ১৯২৯ চনত জন্মগ্ৰহণ কৰা অৱনী বৰঠাকুৰ কটন কলেজত অধ্যয়ন কৰি থকাৰ সময়তে দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।

অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!