চাকৰিৰ প্ৰলোভনেৰে হোটেলত যুৱতীৰ সৈতে অনৈতিক কাৰ্য! দিছপুৰ আৰক্ষীৰ জালত মহা প্ৰৱঞ্চক ধনমণি

চাকৰিৰ প্ৰলোভনেৰে যুৱতীক শাৰীৰিক শোষণ কৰিছিল মহা প্ৰৱঞ্চকৰ ধনমণি দাসে। চাকৰি দিয়াৰ প্ৰলোভন দি ধনমণিয়ে ধ্বংস কৰি দিছিল বহু যুৱতীৰ সুন্দৰ জীৱন। চলাহী কথাৰে হোটেললৈ মাতি অনৈতিক কামত লিপ্ত কৰাইছিল বহু যুৱতীক। লম্পট মানসিকতাৰ ধনমণি দাস ভুক্তভোগী যুৱতীৰ খাদ্য আৰু পানীয়ত মিহলাইছিল নিচাযুক্ত সামগ্ৰী।

চাকৰিৰ প্ৰলোভনেৰে হোটেলত যুৱতীৰ সৈতে অনৈতিক কাৰ্য! দিছপুৰ আৰক্ষীৰ জালত মহা প্ৰৱঞ্চক ধনমণি

দিছপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক ধনমণি দাস

Published: 

02 Oct 2024 18:46 PM

প্ৰৱঞ্চকৰে ভৰি পৰিছে ৰাজ্য। কোনোবাই যদি বিনিয়োগ, কোনোবাই আকৌ চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা সৰকাইছে ধন। এইবাৰ স্বাস্থ্য বিভাগৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰৱঞ্চনাৰ জাল। দিছপুৰ আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত প্ৰৱঞ্চক। চাকৰি দিয়াৰ নামত বিভিন্নজনক কৰি আহিছিল প্ৰৱঞ্চনা ৷ আটকাধীন প্ৰৱঞ্চকজনৰ নাম ধনমণি দাস। ধনমণিক গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে ন ন  তথ্য ৷

চাকৰিৰ প্ৰলোভনেৰে যুৱতীক শাৰীৰিক শোষণ কৰিছিল মহা প্ৰৱঞ্চকৰ ধনমণি দাসে। চাকৰি দিয়াৰ প্ৰলোভন দি ধনমণিয়ে ধ্বংস কৰি দিছিল বহু যুৱতীৰ সুন্দৰ জীৱন। চলাহী কথাৰে হোটেললৈ মাতি অনৈতিক কামত লিপ্ত কৰাইছিল বহু যুৱতীক।লম্পট মানসিকতাৰ ধনমণি দাস ভুক্তভোগী যুৱতীৰ খাদ্য আৰু পানীয়ত মিহলাইছিল নিচাযুক্ত সামগ্ৰী। নিচাসক্ত অৱস্থাত যুৱতীৰ সৈতে কৰিছিল অনৈতিক কাম। তাৰ পিছত যুৱতীৰে অনৈতিক কাৰ্যৰ গোপনে কৰি গৈছিল ভিডিঅ’। সেই ভিডিঅ’ৰে ধনমণিয়ে ব্লেকমেইল কৰিছিল বহু যুৱতীক।

নিজৰ ম’বাইল নম্বৰৰ পৰা যুৱতীসকললৈ প্ৰেৰণ কৰিছিল মেছেজ। প্ৰথমে চাকৰি দিয়াৰ টোপ দিছিল আৰু পিছত হোটেললৈ মাতি নি অনৈতিক কামত লিপ্ত কৰোৱাইছিল ধনমণিয়ে। দৰিদ্ৰতাৰ সুযোগ লৈ যুৱতীক চলাছিল শাৰীৰিক শোষণ।

মহাপ্ৰৱঞ্চক ধনমণি দাসৰ ঘৰ হ’ল পাঠশালাত। কেৱল এইবাৰে নহয়, ২০২২ চনতো চাকৰিৰ নামত ধন লৈ জে’ললৈ গৈছিল ধনমণি। স্বাস্থ্য বিভাগৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী আছিল ধনমণি দাস। চাকৰিৰ নামত প্ৰৱঞ্চনাৰ অভিযোগত নিলম্বন হৈছিল ধনমণি। জানিব পৰা অনুসৰি দুখীয়া সহজ-সৰল যুৱতীক টাৰ্গেট কৰি লৈছিল চতুৰ ধনমণিয়ে। চৰকাৰী চিকিৎসালয়ত ৰিচিপচনিষ্ট, অ’পিডি এটেনডেণ্ট আদি বিভিন্ন পদত ঠিকাভিত্তিত চাকৰি দিয়াৰ যুৱতীসকলক প্ৰলোভন দিছিল লম্পট ধনমণিয়ে।

চাকৰিৰ পৰা নিলম্বন হ’ ল যদিও চৰিত্ৰ সলনি ন’হল ধনমণি দাস ৷ শেহতীয়াকৈ বহু যুৱক- যুৱতীক স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছে ৷ আনকি চাকৰি দিয়াৰ অচিলা লৈ বহু যুৱতীৰে অনৈতিক কৰ্মত লিপ্ত হোৱাৰো অভিযোগ উঠিছে ৷

উল্লেখ্য যে,স্বাস্থ্য বিভাগৰ চাকৰিৰ পৰা নিলম্বন হোৱাৰ পিছত মহা প্ৰৱঞ্চক ধনমণি দাস মহানগৰীৰ এখন হোটেলত মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল। চাকৰি দিয়াৰ নামত এই হোটেল খনলৈ মাতি নিছিল বহু দুখীয়া যুৱতীক৷ ইয়াতে লিপ্ত কৰাইছিল অনৈতিক কৰ্ম ৷কিন্তু এমাহ পূৰ্বে ভুক্তভোগী যুৱতীয়ে দিছপুৰ থানাত এজাহাৰ দিয়াৰ পিছত পলাতক অৱস্থাত আছিল লম্পট ধনমণি দাস ৷ অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰে ধুৰন্ধৰ- প্ৰৱঞ্চক ধনমণি দাস।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?