দেশৰ বাবে এক আদৰ্শ দাঙি ধৰিছে কাছাৰে, জিলাখনৰ চাৰিখন গাঁৱক ‘বাল্য় বিবাহ মুক্ত’ ঘোষণা…

ৰাজ্য চৰকাৰে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে । বাল্য বিবাহ বন্ধ কৰাৰ অভিযানৰ অংশ হিচাপে কাছাৰৰ চাৰিখন গাঁৱক ‘বাল্য বিবাহ মুক্ত’ হিচাপে ঘোষণা কৰিছে ।

দেশৰ বাবে এক আদৰ্শ দাঙি ধৰিছে কাছাৰে, জিলাখনৰ চাৰিখন গাঁৱক বাল্য় বিবাহ মুক্ত ঘোষণা...

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

31 Dec 2024 | 12:30 PM

ৰাজ্য়খনত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে অসম চৰকাৰে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । ইয়াৰ সমান্তৰালভাৱে কেইবাটাও পৰ্যায়ত ৰাজ্যিক প্ৰশাসনে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ৰাজ্য চৰকাৰক বাল্য বিবাহৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা দেখা গৈছিল ।

মনকৰিবলগীয়া যে, ৰাজ্য চৰকাৰৰ এই পদক্ষেপে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে । বাল্য বিবাহ বন্ধ কৰাৰ অভিযানৰ অংশ হিচাপে কাছাৰৰ চাৰিখন গাঁৱক ‘বাল্য বিবাহ মুক্ত’ হিচাপে ঘোষণা কৰিছে । উল্লেখ কৰিব লাগিব যে, ৰাজ্যৰ পৰা বাল্য বিবাহ একেবাৰে নোহোৱা কৰাৰ ক্ষেত্ৰত কাছাৰে এক আদৰ্শ দাঙি ধৰিছে ।

ছোৱালীৰ উন্নত ভৱিষ্যত সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃঢ় স্থিতিক আলোকপাত কৰি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যক প্ৰশংসা কৰিছে । তেওঁ কয় যে, ‘ৰাজ্যজুৰি অশুভ এই সামাজিক ব্যৱস্থাটোৰ কফিনত আমি শেষ গজাল মাৰিছো।’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, কাছাৰ জিলাৰ ৰুকনি চতুৰ্থ খণ্ড, পালংহাট উন্নয়ন খণ্ড; ভৈৰৱপুৰ প্ৰথম খণ্ড, কালাইন উন্নয়ন ব্লক; ৰোজকেণ্ডি গ্ৰাণ্ট প্ৰথম আৰু ৰোজকেণ্ডি গ্ৰাণ্ট দ্বিতীয়, টাপাং উন্নয়ন ব্লকক সম্পূৰ্ণ বাল্য বিবাহ মুক্ত গাঁও হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । উল্লেখ্য় যে, বেটি বাচাও বেটি পঢ়াও পদক্ষেপ (২০২৩-২৪)ৰ অধীনত গাঁওকেইখনক অশুভ সামাজিক ব্যৱস্থাৰ পৰা মুক্ত ঘোষণা কৰা হৈছে ।

মুখ্য়মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা এটা ভিডিঅ’ৰ জৰিয়তে উল্লেখ কৰিছে যে, ৰাজ্যৰ লগতে দেশত বাল্য বিবাহ এক স্থায়ী বিষয় হৈয়ে আছে আৰু এই প্ৰথাই কণমানি ছোৱালীক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰে। মুখ্য়মন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, কাছাৰৰ চাৰিখন গাঁৱক বাল্য বিবাহ মুক্ত ঘোষণা কৰাটোৱে অসম চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে আৰু আন অঞ্চলসমূহৰ বাবেও এক ইতিবাচক আদৰ্শ দাঙি ধৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...