প্ৰাক্তন IPS বিষয়া দেবৰাজ উপাধ্যায়ক APSC ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি…

APSC ৰ নতুন অধ্যক্ষ হিচাপে আই পি এছ বিষয়া দেবৰাজ উপাধ্যায়ক নিযুক্তি দিয়া হৈছে । পূৰ্বে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে ।

প্ৰাক্তন IPS বিষয়া দেবৰাজ উপাধ্যায়ক APSC ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি...

দেবৰাজ উপাধ্যায়

Published: 

08 Jan 2025 | 10:30 AM

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে আই পি এছ বিষয়া দেবৰাজ উপাধ্যায়ক নিযুক্তি দিয়া হৈছে । পূৰ্বে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে । যোৱা ৭ জানুৱাৰী তাৰিখে এক অধিসূচনা জাৰি কৰি আই পি এছ বিষয়াগৰাকী নিযুক্তিৰ কথা অৱগত কৰে অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ সচিব টি পি বৰগোঁহায়ে ।

ভাৰতীয় সংবিধানৰ ৩১৬ নং অনুচ্ছেদ আৰু অসম লোকসেৱা আয়োগৰ নিয়মাৱলী ১৯৫১ (সংশোধিত)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া গৰাকীক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । লোক সেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ চৌধুৰীয়ে অৱসৰ গ্ৰহণৰ পাছতে দেবৰাজ উপাধ্যায়ক নিযুক্তি দিয়া হৈছে । ইফালে, এচিএছৰ বিষয়া মৃগেশ এন বৰুৱা আৰু ভাস্কৰ ফুকনক আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।

জাৰি কৰা অধিসূচনা

বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে দেবৰাজ উপাধ্যায়ে। ইয়াৰ পূৰ্বে তেওঁ অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগৰ মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক শপত গ্ৰহণ কৰাব ।

উল্লেখ্য যে, উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পাছে আনন্দ প্ৰকাশ কৰিছে ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে । একে সময়তে কালিৰ দিনটোত গোৰ্খা সম্প্ৰদায়ৰ একাধিক নেতাই বাসগৃহত উপস্থিত হৈ দেবৰাজ উপাধ্যায়ক শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...