প্ৰাক্তন IPS বিষয়া দেবৰাজ উপাধ্যায়ক APSC ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি…

APSC ৰ নতুন অধ্যক্ষ হিচাপে আই পি এছ বিষয়া দেবৰাজ উপাধ্যায়ক নিযুক্তি দিয়া হৈছে । পূৰ্বে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে ।

প্ৰাক্তন IPS বিষয়া দেবৰাজ উপাধ্যায়ক APSC ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি...

দেবৰাজ উপাধ্যায়

Published: 

08 Jan 2025 10:30 AM

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে আই পি এছ বিষয়া দেবৰাজ উপাধ্যায়ক নিযুক্তি দিয়া হৈছে । পূৰ্বে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে । যোৱা ৭ জানুৱাৰী তাৰিখে এক অধিসূচনা জাৰি কৰি আই পি এছ বিষয়াগৰাকী নিযুক্তিৰ কথা অৱগত কৰে অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ সচিব টি পি বৰগোঁহায়ে ।

ভাৰতীয় সংবিধানৰ ৩১৬ নং অনুচ্ছেদ আৰু অসম লোকসেৱা আয়োগৰ নিয়মাৱলী ১৯৫১ (সংশোধিত)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া গৰাকীক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । লোক সেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ চৌধুৰীয়ে অৱসৰ গ্ৰহণৰ পাছতে দেবৰাজ উপাধ্যায়ক নিযুক্তি দিয়া হৈছে । ইফালে, এচিএছৰ বিষয়া মৃগেশ এন বৰুৱা আৰু ভাস্কৰ ফুকনক আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।

জাৰি কৰা অধিসূচনা

বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে দেবৰাজ উপাধ্যায়ে। ইয়াৰ পূৰ্বে তেওঁ অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগৰ মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক শপত গ্ৰহণ কৰাব ।

উল্লেখ্য যে, উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পাছে আনন্দ প্ৰকাশ কৰিছে ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে । একে সময়তে কালিৰ দিনটোত গোৰ্খা সম্প্ৰদায়ৰ একাধিক নেতাই বাসগৃহত উপস্থিত হৈ দেবৰাজ উপাধ্যায়ক শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছিল ।

ভাগ্যত নাথাকিলে বিচৰা বস্তুটো কেনেকৈ নিজৰ কৰিব?
উজ্জ্বল আৰু কোমল ছালৰ বাবে কিদৰে ব্যৱহাৰ কৰিব এলোভেৰা জেল?
টোপনিৰ এনে অভ্যাস হ’ব পাৰে আপোনাৰ জীৱনৰ বিপদ, কৰিব পাৰে হৃদযন্ত্ৰৰ ক্ষতি
আজিৰ জীৱনশৈলীত লিভাৰ কেনেকৈ সুস্থ ৰাখিব? ৫টা পৰামৰ্শ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...