গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অৱসৰপ্ৰাপ্ত ACS বিষয়াৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ জালুকবাৰীত উদ্ধাৰ প্ৰাক্তন এ চি এছ বিষয়াৰ মৃতদেহ। ৰহস্যজনক অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা গোচৰত অভিযুক্ত আছিল বিষয়াগৰাকী।

গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অৱসৰপ্ৰাপ্ত ACS বিষয়াৰ মৃতদেহ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Feb 2025 16:22 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ধৰ্ষণ আদিৰ দৰে ঘটনাই নিদ্ৰা কাঢ়িছে বিভিন্নজনৰ। বিশেষকৈ গুৱাহাটী মহানগৰীখন যেন অপাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে। ইয়াৰ মাজতে পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জালুকবাৰীৰ নিজ বাসগৃহত উদ্ধাৰ অৱসৰপ্ৰাপ্ত ACS  বিষয়া কবিতা ডেকা নামৰ এগৰাকী মহিলাৰ মৃতদেহ। কবিতা ডেকা হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰাক্তন সঞ্চালিকা। মহিলাগৰাকীৰ মৃত্যুৱে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা গোচৰৰ মূল অভিযুক্ত আছিল মহিলাগৰাকী। ইয়াকে লৈ কিছুদিন পূৰ্বে কবিতা ডেকাৰ বাসগৃহত চি এম ভিজিলেন্সে অভিযান চলাইছিল । এই সকলোবোৰৰ মাজতে আজি মহিলাগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। তথ্য অনুসৰি জানিব পৰা মতে, কালি মহিলাগৰাকীয়ে কোঠাৰ খিৰিকিত কাপোৰেৰে চৰম পন্থা বাছি লয়।

পৰিয়ালৰলোকে তেওঁক প্ৰথম অৱস্থাত শুই থকা বুলি ভাবিছিল। কিন্তু আজি পুৱাও মহিলাগৰাকীক একেই অৱস্থাত থকা দেখি পৰিয়ালৰলোকে সকলো কথা বুজিব পাৰে। লগে লগে পৰিয়ালৰলোকে মহিলাগৰাকীক হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে মহিলাগৰাকীয়ে আত্মহত্যা কৰিছে। জালুকবাৰীৰ সুধাকণ্ঠ পথত থকা বাসগৃহত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। সন্দেহ কৰা হৈছে, ভিজিলেন্সৰ তদন্তত মানসকিভাৱে ভাগি পৰি মহিলাগৰাকীয়ে চৰম পন্থা বাছি লৈছে। অৱশ্যে কি কাৰণে মহিলাগৰাকীয়ে আত্মহত্যা কৰিছে এতিয়ালৈকে জানিব পৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব প্ৰকৃত সত্য।

Related Stories
অসম এতিয়া দেশৰ দ্ৰুততম বিকশিত অৰ্থনীতি; মুখ্যমন্ত্ৰীয়ে দিলে এই বিশেষ সুখবৰ…
নতুন বছৰৰ আনন্দ উদযাপনৰ পৰা বাবু আঁচনি ঘোষণালৈ, থোৰতে চাওক আজি দিনটোৰ চৰ্চিত খবৰসমূহ
ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যুদ্ধৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিব চৰকাৰে, বিশেষ আদালত গঠনৰ বাবেও জনাব দাবী
এঞ্জেল চাকমাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ প্ৰস্তাৱ, নিৰ্বাচনৰ প্ৰাকক্ষণত ল’লে এই সংকল্প
গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল, কি কি সুবিধা থাকিব আৰু ভাড়া কিমান হ’ব?
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?