গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অৱসৰপ্ৰাপ্ত ACS বিষয়াৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ জালুকবাৰীত উদ্ধাৰ প্ৰাক্তন এ চি এছ বিষয়াৰ মৃতদেহ। ৰহস্যজনক অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা গোচৰত অভিযুক্ত আছিল বিষয়াগৰাকী।

গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অৱসৰপ্ৰাপ্ত ACS বিষয়াৰ মৃতদেহ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Feb 2025 | 04:22 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ধৰ্ষণ আদিৰ দৰে ঘটনাই নিদ্ৰা কাঢ়িছে বিভিন্নজনৰ। বিশেষকৈ গুৱাহাটী মহানগৰীখন যেন অপাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে। ইয়াৰ মাজতে পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জালুকবাৰীৰ নিজ বাসগৃহত উদ্ধাৰ অৱসৰপ্ৰাপ্ত ACS  বিষয়া কবিতা ডেকা নামৰ এগৰাকী মহিলাৰ মৃতদেহ। কবিতা ডেকা হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰাক্তন সঞ্চালিকা। মহিলাগৰাকীৰ মৃত্যুৱে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা গোচৰৰ মূল অভিযুক্ত আছিল মহিলাগৰাকী। ইয়াকে লৈ কিছুদিন পূৰ্বে কবিতা ডেকাৰ বাসগৃহত চি এম ভিজিলেন্সে অভিযান চলাইছিল । এই সকলোবোৰৰ মাজতে আজি মহিলাগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। তথ্য অনুসৰি জানিব পৰা মতে, কালি মহিলাগৰাকীয়ে কোঠাৰ খিৰিকিত কাপোৰেৰে চৰম পন্থা বাছি লয়।

পৰিয়ালৰলোকে তেওঁক প্ৰথম অৱস্থাত শুই থকা বুলি ভাবিছিল। কিন্তু আজি পুৱাও মহিলাগৰাকীক একেই অৱস্থাত থকা দেখি পৰিয়ালৰলোকে সকলো কথা বুজিব পাৰে। লগে লগে পৰিয়ালৰলোকে মহিলাগৰাকীক হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে মহিলাগৰাকীয়ে আত্মহত্যা কৰিছে। জালুকবাৰীৰ সুধাকণ্ঠ পথত থকা বাসগৃহত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। সন্দেহ কৰা হৈছে, ভিজিলেন্সৰ তদন্তত মানসকিভাৱে ভাগি পৰি মহিলাগৰাকীয়ে চৰম পন্থা বাছি লৈছে। অৱশ্যে কি কাৰণে মহিলাগৰাকীয়ে আত্মহত্যা কৰিছে এতিয়ালৈকে জানিব পৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব প্ৰকৃত সত্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...