ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বুৰালে লখিমপুৰ, বানত প্লাবিত প্ৰায় ২৩০ খন গাঁও, এজনৰ মৃত্যু

নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছে লখিমপুৰ জিলাত । শুকুৰবাৰৰ পৰাই জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিবলৈ আৰম্ভ কৰিছিল নীপকোৱে । প্ৰথমে এক আৰু দুই নং গে'ট খুলি দিয়াৰ পাছত যোৱা নিশা ৪ খন গে'টেৰে পানী এৰি দিয়ে নীপকোৱে । ফলত লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ।

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বুৰালে লখিমপুৰ, বানত প্লাবিত প্ৰায় ২৩০ খন গাঁও, এজনৰ মৃত্যু

লখিমপুৰত বান

Published: 

31 May 2025 13:10 PM

কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে উত্তৰ অসমৰ লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল । সহস্ৰাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । বানৰ ফলত ব্যাহত হৈ পৰিছে দৈনন্দিন জীৱন যাত্ৰা । প্ৰায় ২৩০ খন গাঁও বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে ।

লখিমপুৰত বানৰ বিভীষিকা

শনিবাৰে পুৱাৰে পৰাই বাঢ়নী পানীয়ে ঘৰ-দুৱাৰ, কৃষি পথাৰ আৰু পথসমূহ বুৰাই পেলোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে লোকসকলে । নাওবৈচা-গেন্ধালীৰ মাজৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত আছে, যাৰ ফলত পথ সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু কেইবাটাও অঞ্চল বিচ্ছিন্ন হৈ পৰিছে । প্ৰৱেশ পথসমূহ প্লাৱিত হৈ পৰাত জৰুৰীকালীন যাতায়ত আৰু সাহায্য অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হৈছে ।

ইফালে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছে লখিমপুৰ জিলাত । শুকুৰবাৰৰ পৰাই জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিবলৈ আৰম্ভ কৰিছিল নীপকোৱে । প্ৰথমে এক আৰু দুই নং গে’ট খুলি দিয়াৰ পাছত যোৱা নিশা ৪ খন গে’টেৰে পানী এৰি দিয়ে নীপকোৱে । ফলত লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ।

বন্যাৰ্তক উদ্ধাৰ

ইয়াৰ মাজতে পহুমৰা গাঁৱত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । বাঢ়নী পানীয়ে ঘৰ বুৰাই পেলোৱাত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইণ্ডিয়া টুডে এন ইয়ে প্ৰকাশ কৰা মতে, অঞ্চলটোৰ লোকসকলে নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । স্থানীয় সূত্ৰৰ মতে, নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ ফলত বাঢ়নী পানীয়ে তীব্ৰ সংকটৰ সৃষ্টি কৰিছে । বহু পৰিয়াল বানৰ কবলত পৰিছে, উদ্ধাৰকাৰী নাওসমূহে উদ্ধাৰ অভিযান চলাই আছে যদিও খাদ্য, খোৱাপানী, চিকিৎসা সাহায্যৰ সীমিত সুবিধাই বাসিন্দাসকলৰ দুখ-কষ্ট আৰু অধিক বৃদ্ধি কৰিছে ।

বিভাগীয় কৰ্তৃপক্ষ হাই এলাৰ্টত আছে আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে । কেইবাটাও স্থানত জলস্তৰ বৃদ্ধি পোৱাত জিলা প্ৰশাসনৰ বিষয়াসকলে ক্ষয়-ক্ষতিৰ দ্ৰুত মূল্যায়ন চলাইছে । প্ৰভাৱিত অঞ্চলত থকা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে সাহায্যকাৰী দলৰ সৈতে সহযোগিতা কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।

বানত বুৰিল পঢ়াশালি

বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি বৰষুণ অব্যাহত থাকিব । ফলত বান সমস্য়া অধিক জটিল হোৱাৰ সম্ভাৱনা আছে । বানাক্ৰান্ত লোকসকলক উদ্ধাৰ তথা সাহায্য প্ৰদানৰ বাবে উদ্ধাৰকাৰী দল নিয়োজিত কৰা হৈছে যদিও পৰ্যাপ্ত সুবিধা প্ৰদান কৰা নাই বুলি একাংশ বানাক্ৰান্তই অভিযোগ কৰিছে ।

থাইৰয়ডৰ সমস্যা হ'লে কি লক্ষণে দেখা দিয়ে? জানক...
ভগৱান হনুমানক সন্তুষ্ট কৰা আটাইতকৈ সহজ মন্ত্ৰটো কি? ইয়াৰ অৰ্থ জানক...
নিশা বাৰে বাৰে টোপনি ভাঙি যায় নেকি? জানক ইয়াৰ আঁৰৰ কাৰণ...
গৰমৰ দিনত বৃদ্ধি পায় চকুৰ সংক্ৰমণ, এই সমস্যা ৰোধ কৰাৰ উপায় জানক...