ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বুৰালে লখিমপুৰ, বানত প্লাবিত প্ৰায় ২৩০ খন গাঁও, এজনৰ মৃত্যু

নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছে লখিমপুৰ জিলাত । শুকুৰবাৰৰ পৰাই জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিবলৈ আৰম্ভ কৰিছিল নীপকোৱে । প্ৰথমে এক আৰু দুই নং গে'ট খুলি দিয়াৰ পাছত যোৱা নিশা ৪ খন গে'টেৰে পানী এৰি দিয়ে নীপকোৱে । ফলত লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ।

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বুৰালে লখিমপুৰ, বানত প্লাবিত প্ৰায় ২৩০ খন গাঁও, এজনৰ মৃত্যু

লখিমপুৰত বান

Published: 

31 May 2025 | 01:10 PM

কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে উত্তৰ অসমৰ লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল । সহস্ৰাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । বানৰ ফলত ব্যাহত হৈ পৰিছে দৈনন্দিন জীৱন যাত্ৰা । প্ৰায় ২৩০ খন গাঁও বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে ।

লখিমপুৰত বানৰ বিভীষিকা

শনিবাৰে পুৱাৰে পৰাই বাঢ়নী পানীয়ে ঘৰ-দুৱাৰ, কৃষি পথাৰ আৰু পথসমূহ বুৰাই পেলোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে লোকসকলে । নাওবৈচা-গেন্ধালীৰ মাজৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত আছে, যাৰ ফলত পথ সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু কেইবাটাও অঞ্চল বিচ্ছিন্ন হৈ পৰিছে । প্ৰৱেশ পথসমূহ প্লাৱিত হৈ পৰাত জৰুৰীকালীন যাতায়ত আৰু সাহায্য অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হৈছে ।

ইফালে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছে লখিমপুৰ জিলাত । শুকুৰবাৰৰ পৰাই জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিবলৈ আৰম্ভ কৰিছিল নীপকোৱে । প্ৰথমে এক আৰু দুই নং গে’ট খুলি দিয়াৰ পাছত যোৱা নিশা ৪ খন গে’টেৰে পানী এৰি দিয়ে নীপকোৱে । ফলত লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ।

বন্যাৰ্তক উদ্ধাৰ

ইয়াৰ মাজতে পহুমৰা গাঁৱত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । বাঢ়নী পানীয়ে ঘৰ বুৰাই পেলোৱাত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইণ্ডিয়া টুডে এন ইয়ে প্ৰকাশ কৰা মতে, অঞ্চলটোৰ লোকসকলে নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । স্থানীয় সূত্ৰৰ মতে, নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ ফলত বাঢ়নী পানীয়ে তীব্ৰ সংকটৰ সৃষ্টি কৰিছে । বহু পৰিয়াল বানৰ কবলত পৰিছে, উদ্ধাৰকাৰী নাওসমূহে উদ্ধাৰ অভিযান চলাই আছে যদিও খাদ্য, খোৱাপানী, চিকিৎসা সাহায্যৰ সীমিত সুবিধাই বাসিন্দাসকলৰ দুখ-কষ্ট আৰু অধিক বৃদ্ধি কৰিছে ।

বিভাগীয় কৰ্তৃপক্ষ হাই এলাৰ্টত আছে আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে । কেইবাটাও স্থানত জলস্তৰ বৃদ্ধি পোৱাত জিলা প্ৰশাসনৰ বিষয়াসকলে ক্ষয়-ক্ষতিৰ দ্ৰুত মূল্যায়ন চলাইছে । প্ৰভাৱিত অঞ্চলত থকা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে সাহায্যকাৰী দলৰ সৈতে সহযোগিতা কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।

বানত বুৰিল পঢ়াশালি

বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি বৰষুণ অব্যাহত থাকিব । ফলত বান সমস্য়া অধিক জটিল হোৱাৰ সম্ভাৱনা আছে । বানাক্ৰান্ত লোকসকলক উদ্ধাৰ তথা সাহায্য প্ৰদানৰ বাবে উদ্ধাৰকাৰী দল নিয়োজিত কৰা হৈছে যদিও পৰ্যাপ্ত সুবিধা প্ৰদান কৰা নাই বুলি একাংশ বানাক্ৰান্তই অভিযোগ কৰিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...