মৰিগাঁও জিলা কাৰাগাৰত অথন্তৰ! দেৱাল পাৰ হৈ পলায়ন ৫ কয়দীৰ

খবৰ অনুসৰি পাঁচোটা কয়দীয়েই কাৰাগাৰৰ ভিতৰৰ বেৰেকৰ ৰ'ড ভাঙি কাৰাগাৰৰ পৰা ওলায় যায়। তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়া কম্বল, লুঙি, বিচনাৰ চাদৰ আজি জোৰা লগাই জে'লৰ পৰা প্ৰায় ২০ ফুট উচ্চতাৰ দেৱাল বগাই পাৰ হৈ পলায়ন কৰে। দেৱালৰ ওপৰেৰে পাঁচজনকৈ POCSO গোচৰত অভিযুক্ত কাৰাবন্দীয়ে পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

মৰিগাঁও জিলা কাৰাগাৰত অথন্তৰ! দেৱাল পাৰ হৈ পলায়ন ৫ কয়দীৰ

মৰিগাঁও জিলা কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন ৫ কয়দীৰ

Updated On: 

11 Oct 2024 | 04:11 PM

ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ আনন্দ। ইয়াৰ মাজতে মৰিগাঁও জিলা কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । নিশা মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পলাল পাঁচটাকৈ কয়দী।পলায়ন কৰা কয়দীকেইটা হৈছে চাইফুদ্দিন, জীয়াৰুল ইছলাম, নুৰ ইছলাম, মাফিদুল, আব্দুল ৰচিদ। POCSO গোচৰৰ বিচাৰাধীন আছিল আটাইকেইটা কয়দী । নিশা ১২ৰ পৰা ২ বজাৰ ভিতৰত পলায়ন কৰিছে কয়দী কেইটাই।

খবৰ অনুসৰি পাঁচোটা কয়দীয়েই কাৰাগাৰৰ ভিতৰৰ বেৰেকৰ ৰ’ড ভাঙি কাৰাগাৰৰ পৰা ওলায় যায়। তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়া কম্বল, লুঙি, বিচনাৰ চাদৰ আজি জোৰা লগাই জে’লৰ পৰা প্ৰায় ২০ ফুট উচ্চতাৰ দেৱাল বগাই পাৰ হৈ পলায়ন কৰে। দেৱালৰ ওপৰেৰে পাঁচজনকৈ POCSO গোচৰত অভিযুক্ত কাৰাবন্দীয়ে পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে মৰিগাঁও জিলাৰ ছাইফুদ্দিন আহমেদ, জিয়াৰুল হক, নুৰ ইছলাম, মফিদুল ইছলাম আৰু আব্দুল ৰছিদ নামৰ পাঁচ অভিযুক্তক POCSO গোচৰত জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল । মৰিগাঁও আদালতত গোচৰ চলি থকা পাঁচ অভিযুক্তই মহা সপ্তমীৰ নিশা হঠাৎ কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পাচত এতিয়া হাহাকাৰ লাগিছে মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষৰ মাজত।ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে মৰিগাঁও আৰক্ষী অধীক্ষকে ।

ইফালে কাৰাগাৰৰ নিৰাপত্তাৰক্ষীৰ গাফিলতিৰ বাবেই কাৰাগাৰৰ পৰা কয়দীয়ে পলায়ন কৰা বুলি দাবী কৰি দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় বিধায়ক ৰমাকান্ত দেউৰীয়ে । পিছে কটকটীয়া নিৰাপত্তা বেষ্টনী ফালি নিশা কাৰাগাৰৰ পৰা পাঁচটাকৈ কয়দীয়ে পলায়ন কৰিলে তাক লৈ উত্থাপন হৈছে প্ৰশ্ন?

 

লগতে পঢ়ক: মৰিগাঁও জিলা কাৰাগাৰত অথন্তৰ! দেৱাল পাৰ হৈ পলায়ন ৫ কয়দীৰ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...