পুনৰ মহানগৰীৰ ৰাজপথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড! পিষ্টল দেখুৱাই ই-ৰিক্সা চালকক লুটপাত

পিষ্টল দেখুৱাই দুই ডকাইতে কাঢ়ি নিলে নগদ ধন আৰু মোবাইল। ৰাজপথতে ডকাইতে ফুটালে কেইবাজাঁই গুলী। ভুক্তভোগীৰ পৰা কাঢ়ি নিব বিচাৰিছিল ই-ৰিক্সা । ই-ৰিক্সা নিব নোৱাৰি ৰাজপথতে ফুটালে কেইবাজাঁই গুলী।

পুনৰ মহানগৰীৰ ৰাজপথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড! পিষ্টল দেখুৱাই ই-ৰিক্সা চালকক লুটপাত

মহানগৰীত ডকাইতি কাণ্ড!

Published: 

20 Sep 2024 14:46 PM

মহানগৰীত সঘনাই সংঘটিত হ’ব লৈছে অপৰাধজনীত ঘটনা। আৰক্ষী-প্ৰশাসনৰ কঠোৰ ব্যৱস্থালৈ বুঢ়া আঙুলি দেখুৱাই ৰাজপথতে গুলী ফুটাই দুৰ্বৃত্তই চলালে তাণ্ডৱ। পিষ্টল দেখুৱাই দুই ডকাইতে কাঢ়ি নিলে নগদ ধন আৰু মোবাইল। ৰাজপথতে ডকাইতে ফুটালে কেইবাজাঁই গুলী। ভুক্তভোগীৰ পৰা কাঢ়ি নিব বিচাৰিছিল ই-ৰিক্সা । ই-ৰিক্সা নিব নোৱাৰি ৰাজপথতে ফুটালে কেইবাজাঁই গুলী। সম্প্ৰতি পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছে ভুক্তভোগী।

গুৱাহাটীৰ মাজমজিয়াতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ই-ৰিক্সা চালকৰে সৈতে দুৰ্বৃত্তই সংঘটিত কৰিলে ভয়ানক কাণ্ড।  দিন দুপৰতে গুলীচালনা কৰি ডকাইতে চলালে লুটপাত। শূন্যলৈ গুলী ফুটাই দুই দুৰ্বৃত্তই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰৰ সদাব্যস্ত পাণবজাৰত। AT ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

পাণবজাৰত শুকুৰবাৰে পুৱাতে ডকাইতৰ লক্ষ্য হৈ পৰিল ই-ৰিক্সা চালক। ই-ৰিক্সা চালকক পিষ্টল দেখুৱাই লুটপাত চলালে দুই ডকাইতে। দুই ডকাইতে লুটি নিলে নগদ ধন আৰু মোবাইল ফোন। প্ৰাণৰ সংশয়ত ই-ৰিক্সা চালকে ডকাইতক দিলে সকলো।

এখন হোটেলৰ পৰা আহি ই-ৰিক্সাত উঠিছিল দুই দুৰ্বৃত্ত। পিষ্টল দেখুৱাই প্ৰথমে ডকাইতে নিব বিচাৰিছিল ই-ৰিক্সাখন। কিন্তু, পিছলৈ স্থানীয় লোক গোট খোৱাত শূন্যলৈ গুলী ফুটাই দুই দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।  তাৰ পাছতে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছে ভুক্তভোগী।

এই ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। কিন্তু ঘটনাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে অনবৰতে আৰক্ষীয়ে ঘেৰী থকা পাণবজাৰত কেনেদৰে হ’বলৈ পালে এনে ঘটনা?

 

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!