পুনৰ মহানগৰীৰ ৰাজপথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড! পিষ্টল দেখুৱাই ই-ৰিক্সা চালকক লুটপাত

পিষ্টল দেখুৱাই দুই ডকাইতে কাঢ়ি নিলে নগদ ধন আৰু মোবাইল। ৰাজপথতে ডকাইতে ফুটালে কেইবাজাঁই গুলী। ভুক্তভোগীৰ পৰা কাঢ়ি নিব বিচাৰিছিল ই-ৰিক্সা । ই-ৰিক্সা নিব নোৱাৰি ৰাজপথতে ফুটালে কেইবাজাঁই গুলী।

পুনৰ মহানগৰীৰ ৰাজপথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড! পিষ্টল দেখুৱাই ই-ৰিক্সা চালকক লুটপাত

মহানগৰীত ডকাইতি কাণ্ড!

Published: 

20 Sep 2024 | 02:46 PM

মহানগৰীত সঘনাই সংঘটিত হ’ব লৈছে অপৰাধজনীত ঘটনা। আৰক্ষী-প্ৰশাসনৰ কঠোৰ ব্যৱস্থালৈ বুঢ়া আঙুলি দেখুৱাই ৰাজপথতে গুলী ফুটাই দুৰ্বৃত্তই চলালে তাণ্ডৱ। পিষ্টল দেখুৱাই দুই ডকাইতে কাঢ়ি নিলে নগদ ধন আৰু মোবাইল। ৰাজপথতে ডকাইতে ফুটালে কেইবাজাঁই গুলী। ভুক্তভোগীৰ পৰা কাঢ়ি নিব বিচাৰিছিল ই-ৰিক্সা । ই-ৰিক্সা নিব নোৱাৰি ৰাজপথতে ফুটালে কেইবাজাঁই গুলী। সম্প্ৰতি পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছে ভুক্তভোগী।

গুৱাহাটীৰ মাজমজিয়াতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ই-ৰিক্সা চালকৰে সৈতে দুৰ্বৃত্তই সংঘটিত কৰিলে ভয়ানক কাণ্ড।  দিন দুপৰতে গুলীচালনা কৰি ডকাইতে চলালে লুটপাত। শূন্যলৈ গুলী ফুটাই দুই দুৰ্বৃত্তই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰৰ সদাব্যস্ত পাণবজাৰত। AT ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

পাণবজাৰত শুকুৰবাৰে পুৱাতে ডকাইতৰ লক্ষ্য হৈ পৰিল ই-ৰিক্সা চালক। ই-ৰিক্সা চালকক পিষ্টল দেখুৱাই লুটপাত চলালে দুই ডকাইতে। দুই ডকাইতে লুটি নিলে নগদ ধন আৰু মোবাইল ফোন। প্ৰাণৰ সংশয়ত ই-ৰিক্সা চালকে ডকাইতক দিলে সকলো।

এখন হোটেলৰ পৰা আহি ই-ৰিক্সাত উঠিছিল দুই দুৰ্বৃত্ত। পিষ্টল দেখুৱাই প্ৰথমে ডকাইতে নিব বিচাৰিছিল ই-ৰিক্সাখন। কিন্তু, পিছলৈ স্থানীয় লোক গোট খোৱাত শূন্যলৈ গুলী ফুটাই দুই দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।  তাৰ পাছতে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছে ভুক্তভোগী।

এই ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। কিন্তু ঘটনাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে অনবৰতে আৰক্ষীয়ে ঘেৰী থকা পাণবজাৰত কেনেদৰে হ’বলৈ পালে এনে ঘটনা?

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...