গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড…

গুৱাহাটী মহানগৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । সুন্দৰপুৰৰ এটা অট্টালিকাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । এছ পি এম একাডেমী নামৰ প্ৰতিষ্ঠানখনৰ লগতে বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছিল উক্ত অট্টালিকাটোত।

গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড...

সুন্দৰপুৰৰ এটা অট্টালিকাত অগ্নিকাণ্ড

Updated On: 

10 Sep 2024 | 08:12 PM

আজি সন্ধিয়া গুৱাহাটী মহানগৰীৰ সুন্দৰপুৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । সুন্দৰপুৰৰ এটা অট্টালিকাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । এছ পি এম একাডেমী নামৰ প্ৰতিষ্ঠানখনৰ লগতে বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছিল উক্ত অট্টালিকাটোত। একাংশ লোকে একাডেমীখনৰ লাইব্ৰেৰীৰ পৰা এই অগ্নিকাণ্ড সূত্ৰপাত হোৱা বুলি আশংকা কৰিছিল।

সূত্ৰৰ অনুসৰি,অট্টালিকাটোত থকা বাৰ্গাৰ কিং নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক আতংকিত কৰে । ইফালে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে উক্ত স্থানত অগ্নিনিৰ্বাপকৰ বাহন উপস্থিত হয় ।

শেহতীয়া খবৰ অনুসৰি, অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় । জুইয়ে সমগ্ৰ বাৰ্গাৰ কিং নামৰ ৰেষ্টুৰেণ্টখন ছানি ধৰিছিল আৰু অগ্নিকাণ্ডৰ ফলত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হয় ৰেষ্টুৰেণ্টখনৰ সম্পত্তি । এই ঘটনাত কোনো লোক হতাহত হোৱাৰ তথ্য এতিয়ালৈকে অহা নাই। সূত্ৰৰ খবৰ অনুসৰি, অগ্নিকাণ্ডৰ সময়ত এছ পি এমত বহু শিক্ষাৰ্থী থকাৰ খবৰ পোৱা গৈছিল ।

উল্লেখ্য যে, এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকৰ মাজত এক হুৱাদুৱা পৰিৱেশ সৃষ্টি হয় । উক্ত অট্টালিকাটোত বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান থকাৰ বাবে স্থানীয় লোকসকল অধিত আতংকিত হৈ পৰিছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...