কোনে অগ্নিসংযোগ কৰিলে যাদৱ পায়েঙে গঢ় দিয়া মূলাই কাঠনিত? জুয়ে দহি নিলে বিস্তীৰ্ণ বনাঞ্চল

এই জুইত বহু মূল্যবান গছপুলি তথা প্ৰকৃতিৰ অপূৰণীয় ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। যাদৱ পায়েঙে গঢ়ি তোলা বিশ্ববিখ্যাত 'মূলাই কাঠনি'ৰ আৰ্হিতেই ব্ৰহ্মপুত্ৰৰ এই চাপৰিটোত ২০২২ চনৰ পৰা নতুনকৈ গছপুলি ৰোপণৰ কাম আৰম্ভ কৰা হৈছিল।

কোনে অগ্নিসংযোগ কৰিলে যাদৱ পায়েঙে গঢ় দিয়া মূলাই কাঠনিত? জুয়ে দহি নিলে বিস্তীৰ্ণ বনাঞ্চল

দাওদাওকৈ জ্বলি উঠিল মূলাই কাঠনি

Updated On: 

29 Dec 2025 | 11:36 AM

অৰণ্য মানৱ হিচাপে বিশ্ব খ্যাত, ৰাজ্যৰ গৌৰৱ যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত নতুনকৈ গঢ়ি তোলা ‘মূলাই কাঠনি ২.০’ত সংঘটিত এই নাৰকীয় কাণ্ডই প্ৰকৃতিপ্ৰেমীসকলক মৰ্মাহত কৰি তুলিছে। দেওবাৰে দুপৰীয়াৰ ভাগত ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত নতুনকৈ গঢ়ি তোলা ‘মূলাই কাঠনি ২.০’ত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। কোনো দুৰ্বৃত্তই এই কাঠনিখনত অগ্নিসংযোগ কৰাৰ ফলত মুহূৰ্তৰ ভিতৰতে জুই বিয়পি পৰে।

এই জুইত বহু মূল্যবান গছপুলি তথা প্ৰকৃতিৰ অপূৰণীয় ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। যাদৱ পায়েঙে গঢ়ি তোলা বিশ্ববিখ্যাত ‘মূলাই কাঠনি’ৰ আৰ্হিতেই ব্ৰহ্মপুত্ৰৰ এই চাপৰিটোত ২০২২ চনৰ পৰা নতুনকৈ গছপুলি ৰোপণৰ কাম আৰম্ভ কৰা হৈছিল।

অৰণ্য মানৱ যাদৱ পায়েঙৰ কন্যা মুনমী পায়েং আৰু প্ৰায় ৭০ জনীয়া এটা যুৱকৰ দলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত এই চাপৰিটোৱে এক সেউজ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। বিগত দুবছৰ ধৰি এই দলটোৱে দিনে-ৰাতি একাকাৰ কৰি চাপৰিটোত হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য লৈছিল।

বৰ্তমানলৈকে এই অগ্নিসংযোগৰ প্ৰকৃত কাৰণ বা ইয়াৰ আঁৰত কোন জড়িত আছে, সেই বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই। কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে এই কাণ্ড সংঘটিত কৰিছে নেকি, তাক লৈও সন্দেহ প্ৰকাশ পাইছে। এক সেউজীয়া সপোনক এইদৰে মষিমূৰ কৰাৰ ষড়যন্ত্ৰক অঞ্চলটোৰ ৰাইজে তীব্ৰ গৰিহণা দিছে।

উল্লেখ্য যে বিগত ২০২২ চনৰ পৰা চাপৰিটোত ধাৰাবাহিকভাৱে গছপুলি ৰোপণ কৰা হৈছিল, সেয়েহে এই জুইৰ ফলত বহু গছপুলি ভস্মীভূত হোৱাৰ সম্ভাৱনা আছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ উচিত তদন্ত আৰু দোষীক কৰায়ত্ত কৰিবলৈ এতিয়া সচেতন মহলে দাবী জনাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...