অনুৰাগীৰ ক্ষোভ, শ্যামকানু মহন্তৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত প্ৰথমটো গোচৰ ৰুজু…

নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষুব্ধ জুবিনৰ অনুৰাগী। ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰথমটো গোচৰ।

অনুৰাগীৰ ক্ষোভ, শ্যামকানু মহন্তৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত প্ৰথমটো গোচৰ ৰুজু...

শ্যামকানু মহন্ত

Updated On: 

19 Sep 2025 | 09:52 PM

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰথমটো গোচৰ। উল্লেখ্য যে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে একাংশ অনুৰাগী জাঙুৰ খাই উঠা দেখা গৈছে। ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে।

শেহতীয়া খবৰ অনুসৰি, শ্যামকানু মহন্তৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ দিয়ে ৰাতুল কলিতা নামৰ এজন অধিবক্তাই। অনুৰাগীয়ে এক প্ৰকাৰে দাবী কৰিছে যে, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যামকানু মহন্ত অসমবাসীৰ ওচৰত জবাবদিহি হ’ব লাগিব।

ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্যামকানু মহন্তই কয় যে, “এয়া কি হৈ গ’ল আমি ধৰিবই নোৱাৰিলো। মই এতিয়া ছিভিল হস্পাতালতে আছো আৰু নিজে উচ্চায়ুক্তৰ সৈতে থাকি যাৱতীয় সকলো কাম-কাজ কৰি আছো।”

শ্যামকানু মহন্তই জনোৱা মতে, আজি জুবিন গাৰ্গেৰ সৈতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো বিষয়-ববীয়া নাছিল। নাও ভাড়া কৰি ছিংগাপুৰৰ অসম সমাজৰ সৈতে এটা দ্বীপলৈ গৈছিল জুবিন গাৰ্গ। সেই সময়ত দুঃসাহসিক ক্ৰীড়া কলাপৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি সদৰী কৰিছে মহন্তই। শ্যামকানু মহন্তই একপ্ৰকাৰে ছিজাৰৰ বাবে জুবিনৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে। তেওঁ এই কথাও স্পষ্ট কৰি দিছে যে, এই ঘটনাৰ খবৰটো জুবিনৰ মেনেজাৰৰ পৰা জানিব পাৰিছিল।

উল্লেখ্য যে,শ্যামকানু মহন্তই জনোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো অনুষ্ঠান বাতিল কৰা হৈছে। তেওঁ লগতে কয় যে, জুবিনৰ হেপাঁহৰ বাবেহে ছিংগাপুৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব