অসমত গ্ৰেপ্তাৰ ভুৱা হোমিঅ’পেথিক চিকিৎসক, ৩ বছৰ ধৰি আগবঢ়াই গৈছিল স্বাস্থ্য সেৱা…

অসমত গ্ৰেপ্তাৰ ভুৱা হোমিঅ’পেথিক চিকিৎসক। জানিব পৰা মতে, সবিতা দাস নামৰ মহিলাগৰাকীয়ে যোৱা ৩ বছৰ ধৰি ভুৱা ডিগ্ৰীৰে স্বাস্থ্য সেৱা আগবঢ়াইছিল।

অসমত গ্ৰেপ্তাৰ ভুৱা হোমিঅ’পেথিক চিকিৎসক, ৩ বছৰ ধৰি আগবঢ়াই গৈছিল স্বাস্থ্য সেৱা...

প্ৰতীকী ছবি

Published: 

19 May 2025 | 02:48 PM

গ্ৰেপ্তাৰ ভুৱা হোমিঅ’পেথিক চিকিৎসক। অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ এণ্টি-কোৱাকেৰী আৰু ভিজিলেন্স বিষয়া ডাঃ অভিজিৎ নেওগৰ নেতৃত্বত চলা অভিযানত কলিয়াবৰ বুঢ়াপাহাৰৰ পৰা গ্ৰেপ্তাৰ হয় ভুৱা হোমিঅ’পেথিক চিকিৎসকজন। অভিযুক্তগৰাকী সবিতা দাস বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, তেজপুৰৰ বাসিন্দা এইগৰাকী মহিলাই যোৱা তিনিবছৰ ধৰি বুঢ়াপাহাৰ চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়াই আহিছিল।

সবিতা দাসে দাবী কৰিছিল যে, তেওঁ অসমৰ নেশ্যনেল এডুকেশ্যন ব’ৰ্ড অৱ অলটাৰনেটিভ মেডিচিন এণ্ড কম্পাউণ্ড হোমিঅ’পেথীৰ ডিপ্লমা আৰু পশ্চিম বংগৰ কাউন্সিল অৱ অলটাৰনেটিভ চিষ্টেমছ অৱ মেডিচিনৰ পৰা পঞ্জীয়নৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। কিন্তু প্ৰকৃততে বোৰ্ড অৱ হোমিঅ’পেথিক চিষ্টেম অৱ মেডিচিনছ, অসমত এই প্ৰতিষ্ঠানসমূহৰ কোনো স্বীকৃতি নাই।

জানিব পৰা মতে, যোৱা ৮ মে’ত অসমৰ হোমিঅ’পেথিক চিষ্টেম অৱ মেডিচিন ব’ৰ্ডৰ পঞ্জীয়ক ডাঃ দিপেন বৰুৱাই ডাঃ অভিজিৎ নেওগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰত তেওঁ এই প্ৰতিষ্ঠানসমূহৰ স্বীকৃতিৰ ওপৰত স্পষ্টতা বিচাৰিছিল। তাৰ পাছতে দেওবাৰে ৫১/২০২৫ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় সবিতা দাসক।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ ২৫ মাৰ্চত অসম চৰকাৰৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ অন্তৰ্গত তেজপুৰৰ বাগিচা স্বাস্থ্য পৰিদৰ্শক ডাঃ অপূৰ্ব কুমাৰ শৰ্মাই ভুৱা চিকিৎসকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছিল।

জানিব পৰা মতে, সবিতা দাসে বুঢ়াপাহাৰ চাহ বাগিচাত কাম কৰি থকাৰ বিপৰীতে সাধন সৰকাৰ নামৰ আন এজন লোক শোণিতপুৰ জিলাৰ পানবাৰী চাহ বাগিচাত কাম কৰি আছিল। এওলোকে অন্য চাহ বাগিচাতো মাজে মাজে সেৱা আগবঢ়াইছিল। সমগ্ৰ তথ্য পোহৰলৈ অহাৰ পাছতড০ অভিজিৎ নেওগৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই সবিতা দাসক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

 

 

অন্য খবৰ পঢ়কঃ গ্ৰেপ্তাৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, পেট্ৰ’ল পাম্প দখলৰ চেষ্টাৰ অভিযোগ…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...