জাতি-ধৰ্ম-ভাষা-বৰ্ণৰ বৈষম্য অবিহনে হ’ব লাগিব উচ্ছেদ অভিযান, চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়লয়ৰ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যিকোনো উচ্ছেদ আৰম্ভ কৰাৰ কমেও ১৫ দিনৰ পূৰ্বে কৰ্তৃপক্ষই জাননী দিব লাগিব। উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহক আগতীয়াকৈ যথাযথভাৱে অৱগত কৰাটো নিশ্চিত কৰিব লাগিব।

জাতি-ধৰ্ম-ভাষা-বৰ্ণৰ বৈষম্য অবিহনে হব লাগিব উচ্ছেদ অভিযান, চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়লয়ৰ

উচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালৰ নিৰ্দেশনা

Published: 

07 Oct 2025 | 01:08 PM

সমগ্ৰ ৰাজ্যৰ চৰকাৰী ভূমি, বনাঞ্চল, জলাশয়ত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত অসম চৰকাৰক এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। সমতা আৰু আইনী অনুসৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদালতে নিৰ্দেশ দিছিল যে জাতি, ধৰ্ম বা ভাষাৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নকৰাকৈ উচ্ছেদ অভিযান চলাব লাগিব।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যিকোনো উচ্ছেদ আৰম্ভ কৰাৰ কমেও ১৫ দিনৰ পূৰ্বে কৰ্তৃপক্ষই জাননী দিব লাগিব। উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহক আগতীয়াকৈ যথাযথভাৱে অৱগত কৰাটো নিশ্চিত কৰিব লাগিব। আদালতে লগতে নিৰ্দেশ দিয়ে যে এনেধৰণৰ সকলো অভিযানত প্ৰতিষ্ঠিত ন্যায়িক পদ্ধতি আৰু চৰকাৰী নিয়ম কঠোৰভাৱে মানি চলিব লাগিব।

ৰাজ্যখনৰ আইনী কৰ্তৃত্ব পুনৰবাৰ উল্লেখ কৰি উচ্চ ন্যায়ালয়ে কয় যে চৰকাৰৰ ৰাজহুৱা ভূমি, বনাঞ্চল, আৰু জলাশয়ৰ পৰা বেদখল আঁতৰোৱাৰ অধিকাৰ আছে। কিন্তু এই প্ৰক্ৰিয়াটো স্বচ্ছ, ন্যায্য আৰু আইনৰ পৰিসীমাৰ ভিতৰত থাকিব লাগিব।

যোৱা কেইমাহমানত গোলাঘাট, বঙাইগাঁও, উৰিয়ামঘাটকে ধৰি কেইবাখনো জিলাত উচ্ছেদ অভিযানে ৰাজহুৱা বিতৰ্কৰ সৃষ্টি কৰিছে। চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলাইছিল যদিও স্থানীয় বহু প্ৰতিবেদনত খিলঞ্জীয়া অসমীয়া পৰিয়ালসমূহো ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল, যাৰ ফলত ব্যাপক সমালোচনাৰ সৃষ্টি হৈছিল।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াক উচ্ছেদ কৰা নহ’ব বুলি আশ্বাস দিছিল। কিন্তু থলুৱা পৰিয়ালসমূহ স্থানচ্যুত হোৱাৰ খবৰ ওলোৱাৰ পিছতে চলি থকা উচ্ছেদ অভিযানে প্ৰতিবাদৰ সূচনা কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সদৌ অসম গৰীয়া জাতীয় পৰিষদে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল, অসমত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বসবাস কৰা খিলঞ্জীয়া অসমীয়া মুছলমানসকলৰ সুৰক্ষাৰ বাবে আবেদন জনাইছিল সংগঠনটোৱে।

ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে থলুৱা বাসিন্দাসকলে উচ্ছেদ অভিযানৰ পৰা ৰেহা পাব বুলি পুনৰ দৃঢ়তা প্ৰকাশ কৰি কয় যে চৰকাৰৰ এই কার্য কেৱল অবৈধ বসতি স্থাপন কৰা লোকৰ বিৰুদ্ধেহে, প্রকৃত অসমীয়া নাগৰিকৰ অধিকাৰ সুৰক্ষিত থাকিব ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব