নিৰাপত্তাক লৈ প্ৰশ্ন ! বৰহোলাৰ জিজিএছত সংঘটিত অগ্নিকাণ্ডত নিহত অভিযন্তা…

বৰহোলাৰ গ্ৰুপ গেদাৰিং ষ্টেচনত মঙলবাৰে কেনেকৈ সংঘটিত হৈছিল অগ্নিকাণ্ড ? মঙলবাৰে বিয়লি প্ৰায় ৩.২০ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত নিহত হৈছে এগৰাকী জ্যেষ্ঠ অভিযন্তা।

নিৰাপত্তাক লৈ প্ৰশ্ন ! বৰহোলাৰ জিজিএছত সংঘটিত অগ্নিকাণ্ডত নিহত অভিযন্তা...

যোৰহাট বৰহোলাৰ অগ্নিকাণ্ড

Updated On: 

08 Jan 2025 | 11:50 AM

যোৰহাটৰ বৰহোলাৰ এটা অ’এনজিচিৰ জিজিএছ (গ্ৰুপ গেদাৰিং ষ্টেচন)ত মঙলবাৰে কেনেকৈ সংঘটিত হৈছিল অগ্নিকাণ্ড ? এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে নিৰাপত্তাৰ দিশটোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে । বৰহোলা গ্ৰুপ গেদাৰিং ষ্টেচনত মঙলবাৰে বিয়লি প্ৰায় ৩.২০ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত নিহত হৈছে এগৰাকী জ্যেষ্ঠ অভিযন্তা।

জানিব পৰা মতে, বৰহোলা গ্ৰুপ গেদাৰিং ষ্টেচনত কালি বিয়লি প্ৰায় ৩.২০ বজাত এটা হিটাৰ ট্ৰিটাৰত হঠাতে সংঘটিত হয় এই অগ্নিকাণ্ড । তথ্য অনুসৰি, এই হিটাৰ ট্ৰিটাৰৰ জৰিয়তে পানীৰ পৰা তেল পৃথক কৰা হয় । এক সূত্ৰ পৰা জানিব পৰা মতে, যোৰহাট জিলাৰ বৰহোলাৰ এই অ’ এন জি চিৰ জি জি এছত হঠাতে সংঘটিত হৈছিল এই অগ্নিকাণ্ড । এই ঘটনা সংঘটিত হোৱাৰ পাছতে অ’ এন জি চিৰ দ্বাৰা সংৰক্ষিত এই সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাৰে ছানি ধৰে ।

এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, এই ঘটনাত এগৰাকী জ্যেষ্ঠ অভিযন্তা নিহত হয় ।

এই সন্দৰ্ভত অ’ এন জি চিৰ এগৰাকী মুখপাত্ৰই কয় যে,”নিৰ্ধাৰিত মেইণ্টেনেন্সৰ কাম চলি থকাৰ সময়তে হিটাৰ ট্ৰিটাৰত অগ্নিকাণ্ড সংঘটিত হয়। ৰাহুল দত্ত নামৰ এজন জ্যেষ্ঠ অভিযন্তা (প্ৰডাকচন) অগ্নিদগ্ধ হৈ প্ৰথমে গুৰুতৰভাৱে আহত হয় । ইয়াৰ পাছতে তেওঁক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত ৰাহুল দত্তৰ মৃত্যু হয় ।”

ইফালে, এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল তাৰ কাৰণ এতিয়াও স্পষ্ট নহয় । মুখপাত্ৰগৰাকীয়ে সদৰী কৰা মতে, অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...