নিৰাপত্তাক লৈ প্ৰশ্ন ! বৰহোলাৰ জিজিএছত সংঘটিত অগ্নিকাণ্ডত নিহত অভিযন্তা…

বৰহোলাৰ গ্ৰুপ গেদাৰিং ষ্টেচনত মঙলবাৰে কেনেকৈ সংঘটিত হৈছিল অগ্নিকাণ্ড ? মঙলবাৰে বিয়লি প্ৰায় ৩.২০ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত নিহত হৈছে এগৰাকী জ্যেষ্ঠ অভিযন্তা।

নিৰাপত্তাক লৈ প্ৰশ্ন ! বৰহোলাৰ জিজিএছত সংঘটিত অগ্নিকাণ্ডত নিহত অভিযন্তা...

যোৰহাট বৰহোলাৰ অগ্নিকাণ্ড

Updated On: 

08 Jan 2025 11:50 AM

যোৰহাটৰ বৰহোলাৰ এটা অ’এনজিচিৰ জিজিএছ (গ্ৰুপ গেদাৰিং ষ্টেচন)ত মঙলবাৰে কেনেকৈ সংঘটিত হৈছিল অগ্নিকাণ্ড ? এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে নিৰাপত্তাৰ দিশটোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে । বৰহোলা গ্ৰুপ গেদাৰিং ষ্টেচনত মঙলবাৰে বিয়লি প্ৰায় ৩.২০ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত নিহত হৈছে এগৰাকী জ্যেষ্ঠ অভিযন্তা।

জানিব পৰা মতে, বৰহোলা গ্ৰুপ গেদাৰিং ষ্টেচনত কালি বিয়লি প্ৰায় ৩.২০ বজাত এটা হিটাৰ ট্ৰিটাৰত হঠাতে সংঘটিত হয় এই অগ্নিকাণ্ড । তথ্য অনুসৰি, এই হিটাৰ ট্ৰিটাৰৰ জৰিয়তে পানীৰ পৰা তেল পৃথক কৰা হয় । এক সূত্ৰ পৰা জানিব পৰা মতে, যোৰহাট জিলাৰ বৰহোলাৰ এই অ’ এন জি চিৰ জি জি এছত হঠাতে সংঘটিত হৈছিল এই অগ্নিকাণ্ড । এই ঘটনা সংঘটিত হোৱাৰ পাছতে অ’ এন জি চিৰ দ্বাৰা সংৰক্ষিত এই সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাৰে ছানি ধৰে ।

এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, এই ঘটনাত এগৰাকী জ্যেষ্ঠ অভিযন্তা নিহত হয় ।

এই সন্দৰ্ভত অ’ এন জি চিৰ এগৰাকী মুখপাত্ৰই কয় যে,”নিৰ্ধাৰিত মেইণ্টেনেন্সৰ কাম চলি থকাৰ সময়তে হিটাৰ ট্ৰিটাৰত অগ্নিকাণ্ড সংঘটিত হয়। ৰাহুল দত্ত নামৰ এজন জ্যেষ্ঠ অভিযন্তা (প্ৰডাকচন) অগ্নিদগ্ধ হৈ প্ৰথমে গুৰুতৰভাৱে আহত হয় । ইয়াৰ পাছতে তেওঁক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত ৰাহুল দত্তৰ মৃত্যু হয় ।”

ইফালে, এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল তাৰ কাৰণ এতিয়াও স্পষ্ট নহয় । মুখপাত্ৰগৰাকীয়ে সদৰী কৰা মতে, অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।

ব্লাড চুগাৰৰ মাত্ৰা হঠাতে হ্ৰাস পালে কি কৰিব! এতিয়াই জানি লওক এইবিষয়ে
কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...