ED raid at Kamakhya Temple: শক্তিপীঠৰ ধনতো লালসা; দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়াৰ ঘৰত ইডিৰ অভিযান

কামাখ্যাত ইডিৰ অভিযান । মাৰ সেৱা ল'বলৈ নহয়, ইডিৰ দল আহিল বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈহে । শক্তিপীঠৰ ধন কোনে কৰিছিল হৰলুকী ? জানক সবিশেষ-

Updated On: 

24 Jan 2025 | 03:27 PM

কামাখ্যা ধাম, ভাৰতৰ প্ৰখ্যাত শক্তিপীঠৰ অন্যতম হৈছে গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত থকা কামাখ্যা ধাম । এই কামাখ্যা ধামৰ ইতিহাস বহু পুৰণি । জাগ্ৰত শক্তিপীঠ হিচাপে সকলোৱে কামাখ্যা মন্দিৰক ভক্তি কৰে । কামাখ্যা মন্দিৰলৈ ভক্ত আহে মাৰ আশীৰ্বাদ ল’বলৈ । ডাঙৰ ডাঙৰ নেতা-মন্ত্ৰী, চিনেমা আৰু খেল জগতৰ তাৰকা, ডাঙৰ ডাঙৰ ব্যৱসায়ী আদিৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈকে সকলোৱেই মাৰ আশিস বিচাৰি কামাখ্যা দেৱালয় দৰ্শন কৰে ।

কামাখ্যা মন্দিৰ

এইবাৰ কামাখ্যা মন্দিৰলৈ আহিল ইডি মানে প্ৰৱৰ্তন সঞ্চালকালয়ৰ এটি দল । ইডি মানেই সকলোৱে জানে কোনো কেলেংকাৰীৰ বিশেষকৈ বিত্তীয় কেলেংকাৰীৰ তদন্তৰ বাবে নিয়োগ কৰা এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা । কামাখ্যালৈ ইডিৰ দলে সেৱা ল’বলৈ অহা নাই । তেন্তে কিয় আহিল ইডিৰ দল নীলাচলৰ বুকুত থকা ধৰ্মীয় অটল বিশ্বাসৰ থলী কামাখ্যা ধামলৈ ?

দেশৰ বহু ডাঙৰ ডাঙৰ বিত্তীয় কেলেংকাৰীৰ ক্ষেত্ৰত ইডিয়ে অভিযান চলোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে । কামাখ্যাতো তেনে এক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । শক্তিপীঠ কমাখ্যাত এনে কেলেংকাৰী সংঘটিত কৰিবলৈ কোনোবাই মৰসাহ কৰিব বুলি ভাবিব পাৰিনে বাৰু ! কিন্তু অভিযোগ মতে এনে বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে কামাখ্যাত ।

ইডিৰ প্ৰেছ বিজ্ঞপ্তি

কামাখ্যাত বিত্তীয় কেলেংকাৰী; অভিযোগৰ আঙুলি কাৰ ফালে ?

ইডিয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ থকা অনুসৰি কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ দ্বাৰা সংঘটিত কৰা হৈছিল বিত্তীয় কেলেংকাৰী । এই কেলেংকাৰীৰ অভিযোগত অভিযুক্ত কৰা হৈছে ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়া ৰিজু প্ৰসাদ শৰ্মা, প্ৰয়াত ধীৰাজ শৰ্মা আৰু প্ৰয়াত নৱকান্ত শৰ্মাক । যোৱা বুধবাৰে ইডিৰ দলে তিনিওগৰাকী ব্যক্তিৰ বাসগৃহত তালাচী চলায় । গুৱাহাটীস্থ ইডিৰ শাখা কাৰ্যালয়ে কামাখ্যা মন্দিৰ পৰিচালনাৰ সৈতে জড়িত দেৱোত্তৰ ব’ৰ্ডৰ পূৰ্বৰ বিষয়ববীয়াৰ বিৰুদ্ধে ধন সৰবৰাহ প্ৰতিৰোধ আইন, ২০০২ ৰ অধীনত চলোৱা হয় তালাচী ।

৭.৬২ কোটি টকাৰ অপব্যৱহাৰৰ অভিযোগ

কামাখ্যা দেৱালয়ৰ দেৱোত্তৰ ব’ৰ্ডৰ বৰ্তমান কোনো অস্তিত্ব নাই যদিও ব’ৰ্ডৰ কাৰ্যকালত পূৰ্বৰ বিষয়ববীয়াসকলে ৭.৬২ কোটি টকা অপব্যৱহাৰ কৰাৰ অভিযোগ আছে । ২০০৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত অভিযুক্তসকলে এই ধনৰাশিৰ অপব্যৱহাৰ কৰা বুলি ইডিৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ ।

কামাখ্যা দেৱালয়ৰ ছবি

মনকৰিবলগীয়া যে, চি আই ডিয়ে ভাৰতীয় দণ্ডবিধি আইন ১৮৬০ ৰ বিভিন্ন ধাৰাত ৰুজু কৰা গোচৰৰ ভিত্তিত তদন্ত চলাইছে ইডিয়ে । অবৈধভাৱে ধন হস্তান্তৰ আৰু কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ পূৰ্বৰ বিষয়ববীয়া কেইজনে ব্যক্তিগত লাভৰ স্বাৰ্থত প্ৰায় ৭.৬২ কোটি টকা নিজৰ ব্যক্তিগত একাউন্টলৈ হস্তান্তৰ কৰাৰ অভিযোগত ইডিয়ে অভিযান চলোৱা বুলি জনাইছে । ইডিয়ে উল্লেখ কৰা অনুসৰি নিৰ্মাণ সামগ্ৰী, ৰাসায়নিক পদাৰ্থ, চাফাই, আৰু অন্যান্য সেৱা সামগ্ৰীৰ বাবদ ধনৰ লেনদেন হোৱা বুলি দেখুৱাই বিষয়ববীয়া কেইজনে ধন হৰলুকী কৰিছিল ।

পৰৱৰ্তী সময়ত এই ধনৰাশি বিষয়ববীয়াসকলে নিজৰ ব্যক্তিগত একাউন্টত জমা কৰিছিল বা নগদ ধন উলিয়াই লগত ৰাখিছিল । অতি চতুৰভাৱে ৫০ হাজাৰতকৈ কম টকাৰ বিল প্ৰস্তুত কৰি বহু কেইখন বিলৰ দ্বাৰা এই ধন হৰলুকী কৰা হৈছিল বুলি ইডিৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ ।

কামাখ্যা দেৱালয়

ইডিৰ অভিযানত দেৱোত্তৰ ব’ৰ্ডৰ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত কৰা ১.৮২ কোটি টকাৰ বীমা পলিচী জব্দ কৰা হৈছে । তাৰ লগতে স্থাৱৰ সম্পত্তি আৰু ব্যৱসায়ৰ সৈতে জড়িত কেতবোৰ নথি-পত্ৰ আৰু ধনৰ লেনদেনৰ সৈতে জড়িত প্ৰায় ২৭ টা বেংক একাউন্ট জব্দ কৰা হৈছে বুলি উল্লেখ কৰিছে ইডিয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...