চিকিৎসকক প্ৰচণ্ড ঘোঁচা ই-ৰিক্সা চালকৰ ! এসপ্তাহৰ ব্যৱধানত দুজনকৈ চিকিৎসকক প্ৰহাৰৰ অভিযোগ জি এম চি এইছৰ সমুখত

চিকিৎসকৰ মতে ই-ৰিক্সা চালকে মাৰিছিল প্ৰচণ্ড ঘোঁচা । কাৰণ তেওঁ বাধা দিছিল জি এম চি এইছৰ সমুখত ই-ৰিক্সা ৰখোৱাত । ই-ৰিক্সা চালকৰ মতে সুৰাসক্ত হৈ চিকিৎসকেহে কৰিছিল আক্ৰমণ । কোন সঁচা কোন মিছা ?

চিকিৎসকক প্ৰচণ্ড ঘোঁচা ই-ৰিক্সা চালকৰ ! এসপ্তাহৰ ব্যৱধানত দুজনকৈ চিকিৎসকক প্ৰহাৰৰ অভিযোগ জি এম চি এইছৰ সমুখত

প্ৰতিনিধিত্বমূলক ছবি

Published: 

30 Jan 2025 12:40 PM

ৰাজ্যত পুনৰ সংঘটিত হৈছে চিকিৎসক নিগ্ৰহৰ এক ঘটনা । পুনৰ স্থান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় । ই-ৰিক্সা চালকৰ হাতত প্ৰহৃত এগৰাকী চিকিৎসক । জি এম চি এইছৰ সমুখত ই-ৰিক্সা ৰখাবলৈ নিদিয়াৰ বাবে আক্ৰমণ কৰাৰ অভিযোগ তুলিছে চিকিৎসা মহাবিদ্যালয়খনত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে ।

মাত্ৰ কেইদিনমান পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ এক ঘটনা । এগৰাকী ফল বেপাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল এজন চিকিৎসকক । সেই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ আন এগৰাকী চিকিৎস আক্ৰমণৰ বলি হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত ।

উত্থাপিত অভিযোগ মতে, জি এম চি এইছৰ জ্যেষ্ঠ চিকিৎসক অমূল্য হাজৰিকাই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সমুখত ই-ৰিক্সা ৰখোৱাত বাধা প্ৰদান কৰিছিল । সেই কথাতে ক্ৰোধিত হৈ ই-ৰিক্সা চালকজনে প্ৰহাৰ কৰে চিকিৎসক হাজৰিকাক । কিন্তু এই অভিযোগ নস্যাৎ কৰিছে ই-ৰিক্সা চালকগৰাকীয়ে । তেওঁ প্ৰতিঅভিযোগ কৰিছে যে চিকিৎসক অমূল্য হাজৰিকাই সুৰাপান কৰি ই-ৰিক্সা চালকজনক আক্ৰমণ কৰিছিল । ঘটনাক কেন্দ্ৰ কৰি ই-ৰিক্সা চালকসকলে জি এম চি এইছৰ অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰে ।

চালকৰ ওপৰত এনে অত্যাচাৰ সহ্য কৰা নহ’ব বুলি দাবী তুলি জি এম চি এইছৰ অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰে ই-ৰিক্সা চালকসকলে । পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাৰ সম্ভাৱনা দেখি ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হয় । আৰক্ষী উপস্থিত হোৱাৰ পাচতেই নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি । উল্লেখ্য যে ভঙাগড় থানাৰ সমীপতে সংঘটিত হয় এই ঘটনা ।

উল্লেখ্য যে যোৱা বুধবাৰেও এগৰাকী কল বেপাৰীয়ে কেঁচিৰে আক্ৰমণ কৰে জি এম চি এইছতে কৰ্মৰত হিমাংশু ৰাজবংশী নামৰ এজন চিকিৎসকক । ফলৰ বজাৰলৈ যোৱা চিকিৎসকগৰাকীৰ সৈতে কোনো কথাত বাক-বিতণ্ডা লাগে কল ব্যৱসায়ী ইমদাদুলৰ । তাৰ মাজতেই ইমদাদুলে কল কাটিবলৈ ব্যৱহাৰ কৰা এখন কেঁচিৰে আক্ৰমণ কৰে চিকিৎসক ৰাজবংশীক । অৱশ্যে পৰৱৰ্তীসময়ত ইমদাদুলক আৰক্ষীয়ে আটক কৰে ।

ইয়াৰ পূৰ্বেও বহুবাৰ ৰাজ্যত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । হোজাইৰ উদালিকাণ্ড, গণ প্ৰহাৰত ডাঃ দেৱেন দত্তৰ মৃত্যু এই ঘটনাবোৰে আজিও ৰাজ্যবাসীৰ বুকু কঁপাই তোলে । তাৰ মাজতে এসপ্তাহৰ ব্যৱধানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকীকৈ চিকিৎসক আক্ৰমণৰ বলি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: মহানগৰীত অঘটন! চিকিৎসকক আক্ৰমণ কল বেপাৰী ইমাদাদুল হকৰ…

এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...