বলপূর্বকভাৱে সংগ্ৰহ কৰিব নোৱাৰিব বৰঙণিঃ পূজা সমিতিলৈ কঠোৰ নিৰ্দেশনা কামৰূপ প্ৰশাসনৰ, মানি চলিব লাগিব এনে নিয়ম

সভাৰ সিদ্ধান্ত অনুসৰি, ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব। সমান্তৰালকৈ দুৰ্ঘটনা প্ৰতিৰোধ, বৈদ্যুতিক সংযোগ আৰু শব্দ ব্যৱস্থাৰ বাবে আগতীয়াকৈ ফিটনেছ প্ৰমাণ পত্ৰ ল'ব লাগিব।

বলপূর্বকভাৱে সংগ্ৰহ কৰিব নোৱাৰিব বৰঙণিঃ পূজা সমিতিলৈ কঠোৰ নিৰ্দেশনা কামৰূপ প্ৰশাসনৰ, মানি চলিব লাগিব এনে নিয়ম

কামৰূপ জিলা প্ৰশাসনৰ বৈঠক

Published: 

18 Sep 2025 18:23 PM

সমাগত শাৰদীয় দুৰ্গোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তত দেৱী দুৰ্গাক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে দুৰ্গোৎসৱৰ আনন্দৰ সময়তে সম্ভাৱ্য যিকোনো পৰিৱেশ তথা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুতি চলাইছে প্ৰশাসনেও মহানগৰীৰ ভিন্ন স্থানতো দুৰ্গা পূজা উদযাপনৰ যোজা আৰম্ভ হৈছে ঠায়ে ঠায়ে আৰম্ভ হৈছে আটকধুনীয়া পূজা মণ্ডপ নিৰ্মাণৰ কাম এনে প্ৰস্তুতিৰ মাজতে আজি গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শাৰদীয় দুৰ্গোৎসৱ উদযাপনক লৈ এক আলোচনা সভা অনুষ্ঠিত হয়

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা আৰক্ষী প্ৰশাসনৰ সহযোগত এই আলোচনা সভা সম্পন্ন হয় আৰক্ষী আয়ুক্ত, জিলা প্ৰশাসনৰ বিষয়া তথা বিভিন্ন পূজা সমিতিৰ পৰা বিষয়ববীয়া এই সভাত উপস্থিত থাকে এই সভাৰ সিদ্ধান্ত মৰ্মে প্ৰশাসনে পূজা সমিতিসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে

সভাৰ সিদ্ধান্ত অনুসৰি, ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি ল’ব লাগিব সমান্তৰালকৈ দুৰ্ঘটনা প্ৰতিৰোধ, বৈদ্যুতিক সংযোগ আৰু শব্দ ব্যৱস্থাৰ বাবে আগতীয়াকৈ ফিটনেছ প্ৰমাণ পত্ৰ ল’ব লাগিব পূজা মণ্ডপত অগ্নিনিৰ্বাপক সঁ‌জুলিৰ ব্যৱস্থা থাকিব লাগিব বুলিও প্ৰশাসনে নিৰ্দেশনা দিছে

প্ৰশাসনে লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই অনুসাৰে পূজা মণ্ডপসমূহে শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব, পূজা মণ্ডপসমূহত CCTVৰ ব্যৱস্থা থাকিব লাগিব, পূজা সমিতিসমূহে স্বেচ্ছাসেৱকৰ তালিকা আগতীয়াকৈ আৰক্ষীক দাখিল কৰিব লাগিব, যান-বাহন নিয়ম মানি চলিব লাগিব, অপ্ৰয়োজনীয়ভাৱে পথ অৱৰোধ কৰিব নোৱাৰিব।

জৰুৰীকালীন চিকিৎসা সেৱা লাভৰ বাবে ব্যৱস্থা নিশ্চিত কৰিবলৈও পূজা সমিতিসমূহক নিৰ্দেশ দিয়া হৈছে লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈও পূজা সমিতিসমূহক নিৰ্দেশ দিয়া হৈছে তদুপৰি মণ্ডপসমূহৰ আশে-পাশে মাদক দ্ৰব্য মুক্ত অঞ্চল বুলি ফলক থাকিব লাগিব পূজা মণ্ডপৰ ১০০ মিটাৰ ব্যাসাৰ্ধত কোনো পাৰ্কিং জ’নৰ ব্যৱস্থা থাকিব নালাগিব বুলিও প্ৰশাসনে নিৰ্দেশনা দিছে

ইফালে মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰতো জিলা প্ৰশাসনে কিছুমান নিয়ম বান্ধি দিছে আৰু এই নিয়মসমূহ মানি চলিব লাগিব বুলিও কঠোৰ নিৰ্দেশনা দিছে এনে নিৰ্দেশনা মতে অনুমতি নোলোৱাকৈ অকৰ্তৃত্বশীলভাৱে কোনো শোভাযাত্ৰা উলিয়াব নোৱাৰিব লগতে বিসৰ্জনৰ সময়ত কোনো ফটকাজাতীয় সামগ্রী ব্যৱহাৰতো বাধা আৰোপ কৰা হৈছে

জিলা প্ৰশাসনে লগতে আজিৰ এই সভাত পূজা সমিতিসমূলৈ আন এক স্পষ্ট নিৰ্দেশনা দিছে প্ৰশাসনে পূজা সমিতিসমূহক বৰঙনি সংগ্ৰহৰ ক্ষেত্ৰত কিছু কঠোৰ নিৰ্দেশনা আৰোপ কৰিছে সেই নিৰ্দেশনা অনুসৰি পূজা উদযাপনৰ নামত আয়োজক সমিতিসমূহে কাৰোৰে পৰা বলপূর্বকভাৱে বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...