ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ, কি হ’ব পত্নী ডাঃ সংগীতা দত্তৰ?

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে। কিন্তু বৰ্তমানেও জামিন লাভ কৰা নাই পত্নী ডাঃ সংগীতা দত্তই। সম্পূৰ্ণ দুবছৰৰ অন্তত জামিন লাভ চিকিৎসক ৱালিউলে।

ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ, কি হব পত্নী ডাঃ সংগীতা দত্তৰ?
Updated On: 

28 Oct 2025 | 07:15 PM

গুৱাহাটীৰ চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ২০২৩ চনৰ ৫ মে’ত গ্ৰেপ্তাৰ হোৱা চিকিৎসক দম্পতী কাৰাবন্দী হৈ আছিল।

প্ৰথমে এই দম্পতীয়ে তোলনীয়া সন্তানক ঘৰৰ ছাঁদত প্ৰখৰ ৰ’দত বান্ধি থোৱাৰ অভিযোগ উঠিছিল। স্থানীয় একাংশ লোকে দিয়া অভিযোগৰ ভিত্তিতেই গ্ৰেপ্তাৰ হৈছিল দুয়ো। তেওঁলোকৰ ওপৰত গুৱাহাটীস্থ POSCO বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।

এই ঘটনাৰ ভুক্তভোগী শিশুটোৱে আদালতত দিয়া ভাষ্যই চিকিৎসক দম্পতীৰ পৈশাচিক কাৰুকাৰ্যক উন্মোচিত‌ কৰে।শিশু নিৰ্যাতনকাৰী ডাঃ সংগীতা দত্ত আৰু স্বামী ৱালিউলৰ বাৰে বাৰে জামিন আবেদন কৰিছিল যদিও, সেই আৱেদন নাকচ হৈছিল।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে। কিন্তু বৰ্তমানেও জামিন লাভ কৰা নাই পত্নী ডাঃ সংগীতা দত্তই। সম্পূৰ্ণ দুবছৰৰ অন্তত জামিন লাভ চিকিৎসক ৱালিউলে। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাকৈ দুজন জামিনদাৰ ধাৰ্যৰে ডা:ইছলামৰ জামিন মঞ্জুৰ কৰিলে ৷

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...