ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ, কি হ’ব পত্নী ডাঃ সংগীতা দত্তৰ?

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে। কিন্তু বৰ্তমানেও জামিন লাভ কৰা নাই পত্নী ডাঃ সংগীতা দত্তই। সম্পূৰ্ণ দুবছৰৰ অন্তত জামিন লাভ চিকিৎসক ৱালিউলে।

ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ, কি হব পত্নী ডাঃ সংগীতা দত্তৰ?
Updated On: 

28 Oct 2025 19:15 PM

গুৱাহাটীৰ চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ২০২৩ চনৰ ৫ মে’ত গ্ৰেপ্তাৰ হোৱা চিকিৎসক দম্পতী কাৰাবন্দী হৈ আছিল।

প্ৰথমে এই দম্পতীয়ে তোলনীয়া সন্তানক ঘৰৰ ছাঁদত প্ৰখৰ ৰ’দত বান্ধি থোৱাৰ অভিযোগ উঠিছিল। স্থানীয় একাংশ লোকে দিয়া অভিযোগৰ ভিত্তিতেই গ্ৰেপ্তাৰ হৈছিল দুয়ো। তেওঁলোকৰ ওপৰত গুৱাহাটীস্থ POSCO বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।

এই ঘটনাৰ ভুক্তভোগী শিশুটোৱে আদালতত দিয়া ভাষ্যই চিকিৎসক দম্পতীৰ পৈশাচিক কাৰুকাৰ্যক উন্মোচিত‌ কৰে।শিশু নিৰ্যাতনকাৰী ডাঃ সংগীতা দত্ত আৰু স্বামী ৱালিউলৰ বাৰে বাৰে জামিন আবেদন কৰিছিল যদিও, সেই আৱেদন নাকচ হৈছিল।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে। কিন্তু বৰ্তমানেও জামিন লাভ কৰা নাই পত্নী ডাঃ সংগীতা দত্তই। সম্পূৰ্ণ দুবছৰৰ অন্তত জামিন লাভ চিকিৎসক ৱালিউলে। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাকৈ দুজন জামিনদাৰ ধাৰ্যৰে ডা:ইছলামৰ জামিন মঞ্জুৰ কৰিলে ৷

 

চুলি চিঙি চিঙি যায় নেকি? কেনেকৈ দূৰ কৰিব সমস্যা জানক
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...