প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনাৰ ফলঃ ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি
গৃহ বিভাগৰ জাননী অনুসৰি পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত লীনা দলে এতিয়া গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্যালয়ত নিযুক্ত হ’ব। ইফালে গুৱাহাটীৰ কাহিলীপাৰাস্থিত ৪ৰ্থ এ পি বি এনৰ কমাণ্ডেণ্ট দেৱাশীষ বৰাক লীনা দলেৰ স্থানত অস্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা হৈছে।

লীনা দলেক বদলি
যোৱা ১০ ছেপ্টেম্বৰত ধুবুৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। সদৌ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জত কোচ ৰাজবংশী ছাত্ৰ সন্থা, আক্ৰাছুৱে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। আক্ৰাছুৱে উদ্যোগ লোৱা এই প্ৰতিবাদত অংশ লৈছিল যথেষ্ঠ সংখ্যক স্থানীয় লোকে। এই প্ৰতিবাদৰ সময়তে দেখা গৈছিল এক বিক্ষিপ্ত দৃশ্য। জনজাতিকৰণৰ দাবীত প্ৰতিবাদত নমা এই লোকসকলৰ ওপৰত আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানে।
আৰক্ষী আৰু চি আৰ পি এফৰ এই লাঠি চালনাত আহত হৈছিল কেইবাজনো লোক। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদৰ। এফালে এই ঘটনাক কেন্দ্ৰ কৰি বিৰোধীয়ে শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰক তীক্ষ্ণ সমালোচনা কৰাৰ বিপৰীতে আনফালে আক্ৰাছুৰ লগতে আন জনগোষ্ঠীয় সংগঠনসমূহে এই ঘটনাৰ তদন্ত দাবী কৰিছিল।
আক্ৰাছুৱে এই ঘটনাৰ সৈতে জড়িতসকলৰ কঠোৰ শাস্তি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই ঘটনাৰ পিছতে দুগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই লাঠিচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন কৰা হৈছিল।
আনহাতে গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল। ইফালে ঘটনাৰ পৰিপ্ৰেক্ষিতত ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ শাস্তি দাবী কৰিছিল আক্ৰাছুৱে। আজি গৃহ বিভাগে এক জাননী জাৰি কৰি লীনা দলেক শাস্তিমূলক বদলি কৰিছে। ধুবুৰীৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনাৰ ঘটনাৰ বাবে আৰক্ষী বিষয়াগৰাকীৰ ওপৰত এনে ব্যৱস্থা লোৱা হৈছে।
গৃহ বিভাগৰ জাননী অনুসৰি পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত লীনা দলে এতিয়া গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্যালয়ত নিযুক্ত হ’ব। ইফালে গুৱাহাটীৰ কাহিলীপাৰাস্থিত ৪ৰ্থ এ পি বি এনৰ কমাণ্ডেণ্ট দেৱাশীষ বৰাক লীনা দলেৰ স্থানত অস্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত দেৱাশীষ বৰা এই পদত নিযুক্ত হৈ থাকিব।