ধুবুৰীত অপ্ৰীতিকৰ ঘটনা! দুই আৰক্ষী বিষয়াক নিলম্বন আৰু ৰিজাৰ্ভ ক্ল’জ, তদন্তৰ আওতালৈ SSP লীনা দলে…

ধুবুৰীত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পাছতেই এজন অ'চিক নিলম্বন কৰাৰ বিপৰীতে এজনক ৰিজাৰ্ভ ক্ল'জ কৰে। ইয়াৰ বিপৰীতে তদন্তৰ আওতালৈ আহিছে এছ এছ পি লীনা দলে।

ধুবুৰীত অপ্ৰীতিকৰ ঘটনা! দুই আৰক্ষী বিষয়াক নিলম্বন আৰু ৰিজাৰ্ভ ক্লজ, তদন্তৰ আওতালৈ SSP লীনা দলে...

ধুবুৰী

Published: 

11 Sep 2025 11:15 AM

বুধবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পাছতে দুগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ। ঘটনাত জড়িত থকাৰ অভিযোগত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।

ইয়াৰ বিপৰীতে ধুবুৰীৰ এছ এছ পি লীনা দলে আৰু ২ গৰাকী উপ- আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে বৰ্তমান তদন্ত চলি আছে। তদন্ত কমিটীয়ে ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পাছতে জানিব পৰা যাব যে এইকেইগৰাকী আৰক্ষী বিষয়া কি ধৰণে এই ঘটনাত জড়িত হৈ আছে।

উল্লেখ্য যে, কালি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত এক বিশাল প্ৰতিবাদী জোঁৰ সমদল অনুষ্ঠিত হৈছিল। কিন্তু এই প্ৰতিবাদকাৰীসকলক বৰ্বৰভাৱে আক্ৰমণ কৰে আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানে। যাৰ পাছতেই বহু প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক হাস্পাতালত ভৰ্তি কৰাবলগীয়া হয়। এই ঘটনাৰ পাছতে মাজনিশা জিলাখন অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হৈ ঘটনাৰ বুজ লয়।

আজিও জিলাখনৰ পৰিস্থিতি উন্নত হোৱা নাই। আক্ৰাছুৱে জিলাখনত ১২ ঘন্টীয়া বন্ধৰ আহ্বান কৰিছে।  এই বন্ধক সমৰ্থন জনাই ৰাইজৰ দলে ৰাজপথলৈ ওলাই আহিছে। সাধাৰণ ৰাইজেও এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়োৱা দেখা গৈছে। ধুবুৰীত দোকান-পোহৰ বন্ধ হৈ পৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত একাংশ দল-সংগঠনে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অংশ লৈ ৰাইজৰ দলৰ কৰ্মীসকলে ২৪ ঘণ্টাৰ ভিতৰতে ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক নিলম্বন কৰাৰ দাবী জনায়। যদি এনে নকৰে তেন্তে সমগ্ৰ ধুবুৰী জিলা অনিৰ্দিষ্টকালিন বন্ধৰ হুংকাৰ প্ৰদান কৰে দলটোয়ে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈ আহিছে। কালিও এই দাবী প্ৰতিবাদ সাব্যস্ত হয় যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰে। কিন্তু পৰিস্থিতি এনে হয় যে, আৰক্ষী, চি আৰ পি এফৰ জোৱানে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰে। এই ঘটনাৰ ফলত অৰ্ধশতাধিক পুৰুষ-মহিলা আহত হয়।

বৰ্তমান আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আহতসকলৰ স্বাস্থ্যৰ বুজ লৈ আশ্বাস দিয়ে যে, এই সকলো আহতৰ চিকিৎসা চৰকাৰে কৰিব। ইয়াৰোপৰি তেওঁ কয় যে, ভুল বুজাবুজিৰ বাবে এনে হৈছে। গতিকে বিষয়টো আলোচনা কৰা হ’ব।

 

অন্য খবৰ পঢ়়কঃ ধুবুৰীত কোচ ৰাজবংশী প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ আৰক্ষী, CRPF জোৱানৰ, উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…

অৱশেষত অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ! ২২১ দিনৰ অন্তত ভাৰতীয় দলে দেখিলে এনে সফলতাৰ মুখ
বৃক্কৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত চকুত কি কি লক্ষণে দেখা দিয়ে? জানক...
ধনতেৰাচত মহাপুৰুষ ৰাজযোগ! অত্যন্ত শুভ এই ৩ ৰাশিৰ লোকৰ বাবে...
জিভাত বাৰে বাৰে ঘাঁ হয় নেকি? কাৰণ জানক..