ৰাজনীতিৰ ক্ষেত্ৰখন অতি বেয়া, সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ লৈছেঃ দীপলিনা ডেকা
দীপলিনা ডেকাৰ এক বিশেষ পোষ্ট। সামাজিক মাধ্যমত পোষ্ট কৰি দীপলিনাই কয় যে, একাংশই জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ লৈছে। ৰাজনীতিৰ ক্ষেত্ৰখন অতি বেয়া বুলি উল্লেখ কৰিছে তেওঁ। এই পোষ্টে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দীপলিনা ডেকা
ৰাজনীতি সন্দৰ্ভত ডাঙৰ মন্তব্য কণ্ঠশিল্পী দীপলিনা ডেকাৰ। সামাজিক মাধ্যমযোগে তেওঁ দাবী কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ সকলোৱে লৈছে। ইয়াৰ লগতে তেওঁ ৰাজনীতি বেয়া পোৱাৰ কথা উল্লেখ কৰে। পোষ্টটোত তেওঁ স্পষ্টকৈ কাৰো নাম উল্লেখ কৰা নাই যদিও ক্ষমতাৰ বাবে কেনেকৈ একাংশই তৰল ৰাজনীতিত নামি পৰে সেই কথা উল্লেখ কৰে।
দীপলিনাই লিখে- “এটা সময় আছিল, কৈছিলো, সদায়, ৰাজনীতি ভাল পাওঁ, ভাল লাগে। আজি অতি দুখ মনেৰে, খুব লাজ পায় কৈছো, নাই, নালাগে, অতি বেয়া এই ক্ষেত্ৰ খন! সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা! এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে। কি দল, কোন নেতা, কোন দলৰ সভাপতি, প্ৰায় সকলোৱে, কোনো বাকী নাই। জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যেন অনুভৱ কৰিছো। আমি সকলোবোৰ জানো, বুজো, কিন্তু কি কম, কাক কম, শুনিবনে, বুজিবনে?
আমি নতুন প্ৰজন্ম। Productive আৰু Progressive Politics বিচাৰো, আমাৰ কাৰণে, দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভূ’!
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে অসমৰ প্ৰেক্ষাপট বহু সলনি হৈ পৰিছে। সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আহিছে। ইয়াৰ মাজতে একাংশই জুবিনৰ হত্যাৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ বিভিন্ন ফটো ভাইৰেল কৰিছে। য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰী, কণ্ঠশিল্পী আদিকো দেখা গৈছে। এই শ্যামকানু আৰু দীপলিনৰ এখন সাধাৰণ ফটোও পোহৰলৈ আহিছে।
ইয়াৰ মাজতে কালি হিমন্ত বিশ্ব শৰ্মাই লুৰিণ জ্যোতি গগৈ আৰু অখিলক উদ্দেশ্য কৰি মন্তব্য কৰে। তেওঁ কয় যে, অখিল আৰু লুৰিণে একেলগে কথা পাতি প্ৰশ্ন কৰি আছে। তেওঁলোকে সকলো কথা মুকলি কৰি দিব লাগে বুলি কয়। শৰ্মাই কয়, ”যদি সকলো কথা মুকলি কৰি দিও তেতিয়া ক’ব মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে। নিদিলেও ক’ব চৰকাৰে লুকুৱাইছে বুলি। গতিকে তদন্তত আৰক্ষীৰ ওপৰত বিশ্বাস কৰিব লাগিব। কেতিয়াবা অখিল আৰু লুৰিণে জুবিনৰ হৈ চিন্তা কৰিছিল নেকি”।
শৰ্মাই আৰু কয় যে, “সকলোৰে পত্নীৰ কথা কৈ আছে। মই কাৰোবাৰ প্ৰেমিকাৰ কথা কব গৈছো নেকি? তেওঁৱটো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিল। মই ক’ব যোৱা নাই। মই যদি সবৰ বিষয়ে কবলৈ যাওঁ মহাভাৰত হৈ যাব”। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে দিপলীনাৰ এই মন্তব্যই এতিয়া বিশেষ গুৰুত্ব বহন কৰিছে।
অন্য খবৰ পঢ়কঃ চৰকাৰী কৰ্মচাৰীৰ পৰা শিক্ষাৰ্থীলৈ, কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…