DB stock scam : কেতিয়াৰ পলাই আছিল মহাপ্ৰৱঞ্চক দীপাংকৰ ? কেনেকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী ?

আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই কয় যে, এই গোচৰৰ তদন্তৰ সময়ত দীপাংকৰ বৰ্মনক বিচাৰি থকা হৈছিল । আমাৰ হাতত দায়িত্ব থকাৰ সময়ত তেওঁক অপৰাধী হিচাপে চিনাক্তকৰণ কৰা হৈছিল । কিন্তু সেই সময়ত তেওঁৰ কোনো সন্ধান পোৱা নগ'ল । অৱশ্যে দীপাংকৰক কৰায়ত্ব কৰাৰ বাবে মহানগৰ আৰক্ষীৰ ফালৰ পৰা সকলো প্ৰচেষ্টা চলাই থকা হৈছিল বুলি উল্লেখ কৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

DB stock scam : কেতিয়াৰ পলাই আছিল মহাপ্ৰৱঞ্চক দীপাংকৰ ? কেনেকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল মহানগৰ আৰক্ষী ?

গোৱাত ডিবি ষ্টক কেলেংকাৰীৰ দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

Updated On: 

28 Oct 2024 18:44 PM

দেওবাৰে গোৱাৰ পৰা ট্ৰেডিং কেলেংকাৰী কাণ্ডৰ আন এগৰাকী মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।এচিপি অমিত মাহাতোৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। দীপাংকৰে আত্মগোপন কৰি থকা হোটেলৰ কোঠাৰ পৰা বৃ্হৎ পৰিমাণৰ ধন, বুজন পৰিমাণৰ সোণও জব্দ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত আজি আৰক্ষী আয়ুক্তই সংবাদমেল সম্বোধন কৰে ।

আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই কয় যে, দীপাংকৰ বৰ্মনৰ গোচৰত এতিয়ালৈকে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । মহাপ্ৰৱঞ্চক দীপাংকৰৰ পিতৃ-মাতৃ, তেওঁৰ দুগৰাকী বান্ধৱী, তেওঁ একাউণ্টেনক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে । লগতে এই গোচৰত তেওঁলোক সোধ-পোছ কৰা হৈছে বুলিও জানিবলৈ দিছে বিষয়া গৰাকীয়ে  ।

তেওঁ কয় যে, এই গোচৰৰ তদন্তৰ সময়ত দীপাংকৰ বৰ্মনক বিচাৰি থকা হৈছিল । আমাৰ হাতত দায়িত্ব থকাৰ সময়ত তেওঁক অপৰাধী হিচাপে চিনাক্তকৰণ কৰা হৈছিল । কিন্তু সেই সময়ত তেওঁৰ কোনো সন্ধান পোৱা নগ’ল । অৱশ্যে দীপাংকৰক কৰায়ত্ব কৰাৰ বাবে মহানগৰ আৰক্ষীৰ ফালৰ পৰা সকলো প্ৰচেষ্টা চলাই থকা হৈছিল বুলিও উল্লেখ কৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

কেতিয়াৰ পৰা পলাই আছিল দীপাংকৰ ?

আৰক্ষীয়ে আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে, মহাপ্ৰৱঞ্চক দীপাংকৰৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ২২ আগষ্ট তাৰিখে পঞ্জীয়ন কৰা হৈছিল । যিটো গোচৰ ইতিমধ্যে চিবিআইলৈ হস্তান্তৰ কৰা হৈছে । তেওঁ কয় যে, মহানগৰ আৰক্ষীৰ তদন্তত দেখা গ’ল যে, মহাপ্ৰৱঞ্চক দীপাংকৰে প্ৰথমটো গোচৰ পঞ্জীয়ন হোৱাৰ পূৰ্বেই ১৮ আগষ্টত অসমৰ পৰা পলায়ন কৰিছে । ১৮ আগষ্টৰ পৰা দীপাংকৰৰ কোনো সন্ধান পোৱা নাছিল মহানগৰ আৰক্ষীয়ে ।

গোৱাৰ পৰা কেনেকৈ দীপাংকৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ?

আৰক্ষীৰ আয়ুক্ত গৰাকীয়ে জানিবলৈ দিছে যে, সন্ধানহীন হোৱাৰ দিনটোৰ পৰা মহানগৰ আৰক্ষীয়ে এটা টেকনিকেল টিমে দীপাংকৰৰ অৱস্থিতিৰ উলিয়াবৰ বাবে অনুসন্ধান চলাই আছিল । এই টেকনিকেল অনুসন্ধানত তেওঁ অৱস্থিতি গোৱাত পোৱা গৈছিল । সেই সময়ত মহানগৰ আৰক্ষীৰ এটা দল গোৱালৈ গৈ দুটা সপ্তাহ বাহৰ পাতি দীপাংকৰক কৰায়ত্ব কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল বুলি জানিবলৈ দিয়ে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

বিষয়া গৰাকী জানিবলৈ দিয়ে যে, সেই সময়ত গোৱাত সঘনাই ঠাই, হোটেল সলনি কৰিছিল দীপাংকৰে । যাৰ বাবে মহানগৰ আৰক্ষীৰ এই দলটো দীপাংকৰক কৰায়ত্ব কৰাত ব্য়ৰ্থ হয় । কিন্তু গোৱাত চলিবলৈ তেওঁ কেনেকৈ টকা পাইছিল, ক’ৰ পৰা পাইছিল সেই সন্দৰ্ভত কিছু ইনপুট পোৱা গৈছিল বুলি সদৰী কৰিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

তেওঁ জানিবলৈ দিছে যে, মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ সন্ধান উলিয়াবলৈ বিভিন্ন সূত্ৰৰ সৈতে যোগাযোগত আছিল । শেহতীয়াকৈ সূত্ৰ খবৰ ভিত্তিত দক্ষিণ গোৱাৰ এটা ভিতৰুৱা অঞ্চলত দীপাংকৰৰ অৱস্থিতি পোৱা যায় । তাৰ পাছতে লগে লগে মহানগৰ আৰক্ষীৰ এটা দল গোৱালৈ যায় । দক্ষিণ গোৱাৰ বাৰনেম আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ এখন হোটেলৰ পৰা দীপাংকৰক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিবৈ দিছে আৰক্ষী আয়ুক্ত ।

উল্লেখ্য যে, দীপাংকৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ৰুজু কৰা এটা নতুন গোচৰৰ তদন্তত আৰক্ষীৰ দলটো গোৱালৈ গৈছিল । এই গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

কেতিয়া অসমলৈ অনা হ’ব দীপাংকৰক ?

এই সন্দৰ্ভত আৰক্ষীৰ বিষয়া গৰাকীয়ে কয় যে, যিহেতু অন্য ৰাজ্যত দীপাংকৰক গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে মহানগৰ আৰক্ষীয়ে কিছু প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব । আজি দীপাংকৰক পাৰনেম আদালতত সাজি কৰা হয় আৰু আদালতৰ অনুমতি লাভ কৰাৰ পাছতে তেওঁক অসমলৈ অনা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

লগতে বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে, দীপাংকৰক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এতিয়ালৈকে তেওঁক কোনো ধৰণৰ সোধ-পোছ কৰা নাই । অসমলৈ অনাৰ পাছতহে তেওঁক সোধ-পোছ কৰিব আৰক্ষীয়ে ।

Related Stories
Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
Top News in Assamese: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা, ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ
Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !
আওকাণ নকৰিব, এই প্ৰাৰম্ভিক লক্ষণসমূহে যকৃতৰ ক্ষতিৰ ইংগিত দিব পাৰে
শোৱাৰ বাবে কোনটো দিশ আটাইতকৈ শুভ? কোনটো দিশত শুৱ নালাগে? সবিশেষ জানক