Db stock broking scam: ৭ হাজাৰ কোটি টকা! কোনে কোনে লাভ কৰিব দীপাংকৰৰ ধন, ক’লে জি পি সিঙে…

Db stock broking scam: ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত দীপাংকৰ বৰ্মন। গোৱাৰ পাৰ্ণেম আদালতে ট্ৰেনজিত ৰিমাণ্ড দিয়াৰ পাছতেই আজি দীপাংকৰক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে। প্ৰায় ৭ হাজাৰ কোটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগ দীপাংকৰৰ বিৰুদ্ধে।

Db stock broking scam: ৭ হাজাৰ কোটি টকা! কোনে কোনে লাভ কৰিব দীপাংকৰৰ ধন, কলে জি পি সিঙে...

দীপাংকৰ বৰ্মন

Published: 

29 Oct 2024 10:24 AM

প্ৰায় ৬৬ দিন পলায়ন কৰি ফুৰাৰ পাছত দেওবাৰে গোৱাৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠনৰ অভিযোগত অভিযুক্ত দীপাংকৰে দীৰ্ঘদিন ধৰি পলায়ন কৰি আছিল। ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত দীপাংকৰ বৰ্মন। এচিপি অমিত মাহাতোৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। অভিযানকালত আৰক্ষীয়ে দীপাংকৰৰ পৰা বহু পৰিমাণৰ ধন, সোণ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা টকাৰ পৰিমাণ প্ৰায় ২৭ লাখ ৬ হাজাৰ টকা।

জানিব পৰা মতে, মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে দীপাংকৰৰ ট্ৰেনজিত ৰিমাণ্ড লাভ কৰে। গোৱাৰ পাৰ্ণেম আদালতে ট্ৰেনজিত ৰিমাণ্ড দিয়াৰ পাছতেই আজি দীপাংকৰক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে।

কম টকাৰ বিনিময়ত অধিক টকা লাভৰ প্ৰলোভন দি বিভিন্নজনক জালত পেলাইছিল দীপাংকৰে। এই কেলেংকাৰীত দীপাংকৰৰ প্ৰেমিকা মনালিছাৰ নামো সাঙোৰ খাই পৰিছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দীপাংকৰৰ প্ৰেমিকাক। অভিযোগ অনুসৰি দীপাংকৰে প্ৰায় ৭ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে। দীপাংকৰৰ ডিবি ষ্টকত ৰাজ্যৰ লগতে দেশৰ বিভিন্নলোকে কোটি কোটি টকা বিনিয়োগ কৰিছিল।

দীপাংকৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, মই সদায় কৈ আহিছো যে এদিন নহ’লে এদিন ধৰা পৰিবই। প্ৰত্যেকে এক ফুটপ্ৰিন্ট এৰি থৈ যায়। আমি এই গোচৰৰ তদন্তৰ ক্ষেত্ৰত চিবিআইৰ লগত যোগাযোগত আছিলো আৰু তেওঁলোকে আমাক যথেষ্ঠ সহায় কৰিছিল। তাৰ পাছত আমি তেওঁ অৱস্থান বিচাৰিবলৈ সক্ষম হও। বাকী যি পলাতক আছে খুব সোনকালে ধৰা পৰিব।

দীপাংকৰৰ সম্পত্তি আৰু বিনিয়োগকাৰী সন্দৰ্ভত সিঙে কয় যে, বিনিয়োগকাৰীসকলৰ যি সম্পত্তি আছে,  য’ত বিনিয়োগ কৰিছে সেয়া আইন অনুসৰি ঘূৰাই দিয়া হ’ব। অৱশ্যে তদন্ত শেষ হোৱাৰ পাছত এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। আমি তদন্তৰ সময়ত তেওঁৰ বহু সম্পত্তি জব্দ কৰিবলৈ সক্ষম হৈছো আৰু বৰ্তমানো তদন্ত চলি আছে। এই ক্ষেত্ৰত চিবিআইৰ বিষয়াসকলে তদন্ত কৰি আছে বুলি উল্লেখ কৰি সিঙে কয় যে,  মই ভাবো তদন্তৰ কেইমাহমান পাছত এনে পৰ্যায় আহি পাব যে বিনিয়োগকাৰীসকলে বিনিয়োগ কৰা ধন কিছু পৰিমাণে হ’লেও ঘূৰাই পাব। অৱশ্যে ইয়াৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে প্ৰমাণ দিব লাগিব।

উল্লেখ্য যে, গুৱাহাটীৰ জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ উলুবাৰীত বিগত ৩ বছৰ ধৰি ডি বি ষ্টক কনছালটেন্সীৰ নামত এক বিত্তীয় প্ৰতিষ্ঠান খুলি সমগ্ৰ দেশতেই কোটি কোটি টকাৰ লুণ্ঠন কৰিছিল। সাধাৰণ ৰাইজে তেওঁৰ প্ৰতিষ্ঠানত ধন জমা ৰাখিলে এমাহত ৭ শতাংশ, দুমাহত ১৪ শতাংশ, ৬ মাহত ৫১ শতাংশ, ১ বছৰত ১২০ শতাংশ লাভেৰে ধন ঘূৰাই দিয়াৰ প্ৰলোভন দিছিল। এই প্ৰলোভনত পৰিয়েই বহুতে ধন বিনিয়োগ কৰিছিল।

 

ঘৰৰ দক্ষিণ দিশত ৰাখক এইসমূহ বস্তু, দেৱী লক্ষ্মীৰ কৃপাত আগমন ঘটিব ধন-সম্পদৰ
বহু গুৰুতৰ ৰোগৰ অন্যতম এটা কাৰণ মানসিক চাপ, ইয়াৰ পৰা উপশম পোৱাৰ উপায় জানক
১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...
পত্নীৰ ফটো মানিবেগত ৰাখিব লাগেনে? এনে অভ্যাসৰ বাবে ধনৰ আগমন ঘটে নে ক্ষতি হয় চাওক