দৰঙৰ ছাত্ৰ মৃত্যুৰ ঘটনাঃ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীৰ দৰমহা অনিৰ্দিষ্টকাললৈ বন্ধ…

Darrang: , ২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ। এই ঘটনাৰ পাছতেই এজনক ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক আটক কৰিছিল আৰক্ষীয়ে।

দৰঙৰ ছাত্ৰ মৃত্যুৰ ঘটনাঃ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীৰ দৰমহা অনিৰ্দিষ্টকাললৈ বন্ধ...

দৰং ছাত্ৰ

Published: 

26 Sep 2024 15:33 PM

দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ সকলো শিক্ষক- কৰ্মচাৰীৰ দৰমহা বন্ধৰ নিৰ্দেশ দৰং বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ৰ।  জ্যেষ্ঠ ছাত্ৰ প্ৰহাৰত কনিষ্ঠ ছাত্ৰগৰাকীৰ মৃত্যু হোৱাৰ পাছতেই বুধবাৰে বিদ্যালয়খনত উপস্থিত হৈছিল দৰঙৰ বিদ্যালয়ৰ পৰিদৰ্শক চেমিনা ইয়াছমিন আৰা ৰহমান। তাৰ পাছতেই পৰিদৰ্শক কাৰ্যালয়ৰ পৰা এক জাননী জাৰি কৰি সকলো শিক্ষক- কৰ্মচাৰীৰ দৰমহা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰখাৰ নিৰ্দেশ জাৰি কৰে।

ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি কৰে বিভাগীয় কৰ্তৃপক্ষই। এই সন্দৰ্ভত এক্সযোগে শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে কয় যে, যোৱা ২৩/০৯/২০২৪ তাৰিখে দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলত এজন ছাত্ৰই কৰুণভাৱে প্ৰাণ হেৰুওৱা কৰুণ ঘটনাৰ প্ৰতি সঁহাৰি জনাই ভাৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি ১২ জন কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি কৰা হৈছে। পদুমপুখুৰী হাইস্কুলৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুৰিনগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক। ইয়াৰোপৰি এই বিষয়টোত আৰক্ষীৰ লগতে শিক্ষা বিভাগেও তদন্ত কৰা বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ। এই ঘটনাৰ পাছতেই এজনক ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক আটক কৰিছিল আৰক্ষীয়ে। অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষৰ অনুশাসনহীনতাৰ বাবে এনে ঘটনা সংঘটিত হবলৈ পালে।

ভৱেশৰ পিতৃয়ে জনাইছিল যে, ২২ ছেপ্টেম্বৰত ৪ ছাত্ৰই ভৱেশক এটা পুখুৰীলৈ মানি নি ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰিছিল। তাৰ পিছদিনা ভৱেশ স্কুললৈ যাওঁতে ৪ ছাত্ৰই তেওঁ এটা শ্ৰেণী কোঠালৈ মাতি নি মাৰপিট কৰিছিল। ৪ ছাত্ৰই নিৰ্মমভাৱে ঘুচিওৱাৰ ফলত ভৱেশ মাটিত ঢলি পৰিছিল। পৰৱৰ্তী সময়ত বিদ্যালয় কৰ্তৃপক্ষই ভৱেশক হাস্পাতাললৈ লৈ গৈছিল যদিও তেতিয়ালৈকে প্ৰাণ হেৰুৱাইছিল ছাত্ৰজনে। অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষই পলমকৈ ভৱেশত হাস্পাতাললৈ লৈ গৈছিল।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া তদন্ত চলি আছে। একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ- মাতৃ, ভগ্নী। জি এম চি এইচত ভৱেশৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই মৃতদেহ স্ব গৃহলৈ আনি শেষকৃত কৰা হয়। কিন্তু ভৱেশৰ মৃতদেহ আহি পোৱাৰ লগে লগে অসুস্থ হৈ পৰে পিতৃ- মাতৃ আৰু ভগ্নী। পুত্ৰ, ভাতৃক হেৰুওৱা দুখ সহিব নোৱাৰি কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। এই সমগ্ৰ ঘটনাটোতে এতিয়া কঠোৰ স্থিতি প্ৰকাশ কৰিছে শিক্ষা বিভাগে।

Related Stories
পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
২০২৬ত বিজেপিয়েই জিকিব! জুবিনক ৰাজনীতিৰ পৰা ১০০০ কিলোমিটাৰ দূৰত ৰখাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
চাৰ্জশ্বীট দিয়াৰ পাছতে জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী, ৰীতা চৌধুৰীৰ মন্তব্যৰ সন্দৰ্ভকত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ
উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত ব্যৱহাৰ কৰিব পাৰিব এই পুঁজি?
১৯৮৩ ৰ নেলীকাণ্ড: ৪২ বছৰৰ পাছত চৰকাৰে বিধানসভাত দাখিল কৰিব তিৱাৰী আয়োগৰ প্ৰতিবেদন
ছিংগাপুৰৰ পৰা কি কি তথ্য পালে SITএ? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক
আপুনি জানেনে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতিপুৱা কি কৰিব লাগে?