Heatwave : ৰঙিয়াত প্ৰচণ্ড গৰমে প্ৰাণ কাঢ়িলে দৈনিক হাজিৰা কৰা এজন শ্ৰমিকৰ

ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰচণ্ড গৰমক নেওচি ৰঙিয়াৰ যোগেন কলিতাই দৈনন্দিন কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল । গোটেই দিনটো গৰমৰ মাজতে কাম-কাজ কৰি ঘৰলৈ উভতি আহিছিল যোগেন কলিতা । কিন্তু যোৱা কালি সন্ধিয়াৰ পৰাই কলিতাই বৰকৈ অসুস্থ অনুভৱ কৰিছিল । ইয়াৰ পাছতে কলিতাই চেতনা হেৰুৱাই হঠাতে ঢলি পৰে ।

Heatwave : ৰঙিয়াত প্ৰচণ্ড গৰমে প্ৰাণ কাঢ়িলে দৈনিক হাজিৰা কৰা এজন শ্ৰমিকৰ

প্ৰতীকী ফটো

Published: 

27 Jul 2024 15:48 PM

বানৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যবাসীয়ে এতিয়া তীব্ৰ গৰমৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে । প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যবাসীয়ে ঘৰৰ পৰা ওলাব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হৈছে । গৰমৰ বাবে চৰকাৰী, বে-চৰকাৰী কৰ্মচাৰী সকলেও সময় মতে কাৰ্যালয়ত উপস্থিত হ’ব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে আন এক দুঃখবৰ প্ৰকাশ পাইছে । প্ৰকাশিত খবৰ অনুসৰি, প্ৰচণ্ড গৰমত ৰঙিয়াৰ ৫৫ বছৰীয়া যোগেন কলিতা নামৰ এগৰাকী লোকে মৃত্যুক সাৱতি লৈছে বুলি জানিব পৰা গৈছে ।

ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰচণ্ড গৰমক নেওচি ৰঙিয়াৰ যোগেন কলিতাই দৈনন্দিন কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল । গোটেই দিনটো গৰমৰ মাজতে কাম-কাজ কৰি ঘৰলৈ উভতি আহিছিল যোগেন কলিতা । কিন্তু যোৱা কালি সন্ধিয়াৰ পৰাই কলিতাই বৰকৈ অসুস্থ অনুভৱ কৰিছিল । ইয়াৰ পাছতে কলিতাই চেতনা হেৰুৱাই হঠাতে ঢলি পৰে ।

ইয়াৰ লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ কলিতাক ওচৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয় পোৱা সময়লৈকে কলিতাৰ স্বাস্থ্য অধিক অৱনতি ঘটিছিল । ইয়াৰ পাছতে কলিতাক জৰুৰী চিকিৎসা সেৱা প্ৰদান কৰা হয় । অতি দুখৰ খবৰটো হ’ল-কলিতাক জৰুৰী চিকিৎসা প্ৰদান কৰা হৈছিল যদিও কোনো সুফল পোৱা নগল । অৱশেষত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ।

উল্লেখ্য যে, যোগেন কলিতাই দৈনিক হাজিৰা কাম কৰিয়ে নিজৰ জীৱন আৰু পৰিয়ালৰ খৰচ উলিয়াইছিল । সেই অনুসৰিয়ে, সেই দিনটোত প্ৰচণ্ড গৰমক নেওচি দৈনিক হাজিৰা কামৰ বাবে গৈছিল যোগেন কলিতা । গৰম সহ্য কৰি কাম শেষ কৰি ঘৰলৈ উভতি অহাৰ পাছতে অসুস্থ হৈ পৰিছিল যোগেন কলিতা ।

নেমুৰ ৰসে আঁতৰাব মুখৰ ক’লা দাগ! কিন্তু কেনেকৈ?
আঁতৰি থাকক এনে বন্ধুৰ পৰা! কৰিব পাৰে বিশ্বাসঘাটকতা...
মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...
সুখৰ ৰহস্য আনৰ পৰা লুকাই ৰখা উচিত, ইয়াৰ কাৰণ জনালে প্ৰেমানন্দ মহাৰাজে...