Heatwave : ৰঙিয়াত প্ৰচণ্ড গৰমে প্ৰাণ কাঢ়িলে দৈনিক হাজিৰা কৰা এজন শ্ৰমিকৰ

ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰচণ্ড গৰমক নেওচি ৰঙিয়াৰ যোগেন কলিতাই দৈনন্দিন কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল । গোটেই দিনটো গৰমৰ মাজতে কাম-কাজ কৰি ঘৰলৈ উভতি আহিছিল যোগেন কলিতা । কিন্তু যোৱা কালি সন্ধিয়াৰ পৰাই কলিতাই বৰকৈ অসুস্থ অনুভৱ কৰিছিল । ইয়াৰ পাছতে কলিতাই চেতনা হেৰুৱাই হঠাতে ঢলি পৰে ।

Heatwave : ৰঙিয়াত প্ৰচণ্ড গৰমে প্ৰাণ কাঢ়িলে দৈনিক হাজিৰা কৰা এজন শ্ৰমিকৰ

প্ৰতীকী ফটো

Published: 

27 Jul 2024 | 03:48 PM

বানৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যবাসীয়ে এতিয়া তীব্ৰ গৰমৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে । প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যবাসীয়ে ঘৰৰ পৰা ওলাব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হৈছে । গৰমৰ বাবে চৰকাৰী, বে-চৰকাৰী কৰ্মচাৰী সকলেও সময় মতে কাৰ্যালয়ত উপস্থিত হ’ব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে আন এক দুঃখবৰ প্ৰকাশ পাইছে । প্ৰকাশিত খবৰ অনুসৰি, প্ৰচণ্ড গৰমত ৰঙিয়াৰ ৫৫ বছৰীয়া যোগেন কলিতা নামৰ এগৰাকী লোকে মৃত্যুক সাৱতি লৈছে বুলি জানিব পৰা গৈছে ।

ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰচণ্ড গৰমক নেওচি ৰঙিয়াৰ যোগেন কলিতাই দৈনন্দিন কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল । গোটেই দিনটো গৰমৰ মাজতে কাম-কাজ কৰি ঘৰলৈ উভতি আহিছিল যোগেন কলিতা । কিন্তু যোৱা কালি সন্ধিয়াৰ পৰাই কলিতাই বৰকৈ অসুস্থ অনুভৱ কৰিছিল । ইয়াৰ পাছতে কলিতাই চেতনা হেৰুৱাই হঠাতে ঢলি পৰে ।

ইয়াৰ লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ কলিতাক ওচৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয় পোৱা সময়লৈকে কলিতাৰ স্বাস্থ্য অধিক অৱনতি ঘটিছিল । ইয়াৰ পাছতে কলিতাক জৰুৰী চিকিৎসা সেৱা প্ৰদান কৰা হয় । অতি দুখৰ খবৰটো হ’ল-কলিতাক জৰুৰী চিকিৎসা প্ৰদান কৰা হৈছিল যদিও কোনো সুফল পোৱা নগল । অৱশেষত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ।

উল্লেখ্য যে, যোগেন কলিতাই দৈনিক হাজিৰা কাম কৰিয়ে নিজৰ জীৱন আৰু পৰিয়ালৰ খৰচ উলিয়াইছিল । সেই অনুসৰিয়ে, সেই দিনটোত প্ৰচণ্ড গৰমক নেওচি দৈনিক হাজিৰা কামৰ বাবে গৈছিল যোগেন কলিতা । গৰম সহ্য কৰি কাম শেষ কৰি ঘৰলৈ উভতি অহাৰ পাছতে অসুস্থ হৈ পৰিছিল যোগেন কলিতা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...