দৰিদ্ৰতাৰ বাবে ২৫ দিনীয়া কন্যা শিশুক ৩০ হাজাৰ টকাত বিক্ৰী ! চিলাপথাৰত উদ্ধাৰ…

ধেমাজি জিলাৰ এজন দৰিদ্ৰ শ্ৰমিকে নিজৰ ২৫ দিনীয়া কেঁচুৱাটো ৩০ হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে । সূত্ৰ খবৰ অনুসৰি, অভিযোগৰ ভিত্তিত শিশু কল্যাণ সমিতিৰ হস্তক্ষেপত এজন চিকিৎসকৰ ঘৰৰ পৰা কেঁচুৱাটোক উদ্ধাৰ কৰে আৰক্ষীয়ে ।

দৰিদ্ৰতাৰ বাবে ২৫ দিনীয়া কন্যা শিশুক ৩০ হাজাৰ টকাত বিক্ৰী ! চিলাপথাৰত উদ্ধাৰ...

প্ৰতিনিধিত্বমূলক ফটো

Updated On: 

30 Oct 2024 | 08:25 AM

আৰ্থিক দৰিদ্ৰতাই সাধাৰণ খাটিখোৱা মানুহক কেনেকুৱা পৰ্যায়লৈ লৈ যাব পাৰে । ই এক চিন্তনীয় বিষয় । কিয়নো ধেমাজি জিলাত এনে এক ঘটনা সংঘটিত হৈছে যিটো ঘটনাই এবাৰলৈ হ’লেও আপোনাৰ মনটোক স্তব্ধ কৰিব । অভিযোগ অনুসৰি, ধেমাজি জিলাৰ এজন দৰিদ্ৰ শ্ৰমিকে নিজৰ ২৫ দিনীয়া কেঁচুৱাটো ৩০ হাজাৰ টকাত বিক্ৰী কৰিছিল । সূত্ৰ খবৰ অনুসৰি, শিশু কল্যাণ সমিতিৰ হস্তক্ষেপত এজন চিকিৎসকৰ ঘৰৰ পৰা কেঁচুৱাটোক উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ধেমাজি জিলা চি ডব্লিউ চিৰ অধ্যক্ষ ৰূপালী ডেকা বৰগোহাঁয়ে কয় যে, ইতিমধ্যে কেঁচুৱাটোৰ পিতৃ-মাতৃ, ক্ৰেতা, লেনদেনৰ লগত জড়িত মধ্যস্থতাকাৰীৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত যোৱা ৪ অক্টোবৰত কন্যা শিশুটিৰ জন্ম হৈছিল যদিও জন্মৰ কিছু সময়ৰ পিছতে চিকিৎসালয়ৰ পৰা পিতৃ-মাতৃ বুধিমান বৰা আৰু সবিতা বৰা পলায়ন কৰে।

ৰূপালী ডেকা বৰগোহাঁয়ে কয় যে, পিতৃ এজন দৈনিক হাজিৰা কৰা শ্ৰমিক আৰু পৰিয়ালটো আৰ্থিকভাৱে অতি দুৰ্বল । আৰক্ষীয়ে দাবী কৰিছে যে, পিতৃ-মাতৃয়ে শিশুটিক পেগু চহৰীয়া আৰু তেওঁৰ স্বামীক ৩০ হাজাৰ টকাত বিক্ৰী কৰিছিল । ইতিমধ্যে শিশুটিক উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

ৰূপালী ডেকা বৰগোহাঁইয়ে তেওঁৰ এজাহাৰত কয় যে, ” শিশুটিৰ পিতৃ-মাতৃ পলাই আছিল যদিও চাইল্ড হেল্পলাইনে অনুসন্ধান কৰি তেওঁলোকৰ সন্ধান উলিয়ায়। তেওঁলোকক চি ডব্লিউ চিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁলোকে এই নিৰ্দেশ অমান্য কৰে।”

অৱশেষত এক গোপন সূত্ৰৰ পম খেদি চিলাপথাৰ ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহৰ পৰা শিশুটিক উদ্ধাৰ কৰা হয়। তদন্তত বুবুল বৰা আৰু দিলীপ শইকীয়া নামৰ দুজন ব্যক্তি কেঁচুৱাটো বিক্ৰীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি চিনাক্ত কৰা হৈছে। এই গোচৰত তদন্ত অব্য়াহত আছে বুলি জানিবলৈ আৰক্ষীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...