CTET Result 2024: ঘোষণা হ’ল CTET ৰ ফলাফল; আপোনাৰ ফলাফলটো কেনেকৈ চাব জানি লওক

যোৱা ডিচেম্বৰ মাহত অনুষ্ঠিত CTET ৰ ফলাফল আজি ঘোষণা কৰা হয় । ফলাফল কিদৰে চাব পাৰিব জানিবলৈ পঢ়ক সবিশেষ-

CTET Result 2024: ঘোষণা হল CTET ৰ ফলাফল; আপোনাৰ ফলাফলটো কেনেকৈ চাব জানি লওক

CTET ফলাফল ঘোষণা

Published: 

09 Jan 2025 17:08 PM

বৃহস্পতিবাৰে ঘোষণা হল CTET ৰ ফলাফল । ২০২৪ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (CTET)ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে CTETৰ অফিচিয়েল ৱেবছাইট ctet.nic.in ত গৈ নিজৰ ফলাফল চাব পাৰিব । ফলাফল চাবলৈ পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নম্বৰ দিব লাগিব ।

আবেদনকাৰীয়ে লগ ইন কৰি উত্তৰ বহী পৰীক্ষা কৰিবলৈ আবেদন নম্বৰ আৰু পাছৱৰ্ড দিব লাগিব । CTET পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে লাভ কৰিব যোগ্যতাৰ প্ৰমাণ পত্ৰ । ফলাফলৰ পুনৰ মূল্যায়ন/পুনৰ পৰীক্ষা কৰা নহ’ব । CTETৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ প্ৰাৰ্থীসকলে ন্যূনতম ৬০% নম্বৰ লাভ কৰিব লাগিব । এছ এছ চি, এছ টি আৰু অ’ বি চি শাখাৰ বাবে যোগ্যতা অৰ্জনৰ নম্বৰ ৫৫ শতাংশ ।

CTET Result 2024 পাবলৈ এই পদ্ধতি চাওক

পৰ্যায় ১: CTET ৰ অফিচিয়েল ৱেবছাইট ctet.nic.in লৈ যাওক
পৰ্যায় ২: হোমপেজত ‘CTET Dec 2024 Result Link’ ত ক্লিক কৰক
পৰ্যায় ৩: এতিয়া আপোনাৰ ৰোল নম্বৰ আৰু ইউজাৰ আই ডি দিয়ক আৰু submit ত ক্লিক কৰক
পৰ্যায় ৪: আপোনাৰ CTET ফলাফলৰ তালিকা পৰ্দাত দেখা পাব
৫: ফলাফলৰ প্ৰিন্টআউট এটা লৈ আপোনাৰ লগত ৰাখক

CTET প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট DigiLocker এপত কেনেকৈ পাব: ইয়াত পদ্ধতি চাওক

পৰ্যায় ১: প্ৰথমে আপোনাৰ স্মাৰ্ট ফোনত প্লে’ ষ্ট’ৰৰ পৰা ‘DigiLocker app’ টো ইনষ্টল কৰক
পৰ্যায় ২: হোম পেজত থকা Sign Up লিংকটোত ক্লিক কৰক
পৰ্যায়৩: আপোনাৰ নাম (আধাৰ কাৰ্ডৰ মতে), জন্ম তাৰিখ, শ্ৰেণী, বৈধ মোবাইল নম্বৰ, ইমেইল আইডি, আধাৰ নম্বৰ আৰু ৬ অংকৰ ছিকিউৰিটি পিন টাইপ কৰক
পৰ্যায় ৪: প্ৰয়োজনীয় সকলো বিৱৰণ পূৰণ কৰাৰ পিছত ব্যৱহাৰকাৰীৰ নাম নিৰ্ধাৰণ কৰক
পৰ্যায় ৫: একাউণ্টটো তৈয়াৰ কৰাৰ পিছত ‘Central Board of Secondary Education, Delhi’ লিংকটোত ক্লিক কৰক
পৰ্যায় ৬: এতিয়া ‘শিক্ষকৰ যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ’ বিকল্প নিৰ্বাচন কৰক
পৰ্যায় ৭: আপোনাৰ ৰোল নম্বৰ আৰু ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰ দিয়ক
পৰ্যায় ৮: আপোনাৰ CTET মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ পৰ্দাত খোল খাব
পৰ্যায় ৯: ইয়াক পৰীক্ষা কৰি ডাউনলোড কৰক আৰু এটা প্ৰিন্টআউট লওক আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে আপোনাৰ লগত ৰাখক

উল্লেখ্য যে যোৱা ১৪ ডিচেম্বৰ ২০২৪ তাৰিখে দেশৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত CTET ২০২৪ ৰ ডিচেম্বৰ মাহৰ নিৰ্ধাৰিত পৰীক্ষা অনুষ্ঠিত হৈছিল । পৰীক্ষাটো দুবেলা অনুষ্ঠিত হৈছিল: পুৱা ৯:৩০ বজাৰ পৰা ১২:০০ বজালৈ দ্বিতীয় পেপাৰ আৰু বিয়লি ২:৩০ বজাৰ পৰা ৫:০০ বজালৈ বিয়লি বেলা প্ৰথম পেপাৰৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...