ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযানত শ্বহীদ অসমৰ CRPF জোৱানঃ আই ই ডি বিস্ফোৰণত হেৰুৱালে প্ৰাণ
শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৬০ নং বেটেলিয়নৰ অংশ হিচাপে ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত নক্সাল বিৰোধী অভিযানত নামিছিল মহেন্দ্ৰ লস্কৰ। জৰাইকেলা আৰক্ষী থানাৰ অন্তৰ্গত সাৰন্দা বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে চলাইছিল এই অভিযান।

মহেন্দ্ৰ লস্কৰ
ঝাৰখণ্ডত অব্যাহত আছে নিৰাপত্তাৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযান। দেশৰ নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে চলাই থকা এই অভিযানত এইপৰ্যন্ত বহু নক্সাল সদস্যই প্ৰাণ হেৰুৱাইছে। আনহাতে শ্বহীদ হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী। এনে এক নক্সাল বিৰোধী অভিযানৰ সময়তে আজি ঝাৰখণ্ডত শ্বহীদ হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ CRPFত নিয়োজিত অসমৰ এগৰাকী জোৱান। ৰাজ্যখনৰ পশ্চিম সিংভূমত সংঘটিত এক আই ই ডি বিস্ফোৰণত শ্বহীদ হয় অসমৰ জোৱানজন।
শ্বহীদ জোৱানজনৰ নাম মহেন্দ্ৰ লস্কৰ বুলি জানিব পৰা গৈছে। তেওঁ নগাঁও জিলাৰ কামপুৰৰ বাসিন্দা আছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ CRPFত হেড কনিষ্টবল পদত নিয়োজিত হৈ আছিল মহেন্দ্ৰ লস্কৰ। কৰ্তব্যৰত অৱস্থাত আই ই ডি বিস্ফোৰণত তেওঁ প্ৰাণ হেৰুৱায়।
প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৬০ নং বেটেলিয়নৰ অংশ হিচাপে ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত নক্সাল বিৰোধী অভিযানত নামিছিল মহেন্দ্ৰ লস্কৰ। জৰাইকেলা আৰক্ষী থানাৰ অন্তৰ্গত সাৰন্দা বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে চলাইছিল এই অভিযান।
কিন্তু অভিযানৰ সময়তে আই ই ডি বিস্ফোৰণত মহেন্দ্ৰ লস্কৰে গুৰুতৰভাৱে আহত হৈছিল। লস্কৰৰ লগতে আন পৰিদৰ্শক কে.কে. মিশ্ৰ আৰু সহকাৰী উপ-পৰিদৰ্শক ৰামকৃষ্ণ গাগাৰাই এই বিস্ফোৰণত আহত হয়। কিন্তু ৰৌৰকেলাৰ এপ’ল’ হাস্পতালত চিকিৎসাধানী অৱস্থাতে আজি পুৱা লস্কৰে মৃত্যুক সাৱটি লয়।
এই ঘটনাৰ পিছতে চি আৰ পি এফ আৰু স্থানীয় কৰ্তৃপক্ষই অঞ্চলটোত নক্সাল বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে। কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাবটি লোৱা মহেন্দ্ৰ লস্কৰৰ মৃত্যুত শোক প্ৰকাশ কৰি চি আৰ পি এফ সূত্ৰই জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান তথা বীৰত্ব আৰু ত্যাগ স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে।