এছ আৰ প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ, নিৰ্বাচন আয়োগৰ কাম-কাজত সন্দেহ প্ৰকাশ
বিহাৰ নিৰ্বাচনৰ পাচতেই অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। কিন্তু ইয়াৰ পৰিৱৰ্তে অসমত ভোটাৰ সাৰাংশ পুনৰীক্ষণৰ দাবী জনাইছে কংগ্ৰেছে।

কংগ্ৰেছৰ সংবাদমেল
অসমত নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া (Special Revision) আৰম্ভ কৰিব খোজা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই আহ্বান জনোৱা সৰ্বদলীয় বৈঠকত কংগ্ৰেছ দলৰ হৈ উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন আৰু দলটোৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা।
বৈঠকৰ পাছতেই এক সংবাদমেল সম্বোধন কৰে দুয়োগৰাকী নেতাই। তেওঁলোকে সংবাদমেলত বিশেষ পুনীৰক্ষণ সন্দৰ্ভত আপত্তি প্ৰদৰ্শন কৰে। দুয়োগৰাকী নেতাই উল্লেখ কৰা মতে কংগ্ৰেছৰ দাবী আছিল অসমত যিহেতু এনআৰচি হৈছে, গতিকে এছআইআৰ প্ৰয়োজন নাই অসমত। দেশৰ নিৰ্বাচন আয়োগেও অসমত এতিয়া এছআইআৰ নহয় বুলি প্ৰকাশ কৰিছিল।
কিন্তু বিহাৰ নিৰ্বাচনৰ পাচতেই অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। কিন্তু ইয়াৰ পৰিৱৰ্তে অসমত ভোটাৰ সাৰাংশ পুনৰীক্ষণৰ দাবী জনাইছে কংগ্ৰেছে। যিহেতু প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ সাৰাংশ পুনৰীক্ষণ কৰা হয়, তাৰ পৰিৱৰ্তে বিশেষ পুনৰীক্ষণ কৰিব খোজা বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছে।
এই প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁলোকে সন্দেহো প্ৰকাশ কৰে। কংগ্ৰেছৰ নেতা দুগৰাকীয়ে উল্লেখ কৰিছে যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত বিএলঅ’ৰ সৈতে বিএলএ থাকিব লাগে। কিন্তু শেহতীয়াকৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা পত্ৰত নতুন নিয়ম অনা হৈছে। বিএলএ সকলক খচৰা প্ৰকাশ কৰাৰ পাছতহে সাঙুৰি লোৱা হ’ব বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। প্ৰতিটো ক্ষেত্ৰত বিএলএ সকলক কাইলৈৰ পৰা অন্তৰ্ভুক্ত কৰিবলৈ দাবী কংগ্ৰেছৰ।
তেওঁলোকে কয় যে এনে নকৰিলে বিহাৰৰ দৰে পৰিবেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বুলি ভাবিব দলটোৱে। নিৰ্বাচন আয়োগৰ কাম-কাজৰ ওপৰতো সন্দেহ প্ৰদেশ কংগ্ৰেছৰ। এই প্ৰক্ৰিয়াৰ আঁৰ লৈ কিছুমান মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰো শংকা ব্যক্ত কৰিছে কংগ্ৰেছে।