কংগ্ৰেছত বিদ্ৰোহ! ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তুতি…

অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি। এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পদৰ পৰা অপসাৰণ কৰাৰ যো- যা। বৰাৰ সলনি গৌৰৱ গগৈক দলৰ দায়িত্ব দিয়াৰ দাবী নেতা-বিধায়কৰ।

কংগ্ৰেছত বিদ্ৰোহ! ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তুতি...

গৌৰৱ গগৈ- ভূপেন বৰা

Published: 

29 Aug 2024 12:15 PM

প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি। সভাপতি ভূপান বৰাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ নেতা- বিধায়কৰ মাজত দেখা গৈছে বিভেদ। ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ ইতিমধ্যে কংগ্ৰেছত স্বাক্ষৰ অভিযান চলা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি প্ৰায় ১৮- ১৯ গৰাকী বিধায়কে ভূপেন বৰাৰ বিৰুদ্ধে থিয় দিছে আৰু তেওঁক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ দাবী তুলিছে।

তথ্য অনুসৰি জানিব পৰা মতে এই সমগ্ৰ কাণ্ডত এগৰাকী সাংসদে নেতৃত্ব বহন কৰিছে। এই সাংসদগৰাকীয়ে ভূপেন বৰাৰ বিৰুদ্ধে স্বাক্ষৰ অভিযান আৰম্ভ কৰিছিল আৰু য’ত প্ৰায় ১৮- ১৯ গৰাকী বিধায়কে স্বাক্ষৰো কৰিছে। এই স্বাক্ষৰ সম্বলিত পত্ৰ  AICC লৈ প্ৰেৰণ কৰি বিধায়কসকলে ভূপেন বৰাক অপসাৰণ কৰা বিচাৰিছে। লগতে তেওঁলোকে দাবী কৰিছে যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গৌৰৱ গগৈক দিব লাগে।

উল্লেখ্য যে, কংগ্ৰেছৰ বিসম্বাদ নতুন নহয়। পূৰ্বৰে পৰা দলটোৰা  মাজত থকা বিসম্বাদে প্ৰদেশ কংগ্ৰেছক যথেষ্ঠ ক্ষতি কৰিছে যদিও এতিয়াও ইয়াৰ পৰা কোনোৱে শিক্ষা লোৱা নাই। শেহতীয়াকৈ পুনৰ কংগ্ৰেছত আৰম্ভ হৈছে বিদ্ৰোহ। এইবাৰ প্ৰদেশ কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে । মন কৰিবলগীয়া যে কংগ্ৰেছৰ প্ৰায় ২১ গৰাকী বিধায়ক আছে, আৰু ইয়াৰে ইতিমধ্যে ১৮-১৯ গৰাকী বিধায়কে ভূপেন বৰা বিৰোধী  অভিযানৰ পত্ৰত স্বাক্ষৰ কৰিছে।

এই বিধায়কসকলে দাবী অনুসৰি ২০২৬ চনত অসম প্ৰদেশ কংগ্ৰেছে ভাল ফলাফল দেখুৱাবলৈ হ’লে ভাল নেতৃত্বৰ প্ৰয়োজন।  ইয়াৰ বাবে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দিব লাগে। উল্লেখ কৰা প্ৰয়োজন যে ৫ বছৰৰ বাবে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছিল আৰু ইতিমধ্যে তেওঁ প্ৰায় ৩ বছৰ কাৰ্যকাল শেষ কৰিছে। কিন্তু কংগ্ৰেছৰ বিধায়কসকলৰ মাজত দেখা দিয়া অসন্তুষ্টিৰ বাবে এতিয়া ভূপেন বৰাৰ হাতৰ পৰা এই পদ যাব পাৰে।

বিধায়কসকলে যুক্তি দিছে যে বৰ্তমান ৰাজ্যৰ ৰাজনীতিত ভূপেন বৰাতকৈ গৌৰৱ গগৈ বেছি প্ৰাসংগিক। শেহতীয়া লোকসভা নিৰ্বাচনত যোৰহাটৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিত গৌৰৱ গগৈয়ে বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। ইয়ে তেওঁক ৰাজনৈতিক উত্থানৰ কথা সূচায়। যাৰ বাবে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ দায়িত্ব দিব লাগে।মন কৰিবলগীয়া যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বও ভূপেন বৰাৰ বিৰুদ্ধে একাংশই মাত মাতিছিল। কিন্তু এইবাৰ এই বিষয়টোত এগৰাকী সাংসদ জড়িত হৈ আছে।

আনহাতে বিগত কেইটামান দিনত গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰতি লক্ষ্য কৰিলে গম পোৱা যায় যে তেওঁ অসমৰ ৰাজনীতিত সময় দিব বিচাৰিছে। এই কথা তেওঁ সংবাদ মাধ্যমৰ আগত কোৱাৰ লগতে দিল্লীৰ AICC ৰ নেতৃবৃন্দকো জনাইছে। যাৰ বাবে এই ক্ষেত্ৰত তেওঁক ইচ্ছ্যুক বুলি ক’ব পাৰি। অৱশ্যে প্ৰদেশ কংগ্ৰেছে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। পৰৱৰ্তী  সময়ত জানিব পৰা যাব অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনীতিত কি পৰিবৰ্তন হয়।

Related Stories
Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
Top News in Assamese: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা, ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ
Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !