আটক ACS নুপুৰ বৰা! প্ৰায় ১কোটি টকা, সোণ-হীৰা…অভিযান চলাই কি কি জব্দ কৰিলে চি এম ভিজিলেন্সে…

চি এম ভিজিলেন্সে আটক কৰিলে ACS বিষয়া নুপুৰ বৰাক। আজি ৰাজপত্ৰিতা বিষয়াগৰাকীৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে। এই অভিযানত প্ৰায় ১ কোটি টকা, সোণ, হীৰাৰ আ-অলংকাৰ আদি জব্দ হয়।

আটক ACS নুপুৰ বৰা! প্ৰায় ১কোটি টকা, সোণ-হীৰা...অভিযান চলাই কি কি জব্দ কৰিলে চি এম ভিজিলেন্সে...

নুপুৰ বৰা

Published: 

15 Sep 2025 19:10 PM

সোমবাৰে মহানগৰীৰ মালিগাঁৱৰ গোটানগৰত এগৰাকী ACS বিষয়াৰ ঘৰত চিএম ভিজিলেন্সে অভিযান চলাই প্ৰায় ১ কোটি টকা, বহু সোণৰ আ-অলংকাৰ, হীৰাৰ অলংকাৰ আদি উদ্ধাৰ কৰে। দীৰ্ঘদিন ধৰি চলা অভিযানৰ অন্তত ১৫ ছেপ্টেম্বৰত ৰাজপত্ৰিত বিষয়া নুপুৰ বৰাক আটক কৰে ভিজিলেন্স দলে। একেই গোচৰ সন্দৰ্ভত বৰপেটাতো চলে ভিজিলেন্সৰ অভিযান।

চি এম ভিজিলেন্সৰ অধীক্ষক ৰজি কলিতাই প্ৰদান কৰা তথ্য অনুসৰি,  বৰপেটা আৰু গোটানগৰত চলিছিল অভিযান। দুয়োটা স্থানৰ পৰা বৰ্তমানলৈ মুঠ ৯২ লাখ ৫০হাজাৰ ৪০০ টকা উদ্ধাৰ কৰে ভিজিলেন্সৰ দলে। বৰপেটাত বৰ্তমান সময়তো অভিযান চলি আছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

ভিজিলেন্সৰ তথ্য অনুসৰি বৰপেটাৰ পৰা ১০লাখ ৬৩হাজাৰ জব্দ কৰা হয়। মুঠ ৪টাকৈ স্থানত চলিছিল এই অভিযান। ইয়াৰ ভিতৰত আছে গুৱাহাটীৰ দুটা স্থান আৰু বৰপেটাৰ দুটা স্থান। কিছুদিন পূৰ্বে ACS বিষয়াগৰাকীয়ে বদলিলৈ বৰপেটাৰ পৰা গুৱাহাটীলৈ আহিছিল যদিও বৰপেটাৰ ভাড়াঘৰ এৰি দিয়া নাছিল। সেই স্থানতো ভিজিলেন্সে অভিযান চলায়।

জানিব পৰা মতে, এই অভিযানত নগদ ধনৰ লগতে সোণ, হীৰাৰ আ-অলংকাৰকে ধৰি বহু সামগ্ৰী বৰ্তমানলৈ জব্দ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত ভিজিলেন্সে ২৫/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত অধিক সোধা পোছাৰ বাবে ইতিমধ্যে ভিজিলেন্সে আটক কৰিছে নুপুৰ বৰাক।

উল্লেখ্য যে, আজি পুৱা গৰৈমাৰী ৰাজহচক্ৰ বিষয়াৰ নুপুৰ বৰাৰ ফ্লেটত অভিযান চলাইছিল ভিজিলেন্স দলে।গোটানগৰস্থিত ছাইন শান্তি গ্ৰীনো এপাৰ্টমেন্টৰ পঞ্চম মহলাৰ 5A ফ্লেটত অভিযান চলাই বহু পৰিমাণৰ সা-সম্পত্তি, নগদ ধন আদি জব্দ কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ২০১৯ চনত ৰাজহ চক্ৰ বিষয়া হিচাপে বৰপেটাত যোগদান কৰিছিল নুপুৰে। তাৰ পাছত তেওঁ কাৰ্বি আংলঙত সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অভিযোগ অনুসৰি, বৰপেটাৰ চাকৰিত যোগদান কৰাৰ পাছতেই নুপুৰ বৰাই বহু দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰি গৈছে। কাৰ্বি আংলঙতো তেওঁ যথেষ্ঠ পৰিমাণে দুৰ্নীতিত লিপ্ত হৈ আছিল। এনেকৈ ৰাজপত্ৰিত বিষয়াগৰাকীয়ে আয় বহিৰ্ভূতভাৱে গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ।

প্ৰায় ১ মাহ পূৰ্বে গুৱাহাটীলৈ বদলি হৈ আহিছিল নুপুৰ বৰা। কিন্তু কৰি অহা অনিয়মৰ বাবে যোৱা প্ৰায় ৬ মাহ ধৰি চি এম ভিজিলেন্সৰ নজৰত আছিল নুপুৰ। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত আজি ভিজিলেন্সে এই বিশাল সম্পত্তি জব্দ কৰি নুপুৰক আটক কৰে। ঘটনা সন্দৰ্ভত অতিৰিক্ত তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ ACS নুপুৰ বৰাৰ ঘৰত CM ভিজিলেন্সৰ অভিযানঃ জব্দ প্ৰায় ১ কোটি টকা, সোণৰ আ-অলংকাৰ…

 

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...