আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ: আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ

বুধবাৰে ভিজিলেন্সে আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ গুৱাহাটীৰ সুন্দৰপুৰ এলেকাৰ নিৰ্বাণ এপাৰ্টমেণ্টত থকা ফ্লেটত তালাচী চলায়। আয় বহিৰ্ভূত সম্পত্তি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত CM ভিজিলেন্সেত ২/২৪ নম্বৰৰ এটা অভিযোগ পঞ্জীয়ন কৰা হৈছিল। যাৰ ওপৰত ভিত্তিত তেওঁলোকে অভিযান চলায়। তথ্য অনুসৰি মহানগৰীৰ বেলতলা, ভেটাপাৰাতো আছে ইন্দ্ৰেশ্বৰৰ বিশাল মাটি-সম্পত্তি। 

আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগ:  আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ

আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ

Updated On: 

30 Jan 2025 11:20 AM

গ্রেপ্তাৰ কৰা হৈছে আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক।  CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিষয়াজনক। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্রেপ্তাৰ কৰা হয় ইন্দ্ৰেশ্বৰ কলিতাক।  ২/২৪ নম্বৰত গোচৰ ৰুজু হৈছিল বিষয়াজনৰ বিৰুদ্ধে।  গুৱাহাটীৰ বিভিন্ন প্ৰান্তত অগাধ সম্পত্তি থকা ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে আয় বৰ্হিভূত সম্পত্তি থকাৰ অভিযোগ ৰুজু হৈছিল।বিগত কেইবাদিনো ধৰি তদন্ত চলাই থকাৰ পিছত আজি বিষয়াজনক গ্ৰেপ্তাৰ কৰে CM ভিজিলেন্সে।

জানিব পৰা মতে বুধবাৰে ভিজিলেন্সে গুৱাহাটীৰ সুন্দৰপুৰ এলেকাৰ নিৰ্বাণ এপাৰ্টমেণ্টত থকা তেওঁৰ ফ্লেটত তালাচী চলায়। আয় বহিৰ্ভূত সম্পত্তি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত CM ভিজিলেন্সেত ২/২৪ নম্বৰৰ এটা অভিযোগ পঞ্জীয়ন কৰা হৈছিল যাৰ ওপৰত ভিত্তিত তেওঁলোকে অভিযান চলায়। তথ্য অনুসৰি মহানগৰীৰ বেলতলা, ভেটাপাৰাতো আছে ইন্দ্ৰেশ্বৰৰ বিশাল মাটি-সম্পত্তি।উজানবজাৰ, জু-ৰোডতো বিশাল সম্পত্তি গঢ়িছিল ইন্দ্ৰেশ্বৰে। ইন্দ্ৰেশ্বৰৰ বেংকৰ দুটা লকাৰৰ পৰা জব্দ কৰা হৈছিল বহু আ-অলংকাৰ। চি এম ভিজিলেঞ্চে লাভ কৰিছিল বহু বিদেশ ভ্ৰমণৰ তথ্য ।  ইফালে, গ্ৰেপ্তাৰ হোৱাৰ পিছত চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয় ইন্দ্ৰেশ্বৰ কলিতাক।  তাৰ পিছত তেওঁক পানবজাৰ আৰক্ষী থানাত ৰখা হয়।

খবৰ অনুসৰি, বিষয়াসকলে অভিযান চলাই কলিতাৰ দুটা বেংক লকাৰৰ পৰা বহু পৰিমাণৰ সোণ-ৰূপৰ গহনা জব্দ কৰিছে। তদুপৰি, একাধিক বিদেশ ভ্ৰমণৰ ৰেকৰ্ড পোহৰলৈ আহিছে, যাৰ ফলত সম্ভাৱ্য ধন ৰপ্তানি আৰু অজ্ঞাত বিত্তীয় লেনদেনৰ বিষয়ে উদ্বেগ বৃদ্ধি পাইছে। বৰ্তমান এই বিৱৰণবোৰ বিশ্লেষণ কৰি আছে ভিজিলেন্স দলে।  উল্লেখ্য যে,  ১৩ জুন ২০২৩ত খালী পদৰ বিপৰীতে ভাৰত চৰকাৰৰ দ্বাৰা আইএএছ পদলৈ পদোন্নতি লাভ কৰা ১১ জন এচিএছ বিষয়াৰ ভিতৰত এজন আছিল ইন্দ্ৰেশ্বৰ কলিতা।

ইয়াৰ পূৰ্বেও কলিতাৰ সুন্দৰপুৰৰ নিৰ্বাণ এপাৰ্টমেণ্টত চলিছিল CM ভিজিলেন্সে অভিযানত। পূৰ্বে চি এম ভিজিলেঞ্চে দুবাৰ জেৰা কৰিছিল ইন্দ্ৰেশ্বৰক। ২০২৪ চনৰ ১০-১২ এপ্ৰিলত ইন্দ্ৰেশ্বৰক কৰা হৈছিল জেৰা। ৮ঘণ্টাকৈ ১৬ঘণ্টা জেৰাৰ সন্মুখীন হৈছিল ইন্দ্ৰেশ্বৰ কলিতা। ইন্দ্ৰেশ্বৰৰ বিৰুদ্ধে আয়তকৈ ২০০% অধিক সম্পত্তি থকাৰ অভিযোগ।  পঞ্চতাৰকা হোটেল তাজত পাতিছিল কন্যাৰ ৰাজকীয় বিবাহ। তাৰ পাছত বেলতলা, ভেটাপাৰাতো অঞ্চলত বিশাল সম্পত্তিৰ মালিকীস্বত্ব থকাৰ তথ্য প্ৰকাশ পাইছিল।

বৰ্তমান পানবজাৰ আৰক্ষী থানাত বিষয়াজনৰ জেৰা অব্যাহত ৰখা হৈছে । পৰৱৰ্তী অনুসন্ধানৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে চলি আছে বিভাগীয় তদন্ত। ইন্দ্ৰেশ্বৰ কলিতাক অধিক সোধা-পোছাৰ বাবে লৈ যোৱা হৈছে এটা বিশেষ অনুসন্ধান কেন্দ্ৰলৈ । কৰ্তৃপক্ষই মতে তেওঁৰ সৈতে সম্পৰ্কিত অতিৰিক্ত সম্পত্তি সোনকালেই উন্মোচিত হ’ব পাৰে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?