অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ ‘শ্বহীদ ন্যাস’, প্ৰতিটো দিশ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ…

Himanta Biswa Sarma: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে নিৰ্মাণৰত শ্বহীদ স্মাৰক। এই সময়চোৱাত তেওঁ কেইবাটাও ডাঙৰ ঘোষণা কৰে। শৰ্মাই কয় যে, শ্বহীদসকলৰ নামত নিৰ্মাণ কৰা হৈছে এই স্মাৰক।

অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ শ্বহীদ ন্যাস, প্ৰতিটো দিশ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ...

হিমন্ত বিশ্ব শৰ্মা

Published: 

19 Nov 2025 | 06:34 PM

বুধবাৰে বৰাগাঁৱস্থিত শ্বহীদ ন্যাসত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দিশ পৰিদৰ্শন কৰে। তাৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শৰ্মাই কয় যে, অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত অসম চৰকাৰে এই বৃহৎ শ্বহীদ স্মাৰক নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। এই স্মাৰকটো ১০ ডিচেম্বৰত উন্মোচন কৰা হ’ব বুলিও কয় শৰ্মাই।

তেওঁ কয় যে, অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত এটা বৃহৎ শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে। ১০ ডিচেম্বৰত এই স্মাৰক উন্মোচন কৰা হ’ব। বিগত ৫ বছৰ ধৰি ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিল।

 

শৰ্মাই আৰু কয় যে, “ইয়াত পুৱা চাইকেল চলাবৰ বাবে চাইকেল ট্ৰেক থাকিব। চাউণ্ড আৰু লাইট শ্বো হ’ব।এই লাইট আৰু চাউণ্ড শ্বো জৰিয়তে অসম আন্দোলন আৰু ইয়াৰ বুৰঞ্জীৰ বিষয়ে বৰ্ণনা কৰা হ’ব। গেলাৰীত বহি এই শ্বো চাব পাৰিব। ইয়াৰোপৰি ৫০০ মানুহে সভা কৰিব পৰা এটা প্ৰেক্ষাগৃহ থাকিব”।

লগতে তেওঁ কয়, ১০ ডিচেম্বৰক এই স্মাৰক উন্মোচন কৰাৰ সময়ত অসমৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলে শ্বহীদ প্ৰণামো গীতটি পৰিবেশন কৰিব। ইয়াৰোপৰি শৰ্মাই কয়, বৰ্তমানলৈকে ৪০০ গৰাকী শ্বহীদৰ ফটো আমি লাভ কৰিছো। সেইসকলৰ মূৰ্তি নিৰ্মাণ কৰা হ’ব। যিসকলৰ ফটো নাই সেইসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হ’ব। শ্বহীদসকলৰ ফটো অংকন কৰা হ’ব।

এই সময়চোৱাত শৰ্মাই জুবিন ক্ষেত্ৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে,” চাৰ্জশ্বীট দাখিলৰ পাছত যিয়েই জুবিন গাৰ্গৰ সমাধিত মদ খাই যাব বা মদ ঢালিব তাকেই গ্ৰেপ্তাৰ কৰা হ’ব। এনেই গ্ৰেপ্তাৰ নকৰো, চোঁচৰাই নি গ্ৰেপ্তাৰ কৰা হ’ব। কেৱল চাৰ্জশ্বীট দিয়ালৈ অপেক্ষা কৰি থকা হৈছে। জীয়াই থকা সময়ত জুবিন আমাৰ জাতীয় সম্পদ বুলি কোৱা অসমৰ একমাত্ৰ ৰাজনীতিক মই। তেতিয়াটো অখিল গগৈয়ে একো কোৱা নাছিল। মৃত্যুৰ পাছত ৰাতিৰ ভিতৰত বহুত অনুৰাগী ওলাল। আমাৰ বহু বুদ্ধিজীৱিয়ে সমাধিত গৈ অনুৰাগীয়ে মদ খাই যোৱাটো সমৰ্থন কৰাটো মই দুখ পাওঁ”।

শৰ্মাই আৰু কয় যে, ”ভূপেন হাজৰিকাক মানুহে মানুহৰ বাবে, শ্বহীদ প্ৰণামো তোমাক গীতৰ বাবে চিনি পায় ।জুবিনক কি মদ, চাধাৰ বাবে চিনি পাব? জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খোৱা কথাটো আনুষ্ঠানিক হোৱালৈ অপেক্ষা কৰি আছো”।

 

অন্য খবৰ পঢ়কঃ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণাঃ কোনটো পৰীক্ষা কোনদিনা অনুষ্ঠিত হ’ব, চাওক তালিকা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব