পুনৰ প্ৰৱৰ্তন কৰা হ’ব নীতিশিক্ষাৰ পাঠ্যপুথি…

সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, 'এসময়ত পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত নীতিশিক্ষাৰ পাঠ হিচাপে পঢ়া 'চৰিত্ৰ পাঠ' শীৰ্ষক মহা মূল্যৱান কিতাপখন পুনৰবাৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই সিদ্ধান্ত আদৰণীয় হ'ব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ৷'

পুনৰ প্ৰৱৰ্তন কৰা হব নীতিশিক্ষাৰ পাঠ্যপুথি...

নীতিশিক্ষাৰ পাঠ্যপুথি

Updated On: 

25 Sep 2024 | 07:00 AM

বিদ্যালয়ৰ পৰ্যায়ত নীতিশিক্ষাৰ পাঠ্যপুথি পুনৰ প্ৰৱৰ্তন কৰা হ’ব । ইতিমধ্যে এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘এসময়ত পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত নীতিশিক্ষাৰ পাঠ হিচাপে পঢ়া ‘চৰিত্ৰ পাঠ’ শীৰ্ষক মহা মূল্যৱান কিতাপখন পুনৰবাৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই সিদ্ধান্ত আদৰণীয় হ’ব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ৷’

সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এখন মানৱীয়, সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আদিপাঠ হিচাপে এই গ্ৰন্থখনে যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে, এই পাঠপুথিখন পূৰ্বে পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অন্তৰ্ভুক্ত আছিল । কিন্তু এইবাৰ এই পুথিখন তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

এই পুথিখনৰ সূচীপত্ৰ কেনেধৰণৰ আছিল ?

যেতিয়া এই পুথিখন বিদ্যালয়ৰ পৰ্যায়ত অন্তৰ্ভুক্ত আছিল তেতিয়া এই পুথিখনত মুঠ ৬ টা অধ্যায় আছিল । এই পুথিখনৰ প্ৰতিটো অধ্যায়ৰ জৰিয়তে বিদ্যালয়ৰ পৰ্যায়তে ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় নীতিশিক্ষা দিবলৈ চেষ্টা কৰা হৈছিল । পুথিখনৰ প্ৰথম খণ্ডৰ প্ৰথমটো অধ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ ‘নিজৰ প্ৰতি থকা কৰ্তব্য’ৰ বিষয়ে উল্লেখ কৰা হৈছিল ।

একেদৰে পুথিখনৰ দ্বিতীয়টো অধ্যায়ত আছিল ‘জীৱ-জন্তু, গছ-গছনি আৰু সাধাৰণতে প্ৰকৃতিৰ প্ৰতি আমাৰ কৰ্তব্য’। তৃতীয় অধ্যায়ৰ প্ৰথম পৰিচ্ছেদত আছিল ‘প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য’ আৰু দ্বিতীয় পৰিচ্ছেদত আছিল ‘আনৰ মনোভাৱৰ প্ৰতি সন্মান আৰু আনৰ মতামতৰ প্ৰতি সন্মান’ ।

চতুৰ্থ অধ্যায়ত তিনিটা পৰিচ্ছেদ আছিল । প্ৰথমটো পৰিচ্ছেদত আছিল ‘শিষ্টাচাৰ আৰু সজ আচৰণ’, দ্বিতীয়টো পৰিচ্ছেদত আছিল ‘গুৰুজনৰ প্ৰতি সজ আচৰণ’ আৰু তৃতীয় পৰিচ্ছেদত আছিল ‘পিতৃ-মাতৃৰ প্ৰতি আচৰণ’ । একেদৰে পঞ্চম অধ্যায়ত দুটা পৰিচ্ছেদ আছিল । প্ৰথমটো পৰিচ্ছেদ আছিল ‘পাপ কিহক বোলে’ আৰু দ্বিতীয় পৰিচ্ছেদত আছিল ‘পুণ্য কিহক বোলে’ । শেষত অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে ‘সত্যবাদিতা’ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব