মেঘালয়ৰ মুখ্যমন্ত্ৰীক নম্ৰতা বৰাৰ মৃত্যুৰ উচিত তদন্তৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
২৫ বছৰীয়া নম্ৰতা বৰাৰ মৃত্যুৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক ন্যায্য আৰু নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, "যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।"

নম্ৰতা বৰাৰ মৃত্যুৰ উচিত তদন্তৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
শ্বিলঙলৈ ফুৰিব গৈ মৃত্যুক সাৱতি লোৱা নম্ৰতাৰ মৃত্যু ক্ৰমাৎ ৰহস্যজনক হৈ আহিছে। ৪ জুনৰ নিশা প্ৰায় ১.৩০ বজাত গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ পৰা প্ৰজ্ঞা বৰা, মৃগাংক বৰুৱা, গায়ত্ৰী বৰুৱা আৰু আন্নায়াতুল ৱাদুদৰ সৈতে শ্বিলঙলৈ ওলাই গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। কিন্তু ৪ জুনৰ পুৱা মেঘালয়ৰ ৰিভয় জিলাত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় নম্ৰতাৰ। ইয়াৰ বিপৰীতে সামান্য পৰিমাণে আহত হৈছে বাকীকেইজন বন্ধু। পৰিয়ালক জনোৱা হৈছিল যে নম্ৰতাহঁতৰ বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । শিলঙৰ পৰা গুৱাহাটীলৈ উভতি আহি থকা অৱস্থাত পুৱা প্ৰায় ৪:৪৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
এই দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ তুলিছে। এই সন্দৰ্ভত পৰিয়ালে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত ন্যায়ৰ দাবী জনায়। ইয়াৰ পিছতে ২৫ বছৰীয়া নম্ৰতা বৰাৰ মৃত্যুৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক ন্যায্য আৰু নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।”
I request Hon’ble Chief Minister of Meghalaya, Shri @SangmaConrad, to kindly look into a tragic incident that occurred near Nongpoh Police Station in the early hours of Wednesday, June 4.
A vehicle bearing Assam registration number AS 01 EV 9578 met with an accident, resulting…
— Himanta Biswa Sarma (@himantabiswa) June 7, 2025
লগতে মুখ্যমন্ত্ৰীয়ে লিখিছে, “AS 01 EV 9578 পঞ্জীয়ন নম্বৰযুক্ত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, আনহাতে আন চাৰিজন সহযাত্ৰীয়ে সামান্য আঘাতহে পায়। নংপো আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। তথাপি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।”
সাংবাদিক আগত মুখ্যমন্ত্ৰীয়ে কয়, “নম্ৰতা বৰাৰ ঘটনাক লৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্ত আৰম্ভ কৰিব মেঘালয় আৰক্ষীয়ে। গুৱাহাটীতো আমি প্ৰাথমিক অনুসন্ধান এটা আৰম্ভ কৰিছোঁ।”
এই উদ্বেগৰ মাজতে আৰক্ষীক দিয়া ভাষ্যত অমিল থকাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগীৰ পৰিয়ালে সম্যক তদন্তৰ দাবী জনাইছে। সামাজিক মাধ্যমত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দুৰ্ঘটনাৰ পূৰ্বে বাহনখনৰ ভিতৰত পাঁচজন ব্যক্তিক দেখা গৈছে বুলি জানিব পৰা গৈছে । কিন্তু এফআইআৰত ছয়জন থকাৰ কথা উল্লেখ কৰা হৈছে। খবৰ অনুসৰি বাহনখন এ আই ইউ ডি এফৰ বিধায়কৰ পুত্ৰই চলাইছিল।