মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিঞাসকল শান্তি থাকিব নোৱাৰে: হিমন্ত বিশ্ব শৰ্মা

নিজৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয়,  "জুবিনৰ সমাধিত নামাজ পঢ়িলেও তেওঁলোক সাৰি যাব নোৱাৰিব । মই মুখ্যমন্ত্ৰী পদত থকালৈ অবৈধ মিঞাসকল চিন্তাত থাকিব লাগিব।মই নাথাকিলে বেলেগ কথা।"

মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিঞাসকল শান্তি থাকিব নোৱাৰে: হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma Reaffirmed That Eviction

Updated On: 

04 Nov 2025 | 11:59 AM

অসমক বেদখল মুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি পুনৰ এবাৰ স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈকে  অবৈধ মিঞাসকল শান্তি থাকিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰে কৰে। জামুগুৰিহাটত আনুষ্ঠানিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত  ড০ শৰ্মাই কয়, “উচ্ছেদ অব্যাহত থাকিব ।আজিও বিশ্বনাথ জিলাৰ বিহালী অঞ্চলত জাননী প্ৰদান কৰা হৈছে। মই মুখ্যমন্ত্ৰী থকালৈ অবৈধ মিঞাসকলৰ শান্তি নাই।”

মুখ্যমন্ত্ৰীৰ এই মন্তব্যই পুনৰবাৰ ভূমি বেদখলৰ বিষয়ত তেওঁৰ চৰকাৰৰ কঠোৰ স্থিতিৰ ওপৰত আলোকপাত কৰে।  বিশেষকৈ যিবোৰ অঞ্চলত বাংলাভাষী মুছলমানসকলে অবৈধ বসতি স্থাপন কৰিছে। নিজৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয়,  “জুবিনৰ সমাধিত নামাজ পঢ়িলেও তেওঁলোক সাৰি যাব নোৱাৰিব । মই মুখ্যমন্ত্ৰী পদত থকালৈ অবৈধ মিঞাসকল চিন্তাত থাকিব লাগিব।মই নাথাকিলে বেলেগ কথা।”

ইফালে ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশনৰ সময়ত চৰকাৰে বহুবিবাহ নিষিদ্ধকৰণৰ বিধেয়ক উত্থাপন কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদৰ প্ৰসংগত ড০ শৰ্মাই কয় যে, এই উচ্ছেদ চৰকাৰৰ ৰাজহুৱা ভূমি সুৰক্ষা আৰু অবৈধ দখলৰ আশে-পাশে গঢ় লৈ উঠা  বিভিন্ন অনৈতিক কাৰ্যকলাপ ধ্বংস কৰা পৰিকল্পনাৰ অংশ।

উল্লেখ্য যে,  অসম চৰকাৰে চৰকাৰী আৰু বনভূমিত অবৈধ বেদখলক লক্ষ্য কৰি ২০২১ চনৰ পৰা ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাই আহিছে। কিন্তু সমালোচক আৰু বিৰোধী দলসমূহে অভিযোগ কৰিছে যে এই কাৰ্যকলাপে বাংলাভাষী মুছলমান সম্প্ৰদায়ৰ সদস্যসকলৰ ওপৰত প্ৰতিকুল প্ৰভাৱ পৰিছে।

২০২১ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিজেপি নেতৃত্বাধীন চৰকাৰে দৰং, নগাঁও, বৰপেটা, হোজাই, বিশ্বনাথ আদি জিলাকে ধৰি একাধিক উচ্ছেদ অভিযান চলাই আহিছে। ইফালে এই বিষয়টোৱে ৰাজ্যত তীব্ৰভাৱে ৰাজনৈতিক আৰু সামাজিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব