শ্ৰীভূমিত অসম আৰক্ষীৰ জালত ১১ জন ‘নমতা আলহী’, মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ মন্তব্য…

অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰি আহিছে। কালি নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নিজা ফেচবুক একাউণ্ট যোগে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিহত কৰাৰ তথ্য সদৰী কৰিছে।

শ্ৰীভূমিত অসম আৰক্ষীৰ জালত ১১ জন ‘নমতা আলহী’, মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ মন্তব্য...

১১ অনুপ্ৰৱেশকাৰীক উভতালে আৰক্ষীয়ে

Updated On: 

01 Dec 2025 | 10:35 AM

সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে। বিগত সময়ছোৱাত বাংলাদেশী নাগৰিকৰ ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশৰ চেষ্টাৰ এনে বহুকেইটা ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ অসমৰ সীমাৰে অনুপ্ৰৱেশৰ চেষ্টা কৰি বহু বাংলাদেশী নাগৰিক নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰিছে। নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে সীমান্তত টহলদাৰী বৃদ্ধি কৰিছে। অনুপ্ৰৱেশৰ এই সমস্যাৰ বিৰুদ্ধে অসম চৰকাৰেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে।

বিগত সময়ছোৱাত সীমান্তত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰা বহু বাংলাদেশী নাগৰিকক উভতাই পঠিয়াইছে। সীমান্ত সুৰক্ষা বাহিনীসহ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীসমূহৰ সমান্তৰালকৈ অসম আৰক্ষীয়ে এই অভিযানত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে।

অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰি আহিছে। কালি নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নিজা ফেচবুক একাউণ্ট যোগে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিহত কৰাৰ তথ্য সদৰী কৰিছে।

ফেচবুক পোষ্টটোত তেওঁ উল্লেখ কৰা মতে শ্ৰীভূমি জিলাত আৰক্ষীয়ে ১১ গৰাকী অনুপ্ৰৱেশকাৰীক ধৰা পেলাইছে আৰু নিজ দেশলৈ ঘূৰাই পঠাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুপ্ৰৱেশকাৰীসকলক নমতা আলহী আখ্যা দিছে। শনিবাৰে নিশা আৰক্ষীয়ে এই সফলতা লাভ কৰা বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোষ্টটোত লিখিছে, “ঠাণ্ডাময় মাজনিশাবোৰত যেতিয়া চৌদিশ শুই পৰে, নমতা আলহীয়ে সেই সুযোগতে হাতত সাৰে ভৰিত সাৰে অসমলৈ সোমোৱাৰ প্ৰয়াস কৰে৷ কিন্তু সেই প্ৰয়াসক ব্যৰ্থ প্ৰমাণিত কৰিবলৈ সদাসষ্টম আমাৰ অসম আৰক্ষী৷”

“কালি নিশাও শ্ৰীভূমি আৰক্ষীৰ কবলত পৰে ১১গৰাকীকৈ ‘নমতা আলহী’৷ আৰক্ষীয়ে তেওঁলোকক অহাৰ দৰেই ওভতাই আঁতৰাই পঠিয়ায় নিজ দেশলৈ।”- পোষ্টটোত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে এনে সক্ৰিয়তাৰ বাবে অসম আৰক্ষীৰ শলাগ লয়৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...