মহিলাই মহিলাক কৰা তালাচীত কোনো বাধা থাকিব নোৱাৰে: ADREৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে আৰক্ষীয়ে প্ৰাৰ্থীসকলক শ্ৰদ্ধা-সন্মান আৰু সৌজন্যতা বৰ্তাই ৰাখি তালাচী কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।আশা, অংগনবাড়ী কৰ্মীৰ উপস্থিতিত হ'ব যুৱতী পৰীক্ষাৰ্থীৰ তালাচী কৰা হ'ব বুলি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। "যদি একে লিংগৰ লোকে তালাচী কৰিলে তাত কোনো বাধা থাকিব নোৱাৰে।"

মহিলাই মহিলাক কৰা তালাচীত কোনো বাধা থাকিব নোৱাৰে: ADREৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

ADREৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

Updated On: 

22 Sep 2024 | 03:38 PM

ADREৰ নিযুক্তি পৰীক্ষাৰ তালাচী প্ৰক্ৰিয়াক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে আৰক্ষীয়ে প্ৰাৰ্থীসকলক শ্ৰদ্ধা-সন্মান আৰু সৌজন্যতা বৰ্তাই ৰাখি তালাচী কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
আশা, অংগনবাড়ী কৰ্মীৰ উপস্থিতিত হ’ব যুৱতী পৰীক্ষাৰ্থীৰ তালাচী কৰা হ’ব বুলি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ফেচবুক লাইভযোগে ADREৰ পৰীক্ষা কেন্দ্ৰত হ’বলগীয়া তালাচীক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, “তালাচীক লৈ নলবাৰীত এটা সমস্যা দেখা গৈছে। আমি এই কেইদিন নেচনেল ওমেন কমিচন, ওমেন কমিচন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত তালাচী কেনেকৈ কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। সকলোৱে এটাই উত্তৰ দিছে, যদি একে লিংগৰ লোকে তালাচী কৰিলে তাত কোনো বাধা থাকিব নোৱাৰে। অৰ্থাৎ মহিলাই মহিলাৰ আৰু পুৰুষে পুৰুষৰ তালাচী চলাব পাৰে। তালাচী নকৰিলে বিমানত উঠিব নোৱাৰে। সেইধৰণে পৰীক্ষা হলৰ বাহিৰত একে লিংগৰ মানুহৰ দ্বাৰা পৰীক্ষা কৰিবই লাগিব।”

মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “তালাচীৰ সময়ত সন্মতি লোৱা হ’ব। এই ক্ষেত্ৰত সম্পূৰ্ণ সৌজন্যতা বজাই ৰাখিম। এইবাৰ পৰীক্ষাকেন্দ্ৰত ছোৱালীসকলৰ তালাচীৰ ক্ষেত্ৰত অতিৰিক্তভাৱে আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মী উপস্থিত থাকিব। যাতে সৌজন্যতা ৰক্ষা কৰি তালাচী চলোৱা হৈছে বুলি তেওঁলোকে প্ৰমাণিত কৰিব পাৰে। মই ভাবো ইয়ে আন এক বিতৰ্কৰ অন্ত পেলাব পেলাব।”

ইয়াৰ পুৰ্বেও ADREৰ পৰীক্ষা কেন্দ্ৰৰ তালাচীক লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছিল, “নিযুক্তি পৰীক্ষাত অব্যাহত থাকিব মহিলা তালাচী অভিযান। এইবাৰ বিমান বন্দৰৰ আৰ্হিত তালাচী চলোৱা হ’ব নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক। আপত্তি থাকিলে আছুতীয়াকৈ পৰীক্ষা দিব লাগিব পৰীক্ষাৰ্থীয়ে।” কোনোৱে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে নিযুক্তি পৰীক্ষাত তন্নতন্নকৈ তালাচী হ’বই বুলি স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে ১৫ ছেপ্তেম্বৰ দেওবাৰেত ৰাজ্যত অনুষ্ঠিত হৈছিল ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা।পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত আৰম্ভ হৈছিল বিতৰ্কৰ। এই বিষয়টোক লৈ সামাজিক মাধ্যমত হৈছিল ব্যাপক চৰ্চা। তালাচী সময়ত যুৱতী প্ৰাৰ্থীৰ গোপন অংগত হাত দিয়া বুলি উত্থাপন হৈছিল অভিযোগ। লগতে মহিলাৰ কাপোৰৰ লগতে চেনিটাৰি পেড খুলি তালাচী চলোৱাৰ অভিযোগ কৰিছিল একাংশ।

ইযাৰ উপৰিও ADREৰ নিযুক্তি পৰীক্ষাক লৈ আন কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই। অহা ২৭ তাৰিখৰ পৰা ছেবা কাৰ্যালয়ত গৈ আবেদনৰ জৰিয়তে ৫০ টকাৰ বিনিময়ত নিযুক্তি পৰীক্ষাৰ OMR SHEETৰ প্ৰতিলিপি সংগ্ৰহ কৰিব পাৰিব প্ৰাৰ্থীয়ে। আনহাতে, ২৮ তাৰিখৰ পৰা লাভ কৰিব ANSWER KEYও।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...