ৰাজ্যত কেতিয়া বাস্তৱায়িত হ’ব বেদান্ত গ্ৰুপৰ ৫০০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি ?

ৰাজ্য়খনত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল বেদান্ত গ্ৰুপে। শেহতীয়াকৈ এই বিষয়ত বেদান্ত গ্ৰুপৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

ৰাজ্যত কেতিয়া বাস্তৱায়িত হব বেদান্ত গ্ৰুপৰ ৫০০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি ?

বেদান্ত গ্ৰুপৰে বৈঠক মুখ্য়মন্ত্ৰীৰ

manas-borah
Published: 

15 Apr 2025 13:36 PM

এডভাণ্টেজ আছাম ২.০ ৰ সময়ত ৰাজ্য়খনত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল বেদান্ত গ্ৰুপে। শেহতীয়াকৈ এই বিষয়ত বেদান্ত গ্ৰুপৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বৈঠকত তেওঁলোকৰ বিনিয়োগ অগ্ৰগতি তথা বিনিয়োগৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰাৰ ওপৰত আলোচনা হয় ।

ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই ঘোষণা কৰিছিল যে, আগন্তুক ৩-৪ বছৰত এই বেদান্ত গ্ৰুপে অসম আৰু ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। এই সন্দৰ্ভত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মৰ জৰিয়তে কয় যে,”এডভাণ্টেজ আছাম ২.০ ত আমি ৫.১৯ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছিলোঁ । ইয়াৰে ভিতৰত বেদান্ত গ্ৰুপে ৰাজ্যত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।”


তেওঁ লগতে কয় যে, আজি বেদান্তৰ প্ৰতিনিধিসকলৰ সৈতে এক বিস্তৃত বৈঠকত মিলিত হৈছিলো । বৈঠকত বিশেষকৈ শক্তি অন্বেষণ আৰু ড্ৰিলিঙৰ ক্ষেত্ৰত এই বিনিয়োগসমূহ বাস্তৱায়িত কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিলোঁ । তেওঁ কয়, “দিয়া প্ৰতিশ্ৰুতি যাতে পূৰ হয় সেয়া নিশ্চিত কৰাতকৈ ব’হাগৰ উত্তম আৰম্ভণি নাই। আৰু ইমানেই সন্তুষ্টিদায়ক ৷ লগতে এই বিত্তীয় বৰ্ষত ডাঙৰ অংশ বিনিয়োগৰ প্ৰস্তাৱৰ সংখ্যাগৰিষ্ঠই যাতে বাস্তৱায়িত হয় সেই ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিছে বুলি কয় মুখমন্ত্ৰীয়ে।

“এনে বিনিয়োগৰ জৰিয়তে আমি প্ৰতিদিনে ১,০০,০০০ বেৰেল তেল আৰু গেছ উৎপাদন কৰিম, যাৰ ফলত অঞ্চলটোক হাইড্ৰ’কাৰ্বন হাব হিচাপে পৰিগণিত হ’ব। ইয়াৰ দ্বাৰা ১ লাখ যুৱক-যুৱতীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুযোগো সৃষ্টি হ’ব।” এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...
ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা
কৰ্মস্থলীত কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰি? অফিচৰ সময়ত অহা টোপনিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানক
চিংৰা দেখিলেই ওলায় লোভৰ পানী, পিছে লোভ সম্বৰণ নকৰিলেই এইসকল লোকৰ হ’ব বিপদ