ডিব্ৰুগড়ত ৫০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত ৫০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে জিলাখনৰ উচ্চ শিক্ষা, স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি, আৰু সংযোগ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।

ডিব্ৰুগড়ত ৫০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

24 Jul 2025 18:09 PM

সম্প্ৰতি ড্ৰিব্ৰুগড় ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জিলাখনৰ সামগ্ৰিক উন্নয়ৰ বাবে ৫০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে জিলাখনৰ উচ্চ শিক্ষা, স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি, আৰু সংযোগ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই ভ্ৰমণৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নতুন শিক্ষক কোৱাৰ্টাৰ আৰু ছাত্ৰ হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে।

সৰ্বমুঠ ৫৯৪ বিঘাজুৰি বিস্তৃত এই ৩৫৭ কোটি টকাৰ প্ৰকল্পৰ জৰিয়তে চিকিৎসা মহবিদ্যালয়খনৰ আৱাসিক আৰু শৈক্ষিক সুবিধাসমূহ উন্নত কৰি তুলিব বিচৰা হৈছেঅসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ এই অনুষ্ঠানত অংশ লোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকিৎসা মহাবিদ্যালয়খনত উন্নীত কৰাটো ৰাজ্য চৰকাৰৰ এক মূল প্ৰতিশ্ৰুতি আছিল।

এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱাৰ বাবে তেওঁ গৌৰৱান্বিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়। ইফালে তেওঁ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু প্ৰধানমন্ত্ৰী উচ্চতাৰ শিক্ষা অভিযান (PM-USHA)ৰ অধীনত ১৪৬.৪৩ কোটি টকাৰ আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্প আৰম্ভ কৰে।

এই প্ৰকল্পৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ অধীনত বিশ্ববিদ্যালয়খনৰ নতুন ছোৱালী হোষ্টেল, আভ্যন্তৰীণ পথ মেৰামতি, টাইপ-IV কৰ্মচাৰীৰ আৱাস, আধুনিক ক্ৰীড়া কমপ্লেক্স আৰু এটা জিমনেছিয়াম নিৰ্মাণ কৰা ব। ইয়াৰ উপৰিও PM-USHA অধীনত অত্যাধুনিক শৈক্ষিক ভৱন, গৱেষণা আৰু ইনকিউবেচন কেন্দ্ৰ, এটা উন্নত পুথিভঁৰাল আৰু কম্পিউটাৰ লেবৰ বাবে ধন আগবঢ়োৱা ব।

তেওঁ লগতে নাহৰকটীয়াত মুঠ ১৩০ কোটি টকাৰ আন এক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ আধাৰত সহ-জিলা উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ, নামৰূপ-নাহৰকটীয়া পথত পথৰ অভাৰব্ৰিজ নিৰ্মাণ, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কোঁৱৰীগাঁও হাইস্কুলৰ বাবে নতুন অট্টালিকা নিৰ্মাণ, নিবেদিত হকী ষ্টেডিয়াম, আই টি আই নাহৰকটীয়াত টাটা চেণ্টাৰ অৱ এক্সেলেঞ্চ নিৰ্মাণ কৰা ব।

উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক
বাৰীৰ কলপাতত আছে আপোনাৰ জেপৰ ধন ৰাহি কৰাৰ যাদু! জানেনে কলপাতত আহাৰ খোৱাৰ উপকাৰিতা কিমান?
সপোনত কেতিয়াবা ওপৰৰ পৰা পৰি যোৱা দেখিছে নেকি? কি সূচায় এনে সপোনে?