অসমৰ মহিলাসকল এক বিশাল শক্তিলৈ পৰিণত হৈছে: মুখ্যমন্ত্রী
সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, "মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ আৰ্হিত বিহাৰ চৰকাৰে একেধৰণৰ এখন আঁচনি ইতিমধ্যে মহিলাসকলৰ বাবে ৰূপায়ণ কৰিছে। অসমৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা এই অভিযানৰ বিষয়ে দেশজুৰি চৰ্চা হৈছে আৰু ইয়াৰ ৰূপায়ণ সন্দৰ্ভত বুজ লোৱাৰ বাবে অসম চৰকাৰৰ লগত যোগাযোগ কৰিছে আন কেইবাখনো ৰাজ্যৰ চৰকাৰে।"

টিহুত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ
আজি নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। টিহু বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৩৩,৪৩১ গৰাকী উদ্যমী মহিলালৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্রদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রীয়ে। চেক লাভ কৰা মহিলাসকলৰ ভিতৰত ৩২,৮৩৩ গৰাকী গ্রামাঞ্চলৰ আৰু ৫৯৮ গৰাকী নগৰাঞ্চলৰ।
সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, “মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ আৰ্হিত বিহাৰ চৰকাৰে একেধৰণৰ এখন আঁচনি ইতিমধ্যে মহিলাসকলৰ বাবে ৰূপায়ণ কৰিছে। অসমৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা এই অভিযানৰ বিষয়ে দেশজুৰি চৰ্চা হৈছে আৰু ইয়াৰ ৰূপায়ণ সন্দৰ্ভত বুজ লোৱাৰ বাবে অসম চৰকাৰৰ লগত যোগাযোগ কৰিছে আন কেইবাখনো ৰাজ্যৰ চৰকাৰে।”
তেওঁ লগতে কয়, “অসম চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ আৰ্হি ছত্তিশগড়, কর্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ৰূপায়ণ কৰা হৈছে। মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ বিষয়ে জানিবৰ বাবে কেইবাখনো ৰাজ্যই অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিছে।” মুখ্যমন্ত্ৰীয়ে কয় যে বিগত পাঁচ বছৰত মহিলা সবলীকৰণ, মহিলাসকলক সমাজৰ সম্মুখলৈ অনাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ ওপৰত সমগ্র দেশে চকু ৰাখিছে।”
ড° শৰ্মাই কয় ” অসমৰ ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে। তেওঁ কয় যে অসমৰ মহিলাসকলে ঘৰখনৰ অর্থনৈতিক উন্নতিত সহযোগিতা কৰিব বিচাৰে। সেয়ে অসমত ৪ লাখ আত্মসহায়ক গোটত ৪০ লাখ মহিলা জড়িত হৈ আছে। অসমৰ মহিলাৰ এই গোটসমূহে বেংকৰ পৰা ২১ হাজাৰ কোটি টকাৰ ঋণ লৈছে আৰু ইয়াৰ ৯৯ শতাংশ ধন সময়ত পৰিশোধ কৰিছে। ইয়ে প্ৰমাণ কৰে অসমৰ মহিলাসকলক আগবঢ়াই দিলে তেওঁলোক সফল হ’বই। অসমৰ মহিলাই কষ্ট কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে বহুতে নিজকে লাখপতি আৰু মহালাখপতি বাইদেউ হিচাপে প্রতিষ্ঠা কৰিব পাৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
ড° শৰ্মাই কয় যে অসমৰ বহু মহিলাই এনেদৰে নিজকে আর্থিকভাৱে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে আৰু আন বহু মহিলাই মনৰ ইচ্ছা থকা সত্বেও ধনৰ অভাৱত আগবাঢ়িব পৰা নাই। অসম চৰকাৰে এই মহিলাসকলৰ কথা চিন্তা কৰিছে। চৰকাৰে নাৰী সমাজৰ বাবে অৰুণোদয়, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আঁচনি, মেধাৱী ছাত্ৰীক স্কুটাৰ প্ৰদান, ছাত্ৰীক চাইকেল প্ৰদানৰ দৰে পদক্ষেপ গ্রহণ কৰিছে আৰু ফলত অসমৰ মহিলাসকল এক বিশাল শক্তিলৈ পৰিণত হৈছে। অৰুণোদয়ৰ দৰে আঁচনিয়ে ঘৰত মহিলাসকলৰ সন্মান বৃদ্ধি কৰিছে। মহিলাসকলে চৰকাৰৰ পৰা লাভ কৰা সমুদায় ধন ঘৰৰ বাবে খৰচ কৰে হেতুকে চৰকাৰে পৰিয়ালৰ বাবে দিয়া ধন মহিলাসকলকহে দিয়ে বুলি তেওঁ কয়।
মুখ্যমন্ত্রী ড° শর্মাই কয় যে, টিহু বিধানসভা সমষ্টিত ২৮,১০০ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে। অতিৰিক্ত আৰু তিনি হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ’ব। ৬১ হাজাৰ পৰিয়ালে ৰেচন কার্ড পাইছে। ৩,৫৭৬ গৰাকী ছাত্রীয়ে নিযুত মইনা আঁচনি লাভ কৰিছে। মুকালমুৱা-জাগাৰা-বনগাঁও সংযোগী পথৰ নিৰ্মাণৰ কাম চলি আছে, আখাৰা-শিয়ালমাৰী পথটো নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। বিল্বেশ্বৰ দেৱালয়ৰ সৌন্দৰ্য বৰ্ধনৰ কাম চলি আছে। সমষ্টিটোত উন্নয়নমুখী কাম অব্যাহত থাকিব বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে।