অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি, কোনে কৰিব পাৰিব আবেদন?

দিনৰ ১১ বজাত লোকসেৱা ভৱনত ‘অৰুণোদয় ৩.০’ আঁচনিৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।অৰুণোদয় ৩.০ত নি:কিন মহিলা, দিব্যাংগ, বিধৱা, তৃতীয় লিংগ আৰু অন্যান্য দুৰ্বল লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদানৰ হেতু অগ্ৰাধিকাৰ দিয়া হ’ব। ২ লাখ টকাৰ তলৰ বার্ষিক উপাৰ্জন থকা পৰিয়ালবোৰ আবেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব।

অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি, কোনে কৰিব পাৰিব আবেদন?

অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি

Published: 

19 Sep 2024 15:23 PM

৩৭.২ লাখ নতুন হিতাধিকাৰী সংযোজনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হ’ল অৰুণোদয় ৩.০ আঁচনি। দিনৰ ১১ বজাত লোকসেৱা ভৱনত ‘অৰুণোদয় ৩.০’ আঁচনিৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় ৩.০ত নি:কিন মহিলা, দিব্যাংগ, বিধৱা, তৃতীয় লিংগ আৰু অন্যান্য দুৰ্বল লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদানৰ হেতু অগ্ৰাধিকাৰ দিয়া হ’ব। ২ লাখ টকাৰ তলৰ বার্ষিক উপাৰ্জন থকা পৰিয়ালবোৰ আবেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব। এই আঁচনিত মাহিলি ৪৬৭ কোটি টকা ব্যয় কৰিব চৰকাৰে।

আঁচনিখনৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “অৰুণোদয় আঁচনি সবাতোকৈ শক্তিশালী আঁচনি। ১৮ খন আঁচনিৰ অন্যতম অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিত সংযোজন হ’ব ১০ হাজাৰকৈ হিতাধিকাৰী। ২৪.৬০ লাখ লোকক প্ৰদান কৰি আছো অৰুণোদয় আঁচনি। ৩৭.২ লাখলৈ বৃদ্ধি পাব হিতাধিকাৰীৰ সংখ্যা। PMৰ জন ধন একাউণ্টেৰে লাভ কৰে এই ধনৰাশি। প্ৰথমে এই ধনৰাশিৰ পৰিমাণ আছিল ৮৩০ টকা। ক’ভিডৰ সময়ত ১৭০ টকা বৃদ্ধি কৰা হ’ল ধনৰাশি। বৰ্তমান আৰু ২৫০ টকা বৃদ্ধি কৰা হ’ল এই ধনৰাশি। বৰ্তমান হিতাধিকাৰীয়ে লাভ কৰিব ১,২৫০ টকা।”

লগতে সামাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “জনসাধাৰণৰ পুষ্টি, বিত্তীয়, চিকিৎসা আৰু আনুষংগিক প্ৰয়োজনীয়তা সামৰি লোৱা এই কল্যাণমূলক পদক্ষেপসমূহে এক বিস্তৃত সামাজিক সুৰক্ষা বর্তনী সৃষ্টি কৰিব। এয়া আছিল লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনসাধাৰণক দিয়া আমাৰ প্ৰতিশ্ৰুতিৰ অংশ আৰু নিৰ্বাচন হৈ যোৱাৰ ১০০ দিনৰ ভিতৰতে প্রতিশ্রুতিসমূহ পূৰণ কৰিবলৈ পাই সুখী অনুভৱ কৰিছোঁ।”

ইয়াৰ উপৰিও ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ লাভালাভ সম্প্ৰসাৰিত কৰা আঁচনিৰ অধীনত নতুনকৈ ১২ লাখ হিতাধিকাৰীৰ সংযোজন কৰা হৈছে। যিসকলে প্ৰতি মাহে বিনামূলীয়া খাদ্য সামগ্রী লাভ কৰিবলৈ যোগ্য হ’ব। এই আঁচনিত প্ৰতি মাহে ৪৪০ কোটি টকাৰো অধিক ব্যয় কৰিব চৰকাৰে। উল্লেখ্য যে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ কাৰ্ডসমূহত আয়ুষ্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসাও অন্তৰ্ভুক্ত থাকিব।

উল্লেখ্য যে, এইবাৰ ‘অৰুণোদয় ৩.০’ আঁচনিৰ বাবে প্ৰায় ১০ লাখ আবেদন গ্ৰহণ চৰকাৰৰ। এইবাৰৰ পৰা নতুনকৈ ১২.৬০ লাখ পৰিয়ালে পাব এই আঁচনিৰ ধন। মুখ্যমন্ত্ৰীয়ে কয় যে “পূৰ্বৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পুনৰ আবেদন কৰিব লাগিব। অৰুণোদয় ৩.০ পাবলৈ হ’লে থাকিব লাগিব আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড। চৰকাৰী চাকৰি অথবা গাড়ী থাকিলে এই আঁচনিৰ সুবিধা নাপাব হিতাধিকাৰীয়ে।”

 

ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...