“বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়!” উচ্ছেদক লৈ ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ…
উচ্ছেদ প্ৰসংগত বিধায়ক অখিল গগৈৰ মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, অখিল গগৈৰ মতে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় নচলে। এক প্ৰকাৰে অখিল গগৈৰ কথা অসমৰ মুখ্যমন্ত্ৰীয়ে নুশুনে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
য’ত য’ত উচ্ছেদ কৰিব লাগে সেই ঠাইত উচ্ছেদ অভিযান চলাই থকা হৈছে। এই মন্তব্যৰে বেদখলৰ বিৰুদ্ধে চৰকাৰৰ স্থিতি পুনৰ বাৰ স্পষ্ট কৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে বিধায়ক অখিল গগৈৰ মন্তব্যকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, অখিল গগৈৰ মতে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় নচলে। এক প্ৰকাৰে অখিল গগৈৰ কথা অসমৰ মুখ্যমন্ত্ৰীয়ে নুশুনে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন Aqua Tech Park। লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মীন উৎপাদনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি আত্ম নিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যৰে ডিমৰীয়াৰ বগিবাৰীস্থিত আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীয়ে লোৱা এই প্ৰচেষ্টাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে। এই কাৰ্যসূচীত মীন মন্ত্ৰী কৃষ্ণেন্দু পাল, দিছপুৰৰ স্থানীয় বিধায়ক অতুল বৰা, মীন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।
ইয়াৰ পাছতে সাংবাদিকক সম্বোধন কৰি কচুতলীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, বেটেলিয়ান কেম্প হোৱাৰ লগে লগে কচুতলীত নাথাকিব এজনো সন্দেহযুক্ত দখলকাৰী। একে সময়তে অখিল গগৈৰ প্ৰসংগত তেওঁ কয় যে, অখিল গগৈৰ মতে উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় নচলে। সংৰক্ষিত বনাঞ্চলৰ মাটি যদি বেদখল কৰে, যদি তেওঁলোকৰ এই ক্ষেত্ৰত ন্যায়সংগত যুক্তি নাথাকে, তেন্তে উচ্ছেদ কৰিবলৈ চৰকাৰৰ প্ৰতি উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছে। চৰকাৰে বিবেচনাৰ ভিত্তিত য’ত য’ত উচ্ছেদ কৰিব লাগে তাত উচ্ছেদ কৰিছে আৰু কৰি যাব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
তেওঁ কয়, “অখিল গগৈৰ কথা শুনাৰ মোৰ অভ্যাস নাই। আগতেও তেওঁৰ কথা শুনা নাছিলোঁ আৰু ভৱিষ্যতেও তেওঁৰ কথা নুশুনো।” উচ্ছেদ অভিযান বন্ধ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক দাবী জনাইছিল বিধায়ক অখিল গগৈয়ে। ভোটৰ স্বাৰ্থত উচ্ছেদ চলোৱা হৈছে বুলিও অভিযোগ কৰিছে অখিল গগৈয়ে।
ইফালে, টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, টিউটৰ সকলক শিক্ষকলৈ উন্নীতকৰণৰ বাবে B.Ed আৰু TET ত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। কেইবাজনো টিউটৰে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক শিক্ষকলৈ উন্নীতকৰণ কৰা হ’ব। যিসকলে এতিয়াও যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহা চৰকাৰে বৃদ্ধি কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।